বিদ্ৰোহী সংগঠন APLAৰ সেনা প্ৰধান ছাহিল মুণ্ডা বিস্ফোৰক মন্তব্য

1 min read

জেলৰ পৰা ওলাই আহিয়েই বিদ্ৰোহী সংগঠন “আপলাৰ” (এ পি এল এ) সেনা প্ৰধান ছাহিল মুণ্ডা বিস্ফোৰক মন্তব্য গোলাঘাট আৰক্ষীৰ বিৰূদ্ধে ।চক্ৰান্তমূলক ভাবে আটক কৰি জেল হাজোটলৈ প্ৰেৰণ কৰিছিল ছাহিল মুণ্ডাসহ “আপলাৰ”(এ পি এল এ) আন এজন সদস্য “জয়ন্ত হাও” ক ।

2019 চনৰ পৰা যুদ্ধ বিৰতিত থকা আনলা গোটৰ পৰা মুঠ 45 জনীয়া এটা গোটে “ছাহিল মুণ্ডা আৰু বিজয় সোনাৰ” নেতৃত্বত ফালৰি কাটি আহি আদিবাসী ৰাইজৰ জ্বলন্ত সমস্যা সমূহ নিৰ্মূল কৰিবলৈ পুনৰ আত্মপ্ৰকাশ ঘটায় আদিবাসী “পিপুল লিবাৰেছন আৰ্মী” নামৰ ( আপলা) আন এক বিদ্ৰোহী সংগঠনৰ ।

বিগত 2022 বর্ষৰ 9 মাৰ্চ তাৰিখে গোলাঘাট জিলা আৰক্ষী প্ৰশাসনে “ছাহিল মুণ্ডাসহ জয়ন্ত হাও” কক গোলাঘাট জিলাৰ উৰিয়ামঘাট আৰক্ষীয়ে চৰকাৰৰ সৈতে আলোচনাত মিলিত কৰাই মধ্যস্থটাকাৰীৰ দায়িত্ব অৰ্পণ কৰাম বুলি ছলনাৰে মাতি আনি দুয়োকে গ্ৰেপ্তাৰ কৰি জেল হাজোটলৈ প্ৰেৰণ কৰে বুলি অভিযোগ উত্থাপন কৰিছে সেনাধক্ষ্য ছাহিল মুণ্ডাই ।

উল্লেখ্য যে 45 জন কেডাৰক লগত লৈ যুদ্ধ বিৰতিত থকা আনলা গোটৰ পৰা ফালৰি কাটি আহি 2019 চনতেই গঠন কৰা আপলাৰ (এ পি এল এ) বৰ্তমান কেডাৰ 125 জন বুলি জানিবলৈ দিয়ে সেনাধক্ষ্য ছাহিল মুণ্ডাই ।

সন্ত্ৰাসবা মুক্ত অসম গঢ়াৰ লক্ষ্যৰে অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই শাসনভাৰ লৈয়েই অসমৰ বিভিন্ন উগ্ৰপন্থী গোটসমূহৰ লগত আলোচনাত মিলিত হৈ পুনৰ মূলসুঁতিলৈ ঘূৰাই আনিবলৈ সক্ষম হোৱাৰ সময়তে এতিয়াও কাৰ্বি আংলং ত “আপলা” নামৰ এটা আদিবাসী উগ্ৰপন্থী সংগঠনে মূলসুঁতিলৈ ঘূৰি অহাৰ দিশত কোনো সুযোগ নোপোৱা কাৰ্যই বিশেষ তাৎপৰ্য বহন কৰিছে।

যদিওবা বিগত ১৩ মাৰ্চত বোকাজানৰ হাংজাংলাংছ খেল পথাৰত আদিবাসীৰ ৫ টাকৈ উগ্ৰপন্থী সংগঠন ক্ৰমে আনলা, এ চি এম এ, এছ টি এফ, বি চি এফ, এ পি এ কে ই আদিবাসী জাতীয় অভিৱৰ্তন অনুষ্ঠিত কৰি অসম আদিবাসী শান্তি সমিতি গঠনেৰে ৰাইজৰ বিভিন্ন জ্বলন্ত সমস্যাৰ দাবী চনদ চৰকাৰৰ ওচৰত উত্থাপন কৰিছিল।

কিন্তু “আপলা” নামৰ যুদ্ধ বিৰতিত বৰ্তমানেও নথকা সংগঠনটোৱে অসম আদিবাসী শান্তি সমিতিৰ দাবী চনদত সহমত নথকাত উক্ত জাতীয় অভিৱৰ্তনত অংশগ্ৰহণ ৰ পৰা বিৰত আছিল। কিয়নো অসম আদিবাসী শান্তি সমিতিয়ে বৃহত্তৰ আদিবাসী ৰাইজৰ স্বাৰ্থক গৌণ হিচাপে লৈ কেৱল তেওঁ লোকৰ ৰাজনৈতিক মুনাফাৰ স্বাৰ্থত হে এই শান্তি সমিতি গঠন কৰিছে বুলি বিস্ফোৰক অভিযোগ উত্থাপন কৰে “আপলাৰ” সেণাধক্ষ্য ছাহিল মুণ্ডাই।

আনহাতে আপলাৰ সেনাধক্ষ্য গৰাকীয়ে এই কথাও স্পষ্ট কৰি দিয়ে যে অসম আদিবাসী শান্তি সমিতিৰ ওপৰত তেওঁ লোকৰ ক্ষুদ্ৰতম আস্থা আৰু ভৰশা নাই। আপলাৰ কেডাৰ সকলে অসম বিধানসভাৰ উপাধ্যক্ষ ডা: নোমল মমিন আৰু কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ডঃ তুলিৰাম ৰংহাংৰ জৰিয়তে অসম চৰকাৰৰ লগত এক শান্তি আলোচনাত মিলিত হ’বলৈ আগ্ৰহ প্ৰকাশ কৰিছে।

এই শান্তি আলোচনাত তেওঁ লোকৰ দাবী থাকিব ক্ৰমে
১ / কাৰ্বি আংলং আৰু অসমত বসবাস কৰা আদিবাসী লোকসকলক জনজাতিকৰণৰ মৰ্যদা প্ৰদান কৰা
২/ প্ৰতিটো বিধানসভাৰ নিৰ্বাচনতে অসমৰ প্ৰতিখন জিলাৰ পৰা এজনকৈ আদিবাসী লোকক বিধায়কৰ প্ৰাৰ্থীত্ব প্ৰদান কৰা
৩/ আদিবাসী লোকসকলক ভূমি পট্টা প্ৰদান কৰা
৪/ মূল সুঁতিলৈ ঘোৰী আহিব বিচৰা আপলাৰ কেডাৰ সকলক পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰা আৰু
৫/ আপলাৰ কেডাৰ সকলৰ ওপৰত থকা বিভিন্ন গোচৰ সমূহ সম্পূৰ্ণ ৰূপে নিষ্পত্তিৰ দাবী জনায়।

You May Also Like

More From Author