কিয় স্পটবয়ক চেণ্ডেলেৰে প্ৰহাৰ কৰিবলগীয়া হ’ল অভিনেত্ৰীয়ে ?

1 min read
ছত্তীশগড়ী ছবিৰ এগৰাকী অভিনেত্ৰীয়ে ছবি উদ্যোগটোৰ সৈতে জড়িত এজন স্পটবয়ক চেণ্ডেলেৰে প্ৰহাৰ কৰাৰ ভিডিঅ’ই সম্প্ৰতি ইন্টাৰনেটত খলকনি তুলিছে ৷ অভিযোগ অনুসৰি, যুৱকজনে ছবিত কাম দিয়াৰ অজুহাতত প্ৰথমে যুৱতীসকলৰ ফোন নম্বৰ বিচাৰে আৰু পিছলৈ ফোনত কথা পাতি তেওঁলোকক হাৰাশাস্তি কৰে । এদিন তেওঁ অভিনেত্ৰীগৰাকীক ফোন কৰি একে কামকে পুনৰ আৰম্ভ কৰে ৷ আনকি অভিনেত্ৰী গৰাকীক বিয়াৰো প্ৰস্তাৱ দিয়ে ৷ অভিনেত্ৰীগৰাকীয়ে তেওঁক ফোন কৰা বন্ধ কৰিবলৈ কোৱাৰ পিছতো যুৱকজন সন্মত হোৱা নাছিল । অৱশেষত, যুৱতীগৰাকীয়ে তেওঁৰ অভিনেত্ৰী বান্ধৱী তথা এগৰাকী শীৰ্ষ বিষয়াৰ কন্যাৰ সহযোগত যুৱকজনক লগ পোৱাৰ অজুহাতত মাতি নি বাৰুকৈয়ে উত্তম-মধ্যম সোধায়৷ সম্প্ৰতি, সামাজিক মাধ্যমত এই ভিডিঅ’টো ভাইৰেল হৈ পৰিছে ৷

You May Also Like

More From Author