Omicron fear: পুনৰ জাৰি সান্ধ্য আইন

1 min read

 ভাৰতত ক’ভিডৰ অ’মিক্ৰণৰ সংক্ৰমণ উদ্বেগজনকভাৱে বৃদ্ধি পাইছে। বুধবাৰলৈকে এজন ৰোগী থকা তামিলনাডুত এটা দিনতে ৩৩ গৰাকী লোকৰ দেহত ধৰা পৰিছে অ’মিক্ৰণৰ অৱস্থিতি । আনহাতে মহাৰাষ্ট্ৰত নতুনকৈ ২৩ গৰাকী, কৰ্ণাটকত ১২ গৰাকী লোকৰ দেহত ধৰা পৰিছে ক’ভিডৰ নতুন প্ৰকৰণৰ অৱস্থিতি । গুজৰাট আৰু দিল্লীত ৭ গৰাকীকৈ লোক নতুনকৈ অ’মিক্ৰণত আক্ৰান্ত হৈছে । ইয়াৰ লগে লগে দেশত অ’মিক্ৰণত আক্ৰান্ত লোকৰ সংখ্যা ৩৫৮ লৈ বৃদ্ধি হৈছে।

অ’মিক্ৰণ প্ৰকৰণৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি মহাৰাষ্ট্ৰত উদ্ধৱ ঠাকৰে নেতৃত্বাধীন চৰকাৰে শনিবাৰৰ নিশাৰে পৰা ৰাজ্যখনত সান্ধ্য আইন জাৰি কৰিছে ৷ উৎসৱৰ বতৰত সংক্ৰমণৰ আশংকা ব্যক্ত কৰি মহাৰাষ্ট্ৰৰ চৰকাৰে ভিৰ নিয়ন্ত্ৰণ কৰাৰ বাবে গ্ৰহণ কৰিছে এই সিদ্ধান্ত ৷ চৰকাৰখনে বৰদিন আৰু নৱবৰ্ষ উদযাপন, বিবাহ আৰু হোটেল-ৰেষ্টুৰেণ্টৰ পাৰ্টিৰ সময়ত জন সমাগম নিয়ন্ত্ৰণ কৰাৰ বাবে মূলত এই সিদ্ধান্ত গ্ৰহণ কৰে ৷ মুখ্যমন্ত্ৰী উদ্ধৱ ঠাকৰে য়েও সকলোকে স্বাস্থ্য বিভাগৰ নীতি-নিৰ্দেশনা মানি চলিবলৈ আৰু মাস্ক পৰিধান কৰাৰ লগতে সামাজিক দূৰত্ব মানি চলিবলৈ আহ্বান জনায় ৷

You May Also Like

More From Author