হাতে-লোটে এগৰাকী লাট মণ্ডলক আটক কোকৰাঝাৰ আৰক্ষীৰ

1 min read

চৰকাৰৰ নিৰ্দেশত কিছু দিন পূৰ্বে আৰক্ষীয়ে ৰাজ্যখনৰ বিভিন্ন চক্ৰ বিষয়াৰ কাৰ্যালয়ত অভিযান চলাই কেইবা শতাধিক মাটি দালাল, দুৰ্নীতিগ্ৰস্ত মণ্ডলক আটক কৰাৰ পিছতো গা লৰা নাই একাংশ লাট মণ্ডলৰ ৷ কোকৰাঝাৰত উৎকোচ ল’বলৈ গৈ সোমবাৰে এজন লাট মণ্ডল হাতে লোটে আটক হয় আৰক্ষীৰ দ্বাৰা । কোকৰাঝাৰৰ চহৰস্থিত ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত আটক হোৱা লাট মণ্ডল জনৰ নাম মহিদুল ইছলাম ।

কোকৰাঝাৰ সদৰৰ অতিৰিক্ত আৰক্ষী অধীক্ষক পুনম পেগু, কোকৰাঝাৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়াৰ লগতে পৰ্বতঝৰা মহকুমা আৰক্ষী বিষয়াৰ নেতৃত্বত সাধাৰণ পোচাকত যোৱা আৰক্ষীৰ এটা দলে লাট মণ্ডল গৰাকীক হাতে-লোটে পাঁচ হেজাৰ টকা উৎকোচ লৈ থকা অৱস্থাত গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ৷ ইয়াৰোপৰি লাট মণ্ডল মহিদুলৰ জিম্মাৰ পৰা সুকীয়াকৈ ৪১ হেজাৰ টকাও জব্দ কৰিবলৈ সক্ষম হয় ৷

মণ্ডল গৰাকীক Prevention of Corruption Act, 1988 ৰ অধীনত গ্ৰেপ্তাৰ কৰা হৈছে ৷ উল্লেখ্য যে, কাৰ্যালয়টোৰ আৰু কোন কোন বিষয়া-কৰ্মচাৰী উৎকোচ সংগ্ৰহৰ সৈতে জড়িত আছে সেই সন্দৰ্ভত ইতিমধ্যে তদন্ত আৰম্ভ হৈছে বুলিও আৰক্ষী অধীক্ষক গৰাকীয়ে সদৰী কৰে ৷

You May Also Like

More From Author