গুৱাহাটী টাইমছ সম্পাদকীয়
সাতবিহু গ’ল যদিও ৰাজ্যত এতিয়াও চলি আছে বিহুৰ নামত সাংস্কৃতিক অনুষ্ঠানবোৰ। বতাহ-বৰষুণৰ মাজতো প্ৰায়সংখ্যক সাংস্কৃতিক অনুষ্ঠানতে দেখা পোৱা গৈছে অজস্ৰ দৰ্শকৰ ভিৰ। এইবৰ্ষত চৰ্চাৰ শীৰ্ষত আছে একাংশ দৰ্শকৰ বোকানৃত্য।
বৰষুণে বোকাময় কৰা বিহু ফাংচনস্থলীত লুতুৰি পুতুৰি হৈ নাচিছে বহু যুৱকে। বিশেষকৈ জুবিন গাৰ্গৰ সংগীতানুষ্ঠানসমূহত দেখা পোৱা গৈছে এই দৃশ্য। নিজকে জুবিন অনুৰাগী বুলি দাবী কৰা একাংশ যুৱকে মতলীয়া হৈ বোকাত নাচিছে, সাঁতুৰিছে বা বাগৰি পৰিছে। ওচৰে-পাজৰে থকা আন দৰ্শকৰ সুবিধা-অসুবিধাৰ কথা বাদেই, নিজৰো স্বাস্থ্যৰ কথা ভবা নাই এইসকল উতনুৱা যুৱকে। নাচি-বাগি থাকোঁতেই কাৰোবাৰ মটৰ চাইকেল হেৰাইছে, কাৰোবাৰ আকৌ ম’বাইল ফোনটো বোকা-পানী লাগি নষ্ট হৈছে। তথাপি হেনো ৰাতি ফাংচন চাবই, বোকা ফেনেকি নাচিবই।
নাচোনৰ মাজতে এজন যুৱকে পেণ্টৰ পকেটৰ পৰা এডাল সাপ উলিয়াই সাপডালক মুখেৰে চেলেকা দৃশ্যও ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। নিশা ফাংচনৰ সময়ত ক’ৰবাত চেয়াৰ ভাঙিছে, যুৱতী-মহিলাৰ লগত অভদ্ৰামিও কৰিছে।
আচলতে শিল্পীৰ অনুৰাগী বুলি কোৱা এইসকল উন্মত্ত যুৱকে প্ৰকৃততে শিল্পক সন্মান কৰিব জানেনে? আনন্দ-স্ফূৰ্তিৰ নামত কৰা এনে উন্মত্ত আচৰণে কি সূচায়?
অধিকাংশৰেই কথা-বতৰাৰ পৰা এয়া স্পষ্ট যে কোনো শিল্পীৰ গানৰ তালত নহয়, ডিঙিত সেইবিধ পৰাৰ পাছতহে এইসকল যুৱকে আপোন পাহৰা হৈ নাচিবলৈ ধৰে। পাহৰি যায় ন্যূনতম শিষ্টাচাৰ, সামান্য সজ আচৰণখিনিও। তেওঁলোকৰ আনন্দ-স্ফূৰ্তিৰ নামত কৰা এই বোকানাচত ফুটি উঠে এক ভয়ানক মানসিকতা। কাকোৱে কেৰেপ নকৰা এইসকল যুৱকে মদৰ নিচাত ইয়াতকৈ কিবা ভয়ংকৰ কাণ্ড যে নকৰিব তাৰ নিশ্চয়তা কোনেও দিব নোৱাৰে।
প্ৰকৃততে আমাৰ সমাজত আনন্দ-উৎসৱৰ ধাৰণাই সলনি হৈ পৰিছে। মদ্যপান নকৰিলে কোনো উৎসৱেই যেন উপভোগ কৰিব নোৱাৰি, তেনে এক ধাৰণাই অধিকাংশৰে মনত খোপনি পুতিছে। যাৰ ফলত আমি বোকানাচৰ দৰে অদ্ভুত আচৰণৰ সাক্ষী হ’বলগীয়া হৈছে। উৎসৱৰ নামত সৃষ্টি হোৱা এনেধৰণৰ উশৃংখলতা সঁচাকৈয়ে চিন্তনীয়। কিয়নো এনেবোৰ কাৰণতে অপৰাধ-পথ দুৰ্ঘটনা বা বিভিন্ন অপ্ৰীতিকৰ ঘটনাও অধিক হাৰত সংঘটিত হ’বলৈ ধৰিছে।
(কোনো শিল্পী বা প্ৰকৃত অনুৰাগীক আক্ৰমণৰ উদ্দেশ্যি এই লেখা লিখা হোৱা নাই। সাংস্কৃতিক অনুষ্ঠানত একাংশ দৰ্শকৰ অসাংস্কৃতিক কৰ্মকাণ্ড সন্দৰ্ভতহে আলোচনা কৰাৰ চেষ্টা কৰা হৈছে।)