আলফা(স্বা) লৈ পুনৰ দুই অসমীয়া তেজাল যুৱক

1 min read

পুনৰ সশস্ত্ৰ সংগঠনলৈ অসমৰ দুই তেজাল যুৱক।আলফা(স্বা)ত যোগদান কৰা দুই অসমীয়া যুৱক ক্ৰমে নৰেন মেচ আৰু পংকজ গগৈ।১৮ এপ্ৰিলত আলফা(স্বা)ৰ গোপন শিবিৰত উপস্থিত যুৱক দুজন।উল্লেখ্য যে নিষিদ্ধ সংগঠনত যোগদান কৰা যুৱক পংকজৰ ঘৰ নাহৰকটীয়াত আৰু নৰেনৰ ঘৰ শিৱসাগৰত।

তাৎপৰ্যপূৰ্ণ কথা এই যে ,দুদিন পূৰ্বে তিনিচুকীয়া যুৱ কংগ্ৰেছৰ উপ-সভাপতি জনাৰ্দন গগৈয়ে যোগদান কৰিছিল আলফা(স্বা)ত।

গুৰুত্বপূৰ্ণ কথা এই যে ,শেহতীয়াকৈ হিমন্ত বিশ্ব শৰ্মাই চৰকাৰৰ দায়িত্বভাৰ গ্ৰহণৰ পাছৰে পৰা ৰাজ্যৰ একাংশ তেজাল যুৱকে হাতত পুনৰ অস্ত্ৰ তুলি লৈ উভতিছে সশস্ত্ৰ সংগঠনটোলৈ ।চলিত বর্ষতে বহু সংখ্যক যুৱক-যুৱতীয়ে যোগ দিছে আলফা(স্বা)ত।

ইফালে নৱপ্ৰজন্ম পুনৰ আলফা(স্বা)ত যোগদান কৰাৰ ঘটনাই চিন্তিত কৰি তুলিছে ৰাজ্যৰ বৌদ্ধিক সমাজক।মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মায়ো আলফা(স্বা)ত একাংশ নৱপ্ৰজন্ম যোগদান কৰা ঘটনা উদ্বেগৰ কাৰণ বুলি প্ৰকাশ কৰিছে।

You May Also Like

More From Author