পেট্ৰ’লৰ দাম প্ৰতি লিটাৰত দুশ টকা হ’লেহে হেনো দুচকীয়া বাহনত তিনিজন উঠাৰ কথা কৈছিল বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই । কংগ্ৰেছে ভৱেশ কলিতাৰ কথা মতে, দুচকীয়া বাহনত তিনিজনকৈ উঠা সন্দৰ্ভত দেওবাৰে তেওঁ এইদৰে নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰে । তেওঁ কয় যে, পেট্ৰ’লৰ দাম ২০০ টকা হ’লে দুচকীয়া বাহনত তিনিজন উঠাৰ বাবে চৰকাৰৰ অনুমতি বিচাৰিব নাইবা তেনে বাহনৰ কথা চিন্তা কৰিব ।
বৰ্তমান পেট্ৰ’লৰ দাম ২০০ টকা হোৱা নাই । আনহাতে, উপ নিৰ্বাচন সন্দৰ্ভত তেওঁ কয় যে, পাঁচটা সমষ্টিতে বিজেপিৰ ভাল ফলাফল হ’ব । গৰুখুটিৰ ঘটনা সন্দৰ্ভত বদৰুদ্দিন আজমলে চকুপানী টোকা সন্দৰ্ভত তেওঁ কয় যে, ‘চকুপানী ওলাবই, কংগ্ৰেছে ছাৰ্টে ফালি দিয়ে । নাটক আৰু কিমান কৰিব । উচ্ছেদ চলিবই, উচ্ছেদ বন্ধ নহয় ।’
খাদ্য সামগ্ৰীৰ মূল্যবৃদ্ধিৰ প্ৰসংগত তেওঁ কয় যে, এতিয়া খেতিৰ সময় । এতিয়া কিছু মূল্য বৃদ্ধি হ’বই । খেতি হোৱাৰ পিছত পুনৰ দাম কমিব ।