দলবদ্ধ ধৰ্ষণকাণ্ডৰ অভিযুক্তক গ্ৰেপ্তাৰ দাবীত উত্তাল ডিব্ৰুগড়

1 min read

ডিব্ৰুগড়ত দলবদ্ধ ধৰ্ষণকাণ্ড সংঘটিত কৰা তিনি অভিযুক্তক গ্ৰেপ্তাৰৰ দাবীত ডিব্ৰুগড়ত শিক্ষাৰ্থী-ৰাইজৰ প্ৰতিবাদ । কলেজলৈ যোৱাৰ পথত লেজাই দেৱানবাৰীৰ এগৰাকী ছাত্ৰীক ধৰ্ষণ কৰাৰ পিছতে ব্লেকমেইল কৰাৰ লগতে ভাইৰেল কৰিছিল ছাত্ৰী গৰাকীৰ উলংগ ফটো । কিছুদিনৰ পূৰ্বে এজন অভিযুক্তক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল যদিও আন দুই অভিযুক্তক ৰক্ষণাবেক্ষণ দিয়া অভিযোগ তুলিছে একাংশ লোকে ৷

অভিযোগ মতে, বৰবৰুৱা আৰক্ষীয়ে আৰিয়ান দাস নামৰ অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে যদিও ব্লেকমেইলাৰ তথা অ’ এন জি চিৰ কৰ্মচাৰী দেৱজিত দাস আৰু পবিত্ৰ হাজৰিকা নামৰ আন দুই অভিযুক্তক ৰক্ষণাবেক্ষণ দিছে আৰক্ষীয়ে । ইয়াৰ পৰিপেক্ষিততে শনিবাৰে আছুৰ নেতৃত্বত ছাত্ৰ-ছাত্ৰী আৰু স্থানীয় ৰাইজে ঘেৰাও কৰে ডিব্ৰুগড় জিলাৰ উপায়ুক্ত কাৰ্যালয় ।

প্ৰতিবাদকাৰী সকলে উপায়ুক্ত কাৰ্যালয়ৰ সমীপৰ মানকটা পথ অৱৰোধ কৰি দোষীক গ্ৰেপ্তাৰ কৰিব নোৱাৰাক লৈ আৰক্ষী-প্ৰশাসকন কঠোৰ ভাষাৰে সমালোচনা কৰে। চোৰ-ডকাইতক এনকাউন্টাৰ কৰি বাঃ বাঃ লোৱা চৰকাৰখনে ধৰ্ষণকাৰীৰ বিৰুদ্ধে ৰহস্যজনক ভূমিকা গ্ৰহণৰ অভিযোগ উত্থাপন কৰিছে প্ৰতিবাদকাৰীয়ে ৷ প্ৰতিবাদী কাৰ্যসূচী অংশ গ্ৰহণ কৰা লোক সকলে সদৰী কৰা মতে, অভিযুক্তই মুক্ত আকাশৰ তলত কোনো ভয়-সংশয় নকৰাকৈয়ে ঘূৰি ফুৰিছে যদিও কৰায়ত্ব কৰিবলৈ সক্ষম হোৱা নাই আৰক্ষীয়ে ৷

তদুপৰি অভিযুক্তক অগ্ৰিম জামিন প্ৰদানত সুযোগ দিয়াৰো অভিযোগ উঠিছে তদন্তকাৰী আৰক্ষী বিষয়াৰ বিৰুদ্ধে ৷ এনে ক্ষেত্ৰত প্ৰতিবাদকাৰী সকলে জিলা উপায়ুক্তক স্মাৰকপত্ৰ প্ৰদান কৰি দোষীক উচিত শাস্তি প্ৰদান দাবী উত্থাপন কৰিছে ৷

You May Also Like

More From Author