অসমৰ ৬খন জিলাৰ প্ৰায় ২৫ হাজাৰ লোক ক্ষতিগ্ৰস্ত হৈছে জেঠমহীয়া বানত,৩ জনৰ মৃত্যু

1 min read

বিগত কেইবা দিনো ধৰি চলি থকা নেৰানেপেৰা বৰষুণৰ ফলত অসমৰ বহু কেইখন জিলাত বান পৰিস্থিতিৰ উদ্ভৱ হৈছে। বিশেষকৈ বৰাক উপত্যকাৰ বহু অঞ্চল আগতীয়া বানত প্লাবিত হৈছে। আনহাতে, কাছাৰ, ধেমাজি, ডিমা হাছাও, হোজাই, পশ্চিম কাৰ্বি আংলং, নগাঁও আৰু কামৰূপ জিলাৰ কিছু অঞ্চলৰ পৰিস্থিতি অতি শোচনীয়।ৰাজ্যখনৰ ৬খন জিলাৰ প্ৰায় ২৫ হাজাৰ লোক এই বানত ক্ষতিগ্ৰস্ত হৈছে। এই পৰ্যন্ত ৩ জনৰ মৃত্যু হোৱাৰ বিপৰীতে আন ৭জন সন্ধানহীন হৈ আছে।

ইফালে আকস্মিক বানত কাটিগড়াৰ কালাইন, ধুমকাৰ, শালিগ্ৰাম আৰু মৌগ্ৰামত বহু ঘৰ-দুৱাৰ ভাঙি গৈছে। কালাইনচেৰা অঞ্চলত প্ৰায় ডেৰ শ বছৰ পুৰণি এখন দলং ক্ষতিগ্ৰস্ত হৈছে। অসম-মেঘালয় ৰাষ্ট্ৰীয় ঘাইপথৰ বহু ঠাইত খহনীয়াৰ সৃষ্টি হৈছে।যাৰ কাৰণে যান-বাহন চলোৱাটো কঠিন আৰু বিপজ্জনক হৈ পৰিছে। ৰে’ল লাইনতো খহনীয়াৰ সৃষ্টি হোৱাত বহু কেইখন ৰে’লৰ যাতায়াত বন্ধ ৰাখিছে উত্তৰ-পূব সীমান্ত ৰে’লৱেই।

You May Also Like

More From Author