অসমৰ অন্যতম “চহৰাই” উৎসৱ নিচেই সমাগত ৷ আগন্তুক চহৰাই উৎসৱক কেন্দ্ৰ কৰি ৰাজ্যখনতে উখল মাখল পৰিবেশRelease of popular Assam vocalist LD Hasanda’s video album “Shahai Parv” ৷ চাওঁতালী ভাষী লোক সকলে এই উৎসৱক পালন কৰিবৰ বাবে পূৰ্ণ প্ৰস্তুতি চলাই আছে ৷ পিছ পৰি ৰোৱা নাই কলা কুশলী সকলেও ৷ শিল্পী বাসন্তী হাসদাই চহৰাইৰ উপলক্ষ্যত প্ৰস্তুত কৰি উলিয়াইছে “চহৰাই পৰৱ’ নামৰ এটি ভিডিঅ এলবাম ৷ জনপ্ৰিয় কণ্ঠশিল্পী এল.ডি হাসঁদাই পৰিচালনা কৰা এলবামৰ গীতটিত সুৰ সংযোজনেৰে কণ্ঠদান কৰিছে ৷ ইতিমধ্যে শুভমুক্তিও লাভ কৰিছে ভিডিঅ এলবামটি ৷ প্ৰচুৰ জনপ্ৰিয়তা অৰ্জন কৰা “চহৰাই পৰৱ’ এলবামটিত মুখ্যত চাওঁতাল সকলে “চহৰাই পৰৱ” ক উদযাপন কৰাৰ সাংস্কৃতিক দিশটোৰ ওপৰত অগ্ৰাধিকাৰ দিয়া হৈছে ৷ এলবামটিৰ সংগীত পৰিচালনা কৰিছে আদিবাসী চাহ জনগোষ্ঠীৰ জনপ্ৰিয় কণ্ঠশিল্পী ভিক্টৰ লাকড়াই ৷ ক্ৰমে ভৈৰাগুৰি পথাৰ চাইচম্পা চাওঁতালী দল আৰু কমাৰপথাৰ বীণাপাণি ঝুমইৰ দলে সুন্দৰভাবে নৃত্য প্ৰদৰ্শন কৰিছে ৷ অসমৰ বৰবিল , কাৱৈমাৰী আৰু ভৈৰাগুৰিত দৃশ্যগ্ৰহন কৰা আৰু তপন চৰেণ’ৰ ব্যৱস্থাপনাত ভিডিঅ এলবামটি L.D Hasda নামৰ ইউটিউব চেনেলত উপলব্ধ হব ৷ সকলো সাংস্কৃতিকপ্ৰেমী ৰাইজক ইউটিউব চেনেলটি চাবক্ৰাইব কৰি লাইক কমেণ্ট দি আনকো উপভোগ কৰিবৰ বাবে অনুৰোধ জনাইছে কণ্ঠশিল্পী এল.ডি হাসদাই।
অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী এল.ডি হাসঁদা’ৰ ভিডিঅ এলবাম “চহৰাই পৰৱ ”ৰ শুভমুক্তি
Posted on by GTM Desk
1 min read
You May Also Like
More From Author
National Press Day Observed in Kamrup
November 17, 2024
প্ৰায় ৫ ঘণ্টা থানাত বহুৱাই ৰখাৰ অন্তত যাবলৈ দিলে জ্ঞানদীপ হাজৰিকাক
November 16, 2024