প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ বেটী বচাও অভিযানে দেশৰ প্রতিখন ৰাজ্যত বিশেষ গুৰুত্ব লাভ কৰাৰ সময়তে এনে অভিযানক অস্তিত্বহীন কৰি অসমত বিগত ৫ বছৰত ধর্ষণৰ বলি হৈছে ১৮,৬৯৩গৰাকী শিশু কন্যা–যুৱতী৷ অর্থাৎ বছৰি প্রায় তিনি হাজাৰতকৈ অধিক আৰু প্রায় প্রতিদিনে ১০টাকৈ অধিক ধর্ষণৰ ঘটনা সংঘটিত হৈছে অসমত৷
বিধানসভাত সোমবাৰে এই ভয়ংকৰ তথ্য দাঙি ধৰিলে গৃহ বিভাগে৷ কংগ্রেছৰ বিধায়ক প্রদীপ সৰকাৰৰ এক প্রশ্নোত্তৰত গৃহ বিভাগে প্রকাশ কৰা তথ্য অনুসৰি ২০১৬ চনৰ পৰা চলিত বর্ষৰ ৩১ জুলাইলৈকে শিশু কন্যা ধর্ষণ সন্দর্ভত ৭,৬০৭টা গোচৰ ৰুজু কৰা হৈছে৷ ইয়াৰে মুঠ ৫,৯২৩টা গোচৰ আৰু ৬,২৪৯জন অপৰাধীৰ বিৰুদ্ধে অভিযোগনামা দাখিল কৰা হৈছে৷
আনহাতে, মহিলা–যুৱতী ধর্ষণৰ সংক্রান্তত ১১,০৮৬টা গোচৰ ৰুজু কৰা হৈছে৷ ইয়াৰে মুঠ ৮,০২০টা গোচৰৰ অভিযোগনামা ৯,১৯৮জন অপৰাধীৰ বিৰুদ্ধে দাখিল কৰা হৈছে৷ শিশু কন্যাৰ বিৰুদ্ধে সর্বাধিক গোচৰ ৰুজু হৈছে ২০১৮–২০১৯ চনত৷ ২০১৮ চনত ১,৭২১টা আৰু ২০১৯ চনত ১,৭৭৯টা গোচৰ ৰুজু হৈছে৷ পৰিতাপৰ বিষয় যে নাৰীজনিত অপৰাধত অসমে এন চি আৰ বিৰ তথ্য অনুসৰি বিগত পাঁচ বছৰে দেশৰ ভিতৰতে ২০১৬ চনৰ পৰা ২০১৯ চনত ৬নং স্থান দখল কৰি আহিছে৷
লক্ষণীয়ভাৱে ৰাজ্যত ধর্ষণৰ ঘটনা ভয়ংকৰভাৱে বৃদ্ধি পোৱাৰ প্রতি লক্ষ্য ৰাখি প্রতিখন আৰক্ষী থানাতে একোখন মহিলা কোষ গঠনৰ কথা আজি বিধানসভাক জানিবলৈ দিয়ে গৃহ বিভাগে৷ গৃহ বিভাগৰ হৈ সংসদীয় পৰিক্রমা মন্ত্রী পীয়ূষ হাজৰিকাই এই তথ্য প্রকাশ কৰি জানিবলৈ দিয়ে যে অসমৰ ২০০খন আৰক্ষী থানাত অ’মেন হেল্প ডেস্ক গঠনৰ কাম চলি আছে৷
তদুপৰি চি আই ডিৰ বিশেষ আৰক্ষী অধীক্ষকৰ অধীনত ৰাজ্যিক পর্যায়ত ক্রাইম এগেইনষ্ট অ’মেন চেল এটা চি আই ডিক প্রদান কৰা হৈছে৷ যাতে জঘন্য অপৰাধবোৰ তদাৰক কৰিব পৰা যায়৷ উল্লেখনীয় দিশটো হ’ল যে ২০১৬ চনৰ পৰা বিগত ৫ বছৰত প্রতিদিনে গড়ে প্রায় ১০টাকৈ ধর্ষণৰ গোচৰ ৰুজু হোৱাৰ সময়তে এইক্ষেত্রত একাংশ চৰকাৰী বিষয়াৰ বিৰুদ্ধেও এনে গোচৰ ৰুজু হৈছে৷ বিধানসভাৰ তথ্য অনুসৰি মহিলাৰ শালীনতা হানি কৰা মুঠ ১৬জন চৰকাৰী কর্মচাৰীৰ বিৰুদ্ধে এই গোচৰ ৰুজু হৈছে৷ খোদ গুৱাহাটী মহানগৰীতে ২০১৬ৰ পৰা ২০১৯ চনলৈ গৃহৰক্ষী জোৱান, আৰক্ষী বিষয়া, উপ–পৰিদর্শক আৰু কনিষ্টবলসহ ১০জন আৰক্ষীৰ বিৰুদ্ধে মহিলাৰ শালীনতা হানি কৰাৰ গোচৰ ৰুজু হৈছে৷ একেদৰে ২০২০ চনত এজন আই পি এছ বিষয়াৰ বিৰুদ্ধেও শালীনতা হানিৰ গোচৰ ৰুজু হৈছে৷
সেয়াই নহয়, মহিলা আৰু কিশোৰীৰ ওপৰত অত্যাচাৰ চলোৱা ৬৫,৮৪৫টা গোচৰ বিগত পাঁচটা বছৰত ৰুজু হৈছে৷ এই গোচৰৰ বিপৰীতে ৩৮,৪১২খন অভিযোগনামা দাখিল কৰা হৈছে৷ বিধানসভাত প্রকাশ কৰা গৃহ বিভাগৰ তথ্য অনুসৰি মহিলা তথা যুৱতীৰ বাবে হোৱা অপৰাধ ৰোধ কৰাৰ বাবে মহিলা কোষ গঠনৰ জৰিয়তে ১৮১ যোগাযোগ নম্বৰ মুকলি কৰা হৈছে৷ মহিলাসকলে ১৮১ নম্বৰত ফোন কৰি জঘন্য অপৰাধসমূহ আৰক্ষীক অৱগত কৰিব পাৰে৷ তেনে ঘটনা নিৰীক্ষণৰ বাবে এগৰাকী জ্যেষ্ঠ আৰক্ষী বিষয়াক দায়িত্ব আৰোপ কৰা হৈছে৷ ইয়াৰ সমান্তৰালকৈ ফেচবুক, টুইটাৰ আদি সামাজিক মাধ্যমত সক্রিয় থাকি চাইবাৰ ক্রাইমৰ সবিশেষ দাখিল কৰাৰ বাবে উদগনি জনোৱা হৈছে৷