শাৰদীয় দুৰ্গোৎসৱৰ পাঁচদিনত ৰাজ্যত ৫৪১ টা পথ দুৰ্ঘটনা

1 min read

শাৰদীয় দুৰ্গোৎসৱৰ উখল-মাখল পৰিৱেশৰ মাজতে ৰাজ্যত বিগত ৫ দিনত সংঘটিত হয় ৫৪১ টা পথ দুৰ্ঘটনা । দুৰ্গোৎসৱৰ বিগত পাঁচদিনত সংঘটিত হোৱা পথ দুৰ্ঘটনাৰ এই তথ্য মৃত্যুঞ্জয় ১০৮ সেৱাৰ । মৃত্যুঞ্জয় ১০৮ সেৱাৰ কৰ্তৃপক্ষই জনোৱা মতে ৰাজ্যখনত ১১ অক্টোবৰৰ দিনা ৮০ টা, ১২ অক্টোবৰৰ দিনা ৯৪ টা, ১৩ অক্টোবৰৰ দিনা ১২০ টা, ১৪ অক্টোবৰৰ দিনা ১৩৭ টা আৰু ১৫ অক্টোবৰৰ দশমীৰ দিনা ১১০ টা পথ দুৰ্ঘটনা সংঘটিত হয় ।

শাৰদীয় দুৰ্গোৎসৱৰ পাঁচদিনত ৰাজ্যত ৫৪১ টা পথ দুৰ্ঘটনা

এই দুৰ্ঘটনাত আহত হোৱা লোকসকলক মৃত্যুঞ্জয় সেৱাৰ যোগেদি চিকিৎসালয়লৈ প্ৰেৰণৰ ব্যৱস্থা কৰা হয় । তথ্য মতে নৱমীৰ দিনা সৰ্বাধিক ১৩৭ টা পথ দুৰ্ঘটনা সংঘটিত হয় । আনহাতে বিগত পাঁচদিনত কামৰূপ গ্ৰাম্য জিলাত সৰ্বাধিক ৪৯ টা পথ দুৰ্ঘটনা সংঘটিত হয় । লক্ষণীয় বিষয় যে, উৎসৱ-পাৰ্বনৰ সময়ত সাধাৰণতে গুৱাহাটী মহানগৰীত পথ দুৰ্ঘটনাৰ সংখ্য‍া আন জিলাৰ তুলনাত বেছি হয় । কিন্তু এইবাৰ দুৰ্গোৎসৱৰ সময়ত বিগত পাঁচ দিনত গুৱাহাটী মহানগৰীত ৮ টা পথ দুৰ্ঘটনা সংঘটিত হৈছে ।

মৃত্যুঞ্জয় সেৱাৰ তথ্য মতে, বিগত পাঁচদিনত বাক্সা জিলাত ১৩ টা, বৰপেটাত ২৯ টা, বঙাইগাঁৱত ২০ টা, কাছাৰত ২৪ টা, চিৰাঙত ৮ টা, দৰঙত ২৮ টা, ধেমাজীত ২১ টা, ধুবুৰীত ১১ টা, ডিব্ৰুগড়ত ১২ টা, ডিমা হাচাওত ২ টা, গোৱালপাৰাত ২৪ টা, গোলাঘাটত ৪৮ টা, হাইলাকান্দিত ৬ টা, যোৰহাটত ১৪ টা, কামৰূপ মহানগৰ জিলাত ৮ টা, কামৰূপত ৪৯ টা, কাৰ্বি আংলঙত ২৭ টা ৷

একেদৰে কৰিমগঞ্জত ১৮ টা, কোকৰাঝাৰত ৫ টা, লখিমপুৰত ১৪ টা, মাজুলীত ৬ টা, মৰিগাঁৱত ১০ টা, নগাঁৱত ২১ টা, নলবাৰীত ২৯ টা, শিৱসাগৰত ১০ টা, শোণিতপুৰ ৩২ টা, তিনিচুকীয়াত ৩২ টা আৰু ওদালগুৰিত ২০ টাসহ মুঠ ৫৪১ টা পথ দুৰ্ঘটনা সংঘটিত হৈছে ।

উল্লেখযোগ্য যে, শাৰদীয় দুৰ্গোৎসৱৰ বিগত পাঁচটা দিনত যথেষ্ট সংখ্যক পথ দুৰ্ঘটনা সংঘটিত হৈছে । মৃত্যুঞ্জয়-১০৮ সেৱাৰ তথ্যৰ উপৰিও ৰাজ্যৰ বিভিন্ন প্ৰান্তত বহু দুৰ্ঘটনা সংঘটিত হয় । যিবোৰ মৃত্যুঞ্জয় ১০৮ সেৱাৰ পঞ্জীয়নভূক্ত হোৱা নাই ।

You May Also Like

More From Author