সুৰামত্ত যুৱতীৰ বাবেই চিৰজীৱনলৈ দুয়োখন ভৰি হেৰুৱালে এজন আহতই

1 min read

 সান্ধ্য আইন উলংঘাৰে মহানগৰীৰৰ ৰাজপথত একাংশ উদণ্ড যুৱক–যুৱতীয়ে দৌৰাত্ম্য অব্যাহত ৰাখিছে৷ শুকুৰবাৰে নিশা প্রায় ১.৪৫ বজাত এগৰাকী সুৰামত্ত যুৱতীয়ে জিএছ ৰোডত গড়কাপ্টানী বিভাগৰ কাম কৰি থকা আঠজনকৈ শ্রমিকক মহটিয়াই নিয়ে৷

সুৰামত্ত যুৱতীগৰাকীয়ে চলোৱা এএছ–০১ এজি–২১৯৪ নম্বৰৰ বাহনখনৰ খুন্দাত ইমৰান চৌধুৰী (৪৫), চিৰাজ আলী (২১), আইনুল আলী (১৮), আতিকুৰ ৰহমান (৩০), মফিজুল ইছলাম (২৪), জিয়াউল ইছলাম (২২) নামৰ শ্রমিককেইজন আহত হোৱাৰ লগতে আৰু দুজন শ্রমিক গুৰুতৰভাৱে আহত হয়৷ এই দুজন শ্রমিকৰ পৰিচয় এতিয়াও আৰক্ষীয়ে উদ্ধাৰ কৰিব পৰা নাই৷

দুর্ঘটনাটোত আহত এজন শ্রমিকে চিৰজীৱনৰ বাবে দুয়োখন হেৰুৱাবলগীয়া হয়৷ সম্প্রতি আহত আঠগৰাকী শ্রমিক জিএমচিএইচত চিকিৎসাধীন হৈ আছে৷

আৰক্ষীয়ে জানিবলৈ দিয়া মতে বেলতলাৰ অজন্তা পথ নিৱাসী ৰাজকন্যা বৰুৱা নামৰ যুৱতীগৰাকীয়ে শুকুৰবাৰে নিশা হোটেল তাজ ভিভাণ্টাত বার্থ ডে’ পার্টী কৰি নিশা প্রায় ১.৪৫ বজাত গৃহাভিমুখে গৈ থকাৰ সময়তে ৰুক্মিণীগাঁৱত এএছ–২৫ ডিচি–১৫৩৪ নম্বৰৰ শিলভর্তি বাহনখনত খুন্দা মাৰি উক্ত স্থানত কাম কৰি থকা আঠজনকৈ শ্রমিকক মহটিয়াই নিয়ে৷

সুৰামত্ত যুৱতীগৰাকীয়ে দুর্ঘটনাৰ পাছত কর্তব্যৰত আৰক্ষীক দুর্ব্যহাৰ কৰাৰ লগতে নিজকে এগৰাকী প্রভাৱশালী যুৱতী বুলি চিনাকি দিছিল৷

ঘটনা সন্দর্ভত যান–বাহন শাখাৰ আৰক্ষী চাহিৰ আলীয়ে দিছপুৰ থানাত ভাৰতীয় দণ্ডবিধিৰ ২৭৯/৩৩৮/২৯৪/৩৫৩ ধাৰাৰ অধীনত ৩৬১৬/২১ নম্বৰত এটা গোচৰ ৰুজু কৰে৷ উক্ত গোচৰটোৰ ভিত্তিত আৰক্ষীয়ে ৰাজকন্যা বৰুৱাক গ্রেপ্তাৰ কৰি তদন্ত অব্যাহত ৰাখিছে৷

 

Source: Niyomiya Barta

You May Also Like

More From Author