69.60 শতাংশ ভোটদানেৰে পাঁচ সমষ্টিত উপ-নিৰ্বাচনৰ ভোটদান সম্পন্ন

1 min read

শনিবাৰে ৰাজ্যৰ পাঁচটাকৈ সমষ্টিৰ বাবে অনুষ্ঠিত হয় উপ-নিৰ্বাচনৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া ৷ পুৱা 7 বজাৰ পৰা আৰম্ভ হোৱা এই ভোট গ্ৰহণ প্ৰক্ৰিয়া বিয়লি 5 বজাৰ লগে লগে অন্ত পৰে ৷ উপ-নিৰ্বাচন অনুষ্ঠিত হোৱা সমষ্টি কেইটা হ’ল গোঁসাইগাঁও, ভৱানীপুৰ, তামুলপুৰ, মৰিয়নী আৰু থাওৰা ৷

69.60 percent votes polled in 5 constituency till 5 pm

উপ-নিৰ্বাচনৰ ভোট গ্ৰহণ প্ৰক্ৰিয়াত বিয়লি 5 বজালৈ মুঠ 69.60 শতাংশ ভোটদান হয় ৷

গোঁসাইগাঁও সমষ্টি- 76.71

ভৱানীপুৰ সমষ্টি- 74

তামুলপুৰ সমষ্টি – 62

মৰিয়নী সমষ্টি – 61.62

থাওৰা সমষ্টি – 75.07

বিয়লি 3 বজালৈকে পাঁচোটা সমষ্টিত মুঠ ভোটদানৰ হাৰ আছিল 64.30 শতাংশ ৷

গোঁসাইগাঁও সমষ্টি- 71.11 শতাংশ

ভৱানীপুৰ সমষ্টি- 68 শতাংশ

তামুলপুৰ সমষ্টি – 58 শতাংশ

মৰিয়নী সমষ্টি – 54.79 শতাংশ

থাওৰা সমষ্টি – 70.4 শতাংশ

উল্লেখ্য যে, গোঁসাইগাঁও সমষ্টিত সৰ্বাধিক 76.71 শতাংশ আৰু মৰিয়নী সমষ্টিত সৰ্বনিম্ন 61.62 শতাংশ ভোটদান হয় ৷ অহা 2 নৱেম্বৰত ঘোষণা হ’ব উপ নিৰ্বাচনৰ ফলাফল ৷

You May Also Like

More From Author