বৰহোলাত টিএমপিকেৰ প্ৰতিষ্ঠা দিৱস : বঞ্চিত মিছিং লোকসকলক শীঘ্ৰে স্বায়ত্ব শাসিত পৰিষদত অন্তৰ্ভুক্তৰ দাবী

1 min read

তিতাবৰ মহকুমাৰ বৰহোলা বালিজানত আজি টাকাম মিছিং পৰিন কৌবাং চমুকৈ টি এম পি কেৰ ৫০ তম সোণালী জয়ন্তী প্ৰতিষ্ঠা দিৱসটি বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজন কৰে। সেয়ে পুৱা পতাকা উত্তোলন আৰু শ্বহীদ তৰ্পন কাৰ্যসূচী শুভাৰম্ভ কৰে টি এম পি কেৰ তিতাবৰৰ সভাপতি নিত্যানন্দ ৰেগনে। ইয়াৰ পিছতে নিত্যানন্দ ৰেগনৰ সভাপতিত্বত অনুষ্ঠিত এখন সভাৰ উদ্দেশ্য বাখ্যা কৰে তিতাবৰ মহকুমা মিছিং সংগ্ৰাম সমিতি চমুকৈ এম এম কেৰ সভাপতি দীপেন টাইডে। সভাতে টি এম পি কেৰ বিভিন্ন সংগঠনিক দিশ আৰু ‘টিম থাৰ্টিন’ৰ সন্দৰ্ভত এক ৰাজহুৱা আলোচনা অনুষ্ঠিত হয়। সভাত তিতাবৰ টি এম পি কেৰ সম্পাদক ৰাকেশ পায়েং, মিছিং মহাসভাৰ সভাপতি লোকেশ্বৰ চাৰহ, মিছিং সাংস্কৃতিক বিভাগৰ দেৱজিৎ পেগু, মিছিং সংগ্ৰাম সমিতিৰ হেমন্ত পাৰ্দুন, মহিলা নেত্ৰী মুনু নৰহ, জুলি নৰহ, মিছিং সাহিত্য সভাৰ বীৰেণ পলং, শিক্ষক নিত্যেশ্বৰ ৰেগন, গৌৰৱ পায়েং আদিয়ে অংশগ্ৰহণ কৰে।

ইফালে পুৱা অনুষ্ঠিত হোৱা বিভিন্ন প্ৰতিযোগিতাৰ স্থানপ্ৰাপ্ত ছাত্র-ছাত্ৰী সকলক সভাৰ মাজতে সন্মানীয় ব্যক্তি সকলৰ উপস্থিতিত বঁটা প্ৰদান কৰে। সভাত উপস্থিত ৰাইজৰ হৈ তিতাবৰ মহকুমা মিছিং সংগ্ৰাম সমিতিৰ সভাপতি দীপেন টাইডে সংবাদ মাধ্যমৰ আগত কৰি কয় যে আমি তিতাবৰ মহকুমাৰ বৰহোলা সীমান্তৱৰ্তী প্ৰায় বাৰখন গাঁৱৰ বাৰ হেজাৰতকৈ অধিক লোক দীৰ্ঘদিন ধৰি মিছিং স্বায়ত্ব শ্বাসিত পৰিষদত অন্তৰ্ভুক্ত হোৱাৰ পৰা বঞ্চিত হৈ আছো। এই সকল মিছিং ৰাইজক শীঘ্ৰে মিছিং স্বায়ত্ব শ্বাসিত পৰিষদত অন্তৰ্ভুক্ত কৰিব লাগে। আজি ২৫ বছৰে অনামিছিং, অনাঠেঙাল, অনা সোণোৱালৰ পৰিচয় লৈ যি দুৰ্ভোগ ভুগি আছো এনেদৰে আৰু থাকিবলৈ একেবাৰে ইচ্ছা নাই। ইমান দিন ধৈৰ্য ধৰা হ’ল। আহি থকা প্ৰজন্মক আৰু এনেদৰে অনা মিছিং, অনা ঠেঙাল আদি হৈ থাকিবলৈ দিয়া নহ’ব।সেয়ে আগন্তুক মিছিং শ্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচনৰ আগত যিকোনো মূল্যৰ বিনিময়ত শ্বায়ত্ব শাসিত পৰিষদত অন্তৰ্ভুক্ত কৰি ন্যায় দিবলৈ সংবাদ মাধ্যমৰ যোগেদি সভা স্থলীৰ পৰাই দাবী উত্থাপন কৰে উপস্থিত ৰাইজে।

You May Also Like

More From Author