নগাঁও চহৰত তীব্ৰ যানজঁটৰ সমস্যাই জীয়াতু ভোগাইছে সৰ্বসাধাৰণ ৰাইজক

1 min read

মধ্য অসমৰ প্ৰাণকেন্দ্ৰ স্বৰূপ নগাঁও চহৰত ক্ৰমশঃ বৃদ্ধি পাই অহা যানজঁটৰ সমস্যাই সৰ্বসাধাৰণ ৰাইজক জলাকলা খুৱাইছে । দীৰ্ঘদিনীয়া এই সমস্যাটো ওৰ পেলোৱাৰ বাবে জিলা প্ৰশাসনে চহৰখনৰ দুৱাৰমুখ ক্ৰমে ডিমৰুগুৰি, মৰিকলং,লক্ষীনগৰ আৰু ধিং গেইট এই চাৰি স্থানত স্থায়ী গাড়ী ৰখোৱা আস্থান নিৰ্মাণ কৰিছে । কিন্তু এই আস্থান সমূহ থকা স্বত্বেও চহৰখনৰ ব্যস্ততাপূৰ্ণ প্ৰায়বোৰ স্থানত অবৈধ ভাৱে গঢ় লৈ উঠিছে টেম্প’ অথবা লঘু যাত্ৰীবাহী গাড়ীৰ ষ্টেণ্ড । বিশেষকৈ নগাঁও নগৰ যানবাহন আৰক্ষী থানাৰ গাতে লাগি থকা চিভিল গেইটৰ সমীপৰ টাউন ঈদগাহৰ সন্মুখত,নগাঁও অসামৰিক চিকিৎসালয়ৰ ক’ডিড কেয়াৰ চেন্টাৰৰ সন্মুখত দুখন অবৈধ গাড়ী ষ্টেণ্ড চলি আছে । ইপিনে,খ্ৰীষ্টানপট্টি,মিচন ৰোড তিনিআলিতো এখন ষ্টেণ্ড আছে । যাৰ বাবে নগাঁও মিচন হাইস্কুলৰ সন্মুখৰ পথচোৱাত বিশেষকৈ পুৱা-গধূলি তীব্ৰ যানজঁটৰ সৃষ্টি হয় । আনহাতে,নগাঁও চহৰৰ সোঁ মাজেৰে যোৱা পথ তথা পুৰণি ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথৰ অস্তিত্বহীন জয়শ্ৰী চিনেমা হল চাৰিআলিত আশে-পাশে কেইবাটাও অবৈধ গাড়ী ষ্টেণ্ড চলি আছে । ৰাষ্ট্ৰীয় ঘাইপথৰ গড়কাপ্তনি (ৰাজ্যিক) পথ সংমণ্ডল কাৰ্যালয়ৰ সন্মুখত আৰু হয়বৰগাঁও আৰক্ষী চকী আৰু হয়বৰগাঁও হাইস্কুলৰ এই মাজৰ ঠাইচোৱাত গুৱাহাটীলৈ আহ-যাহ কৰা ট্ৰেভেলাৰ যাত্ৰীবাহী গাড়ী ৰখাই যাত্ৰী উঠা-নমা কৰাৰ বাবে বিশেষকৈ আগবেলাৰ ভাগত যানজঁটৰ সৃষ্টি হয় । উক্ত স্থানত যানবাহন আৰক্ষীৰ লোক নিয়োজিত কৰা হয় যদিও বহু সময়ত কৰ্তব্যৰত আৰক্ষীয়ে নিজৰ দায়িত্ব কৰ্তব্য পাহৰি ৰহস্যজনক ভূমিকা গ্ৰহণ কৰি অহাৰ অভিযোগ প্ৰায়ে উঠিছে । ইপিনে,হয়বৰগাঁও আৰক্ষী চকীৰ সমীপৰ হনুমান মন্দিৰ আৰু শনি মন্দিৰৰ সন্মুখত দুখনকৈ গাড়ী ৰখোৱা ষ্টেণ্ড চলি থকা পৰিলক্ষিত হৈছে । উক্ত ঠাই দুখনত গাড়ী ৰখাই দিনৰ দিনটো যাত্ৰী উঠা- নমাৰ কাৰণে প্ৰায়ে যানজঁটৰ সৃষ্টি হয়। যাৰ ফলত দীৰ্ঘসময় পথাচাৰী ৰৈ থাকি চৰম হাৰাশাস্তিৰ সন্মুখীন হয়। একেদৰে ধিং গেইটৰ উৰণীয়া সেঁতুৰ তলত আৰু উত্তৰ দিশত কেইবাখনো অবৈধ ষ্টেণ্ড চলি থকাৰ বাবে সৃষ্টি হোৱা যানজঁটৰ ফলত সৰ্বসাধাৰণ ৰাইজে চৰম সমস্যাৰ সন্মুখীন হৈছে । তাৰোপৰি,চহৰখন অন্যতম ব্যস্ততাপূৰ্ণ ঠাই এলফিনিষ্টন চাৰিআলি আৰু দক্ষিণপাট ষ্টেণ্ড দুটাও দীৰ্ঘদিন ধৰি অবৈধভাৱে চলি আছে । এইদৰে চহৰখনত কুৰিটাৰো অধিক অবৈধ ষ্টেণ্ড চলি থকাৰ ভাবে যানজঁটৰ সমস্যাটো সমাধানৰ পৰিৱৰ্তে এক জটিল ৰূপ ধাৰণ কৰিছে। নগাঁও যানবাহন আৰক্ষীয়ে নগাঁও চহৰৰ যানজঁটৰ সমস্যা সমাধানৰ বিপৰীতে অবৈধ ষ্টেণ্ডসমূহক পৰোক্ষ ভাৱে সহায় কৰাৰ ফলতেই যানজঁটৰ সমস্যা সমাধানৰ সূত্ৰ উলিয়াবলৈ সক্ষম হোৱা নাই। একেদৰে নগাঁও পৰিবহন বিভাগে অবৈধ ষ্টেণ্ডৰ বিৰুদ্ধে কোনো পদক্ষেপ গ্ৰহণ নকৰাৰ অভিযোগ উঠিছে ।

ঋতু পৰ্ণ শৰ্মা,নগাঁও

You May Also Like

More From Author