পোহৰৰ উৎসৱ দ্বীপাৱলীৰ প্ৰাক্ ক্ষণত গহপুৰৰ অতিকৈ পিছপৰা অঞ্চল হিচাপে পৰিচিত ককিলাঝাৰ অঞ্চলত এটি আদিৱাসী গীতৰ শুভমুক্তি দিয়া হয়। এই উপলক্ষে ককিলাঝাৰ অঞ্চলৰ ককিলাঝাৰ হৰিমন্দিৰ প্ৰাংগন ৰাজু ওৰাঙৰ সভাপতিত্বত অনুষ্ঠিত গীত উন্মোচনী সভাৰ আঁত ধৰে সদৌ অসম আদিৱাসী ছাত্ৰ সন্থাৰ গহপুৰ আঞ্চলিকৰ সভাপতি অমৃত মুণ্ডাই। উক্ত সভাখনতে গহপুৰৰ এগৰাকী স্থানীয় সংবাদদাতা ৰমেন বৰাই লিখা আৰু সদৌ অসম আদিৱাসী ছাত্ৰ সন্থাৰ গহপুৰ আঞ্চলিকৰ সাধাৰণ সম্পাদক তথা ককিলাঝাৰ অঞ্চলৰ যুৱক প্ৰবীণ ওৰাঙে কণ্ঠদান কৰা ‘কেউ বুলে আদিৱাসী, কেউ বুলে বাগানীয়া’ শীৰ্ষক গীতটো আনুষ্ঠানিক ভাবে মুকলি কৰে নাহৰণী প্ৰাক্তন চাহ মজদুৰ প্ৰাথমিক বিদ্যালয়ৰ সহকাৰী শিক্ষক এচাও হাচাই। আদিৱাসী লোক সকলৰ জীৱন আৰু সংগ্ৰামৰ পটভূমিত সাংবাদিক ৰমেন বৰা লিখা, প্ৰবীণ ওৰাঙে কণ্ঠদান কৰা, প্ৰবীণ ওৰাং-ৰমেন বৰাই সুৰ কৰা গীতটোৰ সংগীত ব্যৱস্থাপনা নাৰায়ণপুৰ ২নং শিঙিয়াৰ উদীয়মান সংগীত ব্যৱস্থাপক মানস প্ৰতীম বৰাৰ। গীতটোৰ উন্মোচক এচাও হাচাই ‘কেউ বুলে আদিৱাসী, কেউ বুলে বাগানীয়া’ গীতটোত অদিৱাসী লোকসকল দুখ-দুৰ্দশাৰ বাস্তৱ প্ৰতিচ্ছবি খন প্ৰতিফলিত হৈছে বুলি মন্তব্য প্ৰকাশ কৰে। ইউটিউব চেনেল Asom Music Mixৰ জৰিয়তে গীতটোৰ অডিঅ’-ভিডিঅ’ মুক্তি দিয়া কণ্ঠশিল্পী প্ৰবীণ ওৰাঙে গীতটো শ্ৰোতা ৰাইজে আদৰি ল’ব বুলি আশা প্ৰকাশ কৰিছে। উল্লেখ্য যে ককিলাঝাৰ অঞ্চলৰ দৰে অতিকৈ পিছপৰা অঞ্চলৰ পৰা অতি সীমিত সা-সুবিধাৰ মাজেৰে শ্ৰোতা ৰাইজৰ বাবে উলিওৱা আদিৱাসী গীতটো ভিডিঅ’ৰ চিত্ৰগ্ৰহণ আৰু সম্পাদনা কৰিছে ককিলা চাৰিআলিৰ ৰমেন বৰাই। গীত উন্মোচনী সভাত গীতিকাৰ ৰমেন বৰা, সংগীত ব্যৱস্থাপক মানস প্ৰতীম বৰা, যুৱ সাংবাদিক সমীৰণ বৰা, নাৰায়ণপুৰৰ গীতাৰ্থ ভূঞা, আছা কৰ্মী ৰঞ্জন ওৰাঙকে ধৰি কেইবাগৰাকী আছা কৰ্মীৰ লগতে ভালে সংখ্যক স্থানীয় ৰাইজ উপস্থিত থাকে।
গহপুৰত আদিৱাসী গীতৰ শুভমুক্তি
Posted on by GTM Desk
1 min read
You May Also Like
More From Author
মহামণ্ডলেশ্বৰ হোৱাৰ বাবে ১০ কোটি টকা দিছিল মমতা কুলকাৰ্নীয়ে?
February 4, 2025
কিয় নিজকে শেষ কৰি দিলে জাগীৰোডৰ সুস্মা দেৱনাথে?
February 4, 2025
মহাপাপ কৰিলে পুত্ৰই! বৃদ্ধ পিতৃ-মাতৃক এৰি থৈ আহিল মহাকুম্ভত..
February 4, 2025