পুনৰ ৰঞ্জন দৈমাৰীৰ মুক্তিৰ দাবীত উত্তাল বড়োভূমি

1 min read

চিৰাঙৰ আই নৈৰ পাৰৰ তুলসি ঝোৰাত ৰঞ্জন দৈমাৰীৰ মুক্তিৰ দাবী প্ৰাক্তন এন ডি এফ বিৰ তীব্ৰ প্ৰতিবাদ । বিটিআৰ এলেকাত শান্তি-চুক্তিৰ জৰিয়তে যিসকলে এতিয়া শাসন কৰি আছে, সেয়া তেওঁ কাৰ্য্যবাহী সদস্যই হওক, উপমুখ্য কাৰ্য্যবাহী সদস্যই হওক, ই এম, জি এম তেওঁলোকে বিটিআৰ এলেকাত শান্তিৰ পৰিবেশ বৰ্তাই ৰখাৰ ক্ষেত্ৰত ব্যৰ্থ হৈছে কাৰণে বিটিআৰ এলেকাত নতুন নতুন অস্ত্ৰ ধাৰী উগ্ৰপন্থী সংগঠনৰ আত্মপ্ৰকাশ হৈ আছে বুলি গুৰুতৰ অভিযোগ কৰে প্ৰাক্তন এনডিএফবিৰ নেতা ডি. হাৰিমুৰে ।

বিটিআৰ শান্তি চুক্তিৰ অন্যতম স্বাক্ষৰকাৰী এনডিএফবিৰ প্ৰতিষ্ঠাপক সভাপতি ৰঞ্জন দৈমাৰী ওৰফে নাবলাৰ লগতে জেলত বন্দী হৈ থকা এনডিএফবিৰ নেতা কৰ্মী সকলক অতিশীঘ্ৰে বিনা চৰ্তে মুক্তিৰ দাবীত চিৰাঙৰ আই নৈৰ হাগ্ৰামা দলঙৰ সমীপত প্ৰাক্তন এনডিএফবি ঐক্য মঞ্চৰ উদ্যোগত কেইবা সহস্ৰাধিক পুৰুষ মহিলা, যুৱক যুৱতীৰ উপস্থিতিত অবস্থান ধৰ্মঘট কাৰ্যসূচীত অংশগ্ৰহণ কৰি এনডিএফবিৰ নেতা জনে এই তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে ।

ৰঞ্জন দৈমাৰীৰ মুক্তিৰ অবিহনে শান্তি নাই, জেলত বন্দী হৈ থকা ৰঞ্জন দৈমাৰী আৰু এনডিএফবিৰ নেতা কৰ্মী সকলক বিনাচৰ্তে মুক্তি দিয়া, মুক্তি নহলে শান্তি নাই, আদি শ্লোগানেৰে অবস্থান ধৰ্মঘটস্থলী উত্তাল কৰি তোলে প্ৰতিবাদকাৰী সকলে ।

উল্লেখযোগ্য যে, এক দীঘলীয়া ৰক্তাক্ত সশস্ত্ৰ সংগ্ৰামৰ অন্ত পেলাই যথেষ্ট আশা আকাংক্ষাৰে ২০২০ চনৰ ২৭ জানুৱাৰীত বহুচৰ্চিত বিটিআৰ শান্তি চুক্তিখন সম্পাদিত হৈছিল । সকলোৱে আশা কৰিছিল বড়োলেণ্ড এলেকাত সচাকৈ শান্তি ঘুৰি আহিব ৷ শান্তিৰ স্বাৰ্থত চুক্তিৰ নিয়ম অনুযায়ী অস্ত্ৰ শস্ত্ৰ চৰকাৰৰ হাতত গতাই দি এনডিএফবিক ভঙ্গ কৰি দিয়া হৈছিল ৷ কিন্তু চৰকাৰ ফালৰ পৰা শান্তিৰ কাৰণে যি ধৰনে কাম কৰিব লাগিছিল সেয়া দেখিবলৈ পোৱা নাই নাই বুলি অভিযোগ উত্থাপন কৰি প্ৰতিবাদকাৰী সকলে ৰঞ্জন দৈমাৰীৰ মুক্তিৰ ক্ষেত্ৰত সৰৱতা প্ৰকাশ কৰে ৷

You May Also Like

More From Author