বৰষা ৰাণী বিষয়া আৰু ভাস্কৰৰ আজি প্ৰথম বিবাহ বাৰ্ষিকী, ক’ত কৰিছে উদযাপন

1 min read

জনপ্ৰিয় অভিনেত্ৰী বৰষা ৰাণী বিষয়া (Barsha Rani Bishaya) আৰু ভাস্কৰ বৰুৱা (Bhaskar Baruah)ৰ বিবাহে আজি এবছৰ সম্পূৰ্ণ কৰিলে। আজি দুয়োজনৰ বিয়াৰ প্ৰথম বাৰ্ষিকী। ২০২১ চনৰ আজিৰ দিনটোতেই বিবাহপাশত আবদ্ধ হৈছিল বৰষা আৰু ভাস্কৰ। বৰষা-ভাস্কৰৰ এনিভাৰছেৰী ডেষ্টিনেচন হৈছে গোৱা। গোৱাৰ পৰা ফটো শ্বেয়াৰ কৰিছে বৰষাই। (image-FB/Barsha Rani Bishaya)

 

বিবাবহ বাৰ্ষিকীৰ দিনটোত অতি আবেগসনা মেছেজেৰে ছচিয়েল মিডিয়াত পোষ্ট কৰিছে বৰষা ৰাণী বিষয়া (Barsha Rani Bishaya)ই। বৰষাই লিখিছে, “Our special 22.2.22 first wedding anniversary. জীৱন বাটৰ সুখ দুখ, হাঁহি কান্দোন, খং অভিমানবোৰ ভগাই ললোঁ আমি দুয়ো । আশীৰ্বাদ কৰিব দেই।” (image-FB/Barsha Rani Bishaya)

 

গোৱা (Goa)ৰ পৰা ফটো শ্বেয়াৰ কৰি অনুৰাগীৰ সৈতে আনন্দবোৰ ভগাই লৈছে বৰষাই। গোৱাৰ ৰিজৰ্টত এটি সূৰ্যস্নাত পুৱাত বৰষা আৰু ভাস্কৰ। যেন সূৰ্যদেৱেও শুভকামনা জনাইছে দুয়োকে। (image-FB/Barsha Rani Bishaya)

You May Also Like

More From Author