ডলু চাহ বাগিচাৰ উচ্ছেদ, ক্ষুব্ধ চাহ জনগোষ্ঠী জাতীয় মহাসভা, তিনিচুকীয়াত প্ৰতিবাদ।

0 min read

তিনিচুকীয়াৰ থানা চাৰিআলিত অসম চাহ জনগোষ্ঠী জাতীয় মহাসভা তিনিচুকীয়া জিলা সমিতিৰ উদ্যোগত
কাছাৰ জিলাৰ ডলু  চাহ বাগিছাৰ ২৫০০ বিঘা  চাহ তলি মাটিত থকা ৩০ লাখ “চাহ গছ ” ধ্বংস  কৰাৰ প্ৰতিবাদত “বিক্ষোভ  প্ৰদৰ্শন কাৰ্যসূচী” লগতে অসমৰ মূখ্যমন্ত্ৰী ,  চাহ জনগোষ্ঠীয় প্ৰতিনিধিত্ব  কৰা কেন্দ্ৰীয়   চৰকাৰৰ ৰাজ্যিকা  শ্ৰম মন্ত্ৰী ৰামেশ্বৰ তেলী , অসম চৰকাৰ শ্ৰম মন্ত্ৰী সঞ্জয় কিষান , সাংসদ কামাখ্যা প্ৰসাদ আৰু  পল্লৱলোচন দাস প্ৰতিমুৰ্তি দাহ কাৰ্যসূচী গ্ৰহণ কৰে ।

কাৰ্যসূচীত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ,  কেন্দ্ৰীয়   চৰকাৰৰ ৰাজ্যিক  শ্ৰম মন্ত্ৰী ৰামেশ্বৰ তেলী মুৰ্দাবাদ, অসম চৰকাৰ শ্ৰম মন্ত্ৰী সঞ্জয় কিষান মুৰ্দাবাদ, চাহ বাগিছা ধ্বংস কাৰী বি.জে.পি চৰকাৰ হাই হাই আদি ধ্বনিৰে উত্তাল কৰি তোলে । ডলু চাহ বাগিছাৰ ২৫০০বিঘা মাটিৰ চাহ গছ উচ্ছেদ কৰা বিজেপি চৰকাৰক অগন্তক লোকসভা নিৰ্বাচনত উচিত উত্তৰ দিয়া হব বুলি জাতীয় মহাসভাই সকিয়াই দিয়ে ।

চাহ শ্ৰমিকক পেটে ভাতে মাৰাৰ বিজেপি চৰকাৰৰ  চক্ৰান্ত  আৰু চাহ জনগোষ্ঠীক প্ৰতিনিধিত্ব কৰা মন্ত্ৰী বিধায়কৰ নিৰব ভূমিকাৰ বিষয়ে তিনিচুকীয়া জিলাৰ সকলো চাহ বাগিছাৰ শ্ৰমিক ৰাইজক অবগত কৰি সজাগ কৰাৰ ব্যৱস্থা কৰা হব বুলিও সংগঠনটোৱে স্পষ্ট কৰি দিছে। সংগঠনটোৱে উল্লেখ কৰা মতে,  “চাহ ” শব্দটোৱে অসমৰ এক বৃহত্তৰ অসমীয়া জাতিৰ  অবিচ্ছেদ্য অংগ “চাহ জনগোষ্ঠী ” পৰিচয় ।

চাহ আমাৰ চাহ জনগোষ্ঠী লোকৰ হৃদয় । চাহ বাগিছাত জন্ম গ্ৰহণ কৰা নেতা, বিধায়ক, মন্ত্ৰী , সাংসদ বৰ্তমান দুই তিনি দিনৰ পৰা ডলু চাহ বাগিছাত ২০০ খন জেচিবিৰে চাহ গছ উচ্ছেদ অভিযান চলি থকাৰ পাছতো আজিলৈকে নিৰব ভুমিকা গ্ৰহন কৰাৰ  বাবে জাতীয় মহাসভা তিনিচুকীয়া জিলা সমিতিয়ে ধিক্কাৰ দিছে ।

You May Also Like

More From Author