চন্দ্ৰপুৰত ডাম্পিং গ্ৰাউণ্ড বিৰোধী মঞ্চৰ প্ৰতিবাদ অব্যাহত

1 min read

চন্দ্ৰপুৰত ডাম্পিং গ্ৰাউণ্ড প্ৰত্যাহাৰৰ দাবীত ডাম্পিং গ্ৰাউণ্ড বিৰোধী মঞ্চই অব্যাহত ৰাখিছে ধাৰাবাহিক প্ৰতিবাদ ৷ চন্দ্ৰপুৰত ডাম্পিং গ্ৰাউণ্ড প্ৰত্যাহাৰৰ সিদ্ধান্ত চাৰকাৰীভাৱে ঘোষণা নকৰা পৰ্যন্ত প্ৰতিবাদী কাৰ্যসূচী অব্যাহত ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ডাম্পিং গ্ৰাউণ্ড বিৰোধী মঞ্চই ৷ শীঘ্ৰে চন্দ্ৰপুৰ ডাম্পিং গ্ৰাউণ্ড স্থাপন কৰা সিদ্ধান্ত প্ৰত্যাহাৰ কৰাৰ দাবীত বৃহস্পতিবাৰৰ দিনৰ 11 বজাত চন্দ্ৰপুৰ তাপবিদ্যুৎ প্ৰকল্প এলেকাত থকা পাৱাৰ গ্ৰীড ঘেৰাও কৰে ডাম্পিং গ্ৰাউণ্ড বিৰোধী মঞ্চৰ সদস্য সকলে ৷

লগতে দিনৰ 2 বজাত ডাম্পিং গ্ৰাউণ্ড বিৰোধী মঞ্চই AEGCL ৰ বিষয়াৰ জৰিয়তে অসম পাৱাৰ জেনেৰেচন কৰ্পোৰেচন লিমিটেড (APGCL) কৰ্তৃপক্ষক এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে ৷

উক্ত স্মাৰক পত্ৰ খনত অহা 25 আগষ্টৰ ভিতৰত APGCL কৰ্তৃপক্ষই পৌৰ নিগমক প্ৰদান কৰা 40 বিঘা ভূমি বাতিল কৰিবলৈ দাবী উত্থাপন কৰে ৷ অন্যথা ৰাইজে বৃহৎ প্ৰতিবাদ সাব্যস্ত কৰিবলৈ বাধ্য হ’ব বুলিও সকীয়াই দিয়ে ৷ উল্লেখ্য যে, বিগত ডেৰ মাহৰো অধিক দিন ধৰি চন্দ্ৰপুৰত ডাম্পিং গ্ৰাউণ্ড স্থাপনৰ বিৰুদ্ধে চন্দ্ৰপুৰ বাসী ৰাইজে প্ৰতিবাদী কাৰ্যসূচী অব্যাহত ৰাখিছে ৷

You May Also Like

More From Author