অভয়াপুৰীৰ মুকবধিৰ যুৱক ছমৰীয়াত সন্ধানহীন

1 min read

বঙাইগাঁও জিলাৰ অভয়াপুৰী থানাৰ অন্তৰ্গত লালমাটি গাঁৱৰ মুখেৰে কথা ক’ব নোৱাৰা হৰিশ চাংমা (২০) নামৰ যুৱক এজন যোৱা ৪ মাৰ্চত পুৱাৰ ভাগত কামৰূপ জিলাৰ ছমৰীয়াৰ পৰা সন্ধানহীন হৈ আছে ৷ হৰিশ চাংমা অভয়াপুৰীৰ দুৰামাৰী গাঁৱৰ উত্তম বৰ্মনৰ লগত কৰ্মচাৰী হিচাপে ছমৰীয়া সভা মহোৎসৱ (চাৰ্ট হাউচ) ত কাম কৰিবলৈ যোৱাৰে পৰা নিৰুদ্দেশ হোৱা বুলি পৰিয়ালৰ লোকে জানিবলৈ দিছে ৷ ইপিনে পৰিয়ালৰ লোকে বিভিন্ন ঠাইত বিচাৰ-খোঁচাৰ কৰিও যুৱকজনৰ কোনো সন্ধান উলিয়াব পৰা নাই ৷ তদুপৰি যুৱকজনৰ নিৰুদ্দেশ সম্পৰ্কীয় এখন লিখিত আবেদন কৰিছে ছমৰীয়া আৰক্ষী পহৰা চকীত ৷
কোনো সদাশয় ব্যক্তিয়ে যদি যুৱক জনৰ সন্ধান পায় তেন্তে ৬০০০২৯৩৮২০,৭০৮৬৮ ৯১০৩৫ মোবাইল নম্বৰত যোগাযোগ কৰিবলৈ পৰিয়ালৰ লোকে কাতৰ অনুৰোধ কৰিছে ৷

You May Also Like

More From Author