জাপি প্ৰস্তুত কৰি স্বাৱলম্বী ৰঙিয়াৰ উদ্যোগী মহিলা হিৰণ কলিতা

0 min read

জাপি প্ৰস্তুত কৰি স্বাৱলম্বী হ’বলৈ সক্ষম হৈছে এগৰাকী মহিলা । আত্মনিৰ্ভৰশীল এই মহিলাগৰাকী হৈছে ৰঙিয়াৰ দিপলাঙৰ হিৰণ কলিতা । মাত্ৰ ১৫ হাজাৰ টকা মূলধনেৰে জাপি প্ৰস্তুত কৰি হিৰণ কলিতাই মাহিলী ৭ হাজাৰৰ পৰা ১০ হাজাৰ টকালৈকে উপাৰ্জন কৰি আহিছে । মহিলা গৰাকীয়ে প্ৰস্তুত কৰা এই জাপি অসমৰ বিভিন্ন ঠাইলৈ যোগান ধৰা হয় । উৎপাদনমুখী কামত জড়িত হৈ মহিলাগৰাকীয়ে দৰিদ্ৰ পৰিয়ালটোক কিছু আৰ্থিক সকাহ দিবলৈ সক্ষম হৈছে । প্ৰাৰ্থনা আত্মসহায়ক গোটৰ সদস্যা হিৰণৰ চৰকাৰী ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ জৰিয়তে লাভ অনুদান আৰু ঋণৰ সদ্ব্যৱহাৰ কৰি উৎপাদনমুখী কাৰ্যৰ জৰিয়তে স্বনিৰ্ভৰশীল হৈছে ।

You May Also Like

More From Author