আলফা স্বাধীনত যোগদান কৰাৰ পাছত আৰক্ষীৰ চোৰাংচোৱাগিৰি কৰাৰ অভিযোগত বৰপেটাৰ ধনজিৎ দাস নামৰ যুৱকজনক মৃত্যুদণ্ডৰে দণ্ডিত কৰা ঘটনাই সৰ্বত্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ৷
জটিল ৰোগত আক্ৰান্ত এটি পাঁচ বছৰীয়া সন্তানৰ পিতৃ ধনজিৎ দাসক আলফা স্বাধীনে মৃত্যুদণ্ড দিয়াৰ খবৰ পোৱাৰ পিছতে কান্দোনত ভাগি পৰিছে পৰিয়ালৰ লোক৷ উল্লেখযোগ্য যে বৰপেটা চহৰৰ গান্ধী নগৰৰ ১৫ নং ৱাৰ্ডৰ বাসিন্দা ধনজিৎ দাস যোৱা ২০ মাৰ্চৰ পৰা নিখোজ হৈ আছিল৷ ১৯ মাৰ্চৰ ফাকুৱাৰ দিনটোলৈকে বৰপেটাতেই আছিল ধনজিৎ৷
ফাকুৱাৰ দিনা ওচৰ-চুবুৰীয়া এগৰাকী বন্ধুৰ ঘৰলৈ গৈ হোলী খেলাৰ লগতে ম’বাইল ফ’নত ফটোও উঠিছিল ধনজিতে৷ ফাকুৱা উপলক্ষে যোৱা ১৯ মাৰ্চৰ পুৱা বৰপেটা চহৰৰ ভকতপাৰাস্থিত বায়েক-ভিনিহিয়েকৰ ঘৰলৈও গৈছিল ধনজিৎ৷ কিন্তু যোৱা ২০ মাৰ্চৰ পৰা হঠাৎ অন্তৰ্ধান হৈ পৰে ৩৩ বছৰীয়া ধনজিৎ দাস৷ কেৱল অন্তৰ্ধান হোৱাই নহয়, সিদিনাৰ পৰা ধনজিতৰ ম’বাইল ফ’নটোও চুইচ অফ হৈ পৰে৷
পৰৱৰ্তী দিনা অন্যান্য চাৰিজন যুৱকৰ সৈতে ধনজিতে আলফা স্বাধীনত যোগদান কৰা বুলি বাতৰি ওলায়৷ ধনজিতে আলফাত যোগদান কৰা বুলি বাতৰি প্ৰকাশ পোৱাৰ পাছতে চিন্তিত হৈ পৰে পৰিয়ালৰ লোক৷ কিছু বছৰ পূৰ্বে মৃত্যু হোৱা বৰপেটা চহৰৰ গান্ধী নগৰ এলেকাৰ উদ্ধৱ দাস নামৰ এগৰাকী ৰিক্সা চালকৰ কনিষ্ঠ পুত্ৰ আছিল ধনজিৎ দাস৷
জ্যেষ্ঠ ভগ্নী দীপালী দাস আৰু জ্যেষ্ঠ ভাতৃ মনোজ দাসৰ অতি মৰমৰ ভায়েক আছিল ধনজিৎ৷ দৰিদ্ৰ পৰিয়ালৰ সন্তান ধনজিতে বৰপেটা বজাৰৰ আশাদীপ নামৰ এখন কাপোৰৰ দোকানত থাকি পৰিয়াল পোহপাল দিছিল৷
আলফা স্বাধীনত যোগদান কৰাৰ প্ৰায় ২০ দিন পূৰ্বৰ পৰা দোকানখনলৈ অহা-যোৱা বন্ধ কৰি দিছিল ধনজিতে৷ কিছু বছৰ পূৰ্বে ধনজিতে বৰপেটা জিলাৰ গহিয়াৰ সুমন ডেকা নামৰ যুৱতী এগৰাকীৰ সৈতে বিবাহ পাশত আবদ্ধ হৈছিল৷ ধনজিৎ-সুমনৰ আছে ধ্যান নামৰ এটি চাৰে পাঁচ বছৰীয়া পুত্ৰ সন্তান৷ জানিব পৰা মতে ধনজিৎ-সুমনৰ একমাত্ৰ সন্তানটি ৰক্তহীনতা ৰোগত আক্ৰান্ত৷
নিৰ্ধাৰিত সময়ৰ মূৰে মূৰে ৰক্ত দি থাকিবলগীয়া হয় কণমানিটিক৷ অদূৰ ভৱিষ্যতে ধনজিতৰ অৱৰ্তমানত পত্নী-পুত্ৰৰ অৱস্থা কি হ’ব, সেইবোৰ ভাবি-চিন্তি এতিয়া উদ্বিগ্ন হৈ পৰিছে আত্মীয়-স্বজন৷ আজি ধনজিতৰ মৃত্যুৰ বাতৰি পোৱাৰ লগে লগে পত্নী সুমন শোকত ভাগি পৰে৷ যদি আৰক্ষীয়েই ধনজিতক আলফালৈ প্ৰেৰণ কৰিছিল, তেন্তে আৰক্ষীয়ে তেওঁক এই বিষয়ে কিবা জানে নেকি বুলি কিয় বাৰে বাৰে ওলোটাকৈ সুধি আছিল বুলি ধনজিতৰ পত্নীয়ে প্ৰশ্ন উত্থাপন কৰে৷
এতিয়া তেওঁক আৰু তেওঁৰ সন্তানটিক কোনে ন্যায় দিব বুলিও সুমনে চৰকাৰ-প্ৰশাসনক প্ৰশ্ন কৰে৷ আনহাতে আলফা স্বাধীনে যদি এতিয়াও মৃত্যুদণ্ডৰ নিৰ্দেশ কাৰ্যকৰী কৰা নাই, তেন্তে স্বামীক এবাৰৰ বাবে ক্ষমা কৰি সোঁ-শৰীৰে তেওঁলোকৰ মাজলৈ ওভতাই পঠাবলৈ তেওঁ পৰেশ বৰুৱাক আহ্বান জনায়৷ ইপিনে কনিষ্ঠ ভাতৃৰ মৃত্যুৰ বাবে পোনপটীয়াকৈ অসম আৰক্ষীক দোষাৰোপ কৰে ধনজিতৰ জ্যেষ্ঠ ভগ্নী দীপালী দাসে৷
দীপালী দাসে কয় যে অসম আৰক্ষীয়ে ধনজিতক নিজৰ স্বাৰ্থত ব্যৱহাৰ কৰি মৃত্যুমুখলৈ ঠেলি দিলে৷ সেয়েহে ধনজিতৰ পৰিয়ালক সম্পূৰ্ণৰূপে ন্যায় দিবলৈও তেওঁ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাক আহ৩ান জনায়৷
আনহাতে ধনজিতক আলফা স্বাধীনে মৃত্যুদণ্ডৰে দণ্ডিত কৰা ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ধনজিতৰ পত্নী সুমনৰ ভাতৃ মণ্টু ডেকাই কয় যে যিহেতু অসম আৰক্ষীৰ ভুলৰ বাবেই ধনজিতে মৃত্যুক সাবটি ল’বলগীয়া হ’ল, সেয়েহে ধনজিতৰ পৰিয়ালৰ দায়িত্ব অসম আৰক্ষীয়েই ল’ব লাগিব৷ এইক্ষেত্ৰত চৰকাৰৰ কৰণীয় বহুখিনি আছে বুলি তেওঁ মন্তব্য কৰে৷