থাওৰা সমষ্টিৰ বাবে ৰাইজৰ দলৰ প্ৰাৰ্থী ধৈৰ্য কোঁৱৰৰ মনোনয়ন সংগ্ৰহ

1 min read
অসম বিধান সভা সমষ্টিৰ উপনিৰ্বাচনৰ আখৰা ইতমধ্যেই আৰম্ভ হৈছে ৷ শিৱসাগৰ জিলাৰ থাওৰা সমষ্টিটো নিৰ্বাচনী বতাহ পূৰ্ণোদ্যমে বলিছে ৷ সোমবাৰে উপনিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিবৰ বাবে ৰাইজৰ দলৰ প্ৰাৰ্থী ধৈৰ্য্য কোঁৱৰে মনোনয়ন পত্ৰ সংগ্ৰহ কৰে ৷ থাওৰা সমষ্টিত এই উপনিৰ্বাচন তিনিকোণীয়া হোৱাৰ সম্ভাৱনা আছে ৷ 2021 বৰ্ষৰ সাধাৰণ নিৰ্বাচনত কংগ্ৰেছ দলৰ প্ৰাৰ্থী সুশান্ত বৰগোঁহাইয়ে বিজেপি দলৰ প্ৰাৰ্থী কুশল দুৱৰীক 2006 টা ভোটৰ ব্যৱধানত পৰাস্ত কৰি জয়ী হৈছিল ৷ পৰৱৰ্তী সময়ত ৰাজনৈতিক অভিস্পাৰ বাবে সুশান্ত বৰগোঁহাইয়ে কংগ্ৰেছ দল ত্যাগ কৰি বিজেপি দলত যোগদান কৰে ৷ ফলত অনুষ্ঠিত হ’বলগীয়া নিৰ্বাচনত বিজেপি দলৰ হৈ সুশান্ত বৰগোঁহাই, ৰাইজৰ দলৰ হৈ ধৈৰ্য কোঁৱৰে প্ৰতিদ্বন্দিতা কৰাৰ বিপৰীতে কংগ্ৰেছ দলৰ পৰা মনোৰঞ্জন কোঁৱৰক টিকট প্ৰদান কৰাৰ সম্ভাৱনা আছে ৷ এনেস্থলত থাওৰা সমষ্টিৰ নিৰ্বাচন আকৰ্ষণীয় হৈ পৰাতো খাটাং হৈ পৰিছে ৷ 30 অক্টোবৰ তাৰিখে অনুষ্ঠিত হবলগীয়া উপনিৰ্বাচনৰ বাবে সোমবাৰে ৰাইজৰ দলৰ প্ৰাৰ্থী ধৈৰ্য কোঁৱৰৰ হৈ দলীয় সতীৰ্থই শিৱসাগৰ জিলা নিৰ্বাচনী বিষয়াৰ পৰা মনোনয়ন পত্ৰ সংগ্ৰহ কৰে ৷ কংগ্ৰেছ দল ত্যাগ কৰি বিজেপি দললৈ যোৱা সুশান্ত বৰগোঁহাইক ৰাইজৰ দলে এসেকা দি বিশ্বাসঘাটকতাক পৰাস্ত কৰিব বুলি হুংকাৰ দিছে ৷

You May Also Like

More From Author