প্ৰতিকূল বতৰকো নেওচি শুক্ৰবাৰে পুৱাই মহানগৰীত চলিল প্ৰশাসনৰ উচ্ছেদ অভিযান

0 min read

প্ৰতিকূল বতৰকো নেওচি শুক্ৰবাৰে পুৱাই মহানগৰীত চলিল প্ৰশাসনৰ উচ্ছেদ অভিযান । মহানগৰীৰ চচলস্থিত শিল সাঁকো বিলত প্ৰশাসনৰ এস্কেভেটৰৰ সহায়ত চলিল এই উচ্ছেদ অভিযান। শিল সাঁকো বিলত থকা প্ৰায় ৫০ টা পৰিয়ালৰ বাসগৃহৰ লগতে উচ্ছেদিত ঠাইত থকা মন্দিৰ আদিতো পৰিল প্ৰশাসনৰ এস্কেভেটৰৰ হাঁতোৰা ।

পুৱাই আৰক্ষী অৰ্ধ সামৰিক বাহিনীকে আদি কৰি প্ৰশাসনৰ বৃহৎ এটি দলে প্ৰায় ১২ খনকৈ জে.চি.বি, এস্কেভেটৰৰ সহায়ত শিল সাঁকো বিলৰ প্ৰায় ১০০ মিটাৰ ব্যাসাৰ্ধত চলাই এই উচ্ছেদ অভিযান । ইফালে প্ৰশাসনৰ উচ্ছেদ অভিযান আৰম্ভ হোৱাৰ লগে লগে উচ্ছেদিত পৰিয়াল আৰু আৰক্ষী প্ৰশাসনৰ মাজত সৃষ্টি হয় এক খণ্ড যুদ্ধ ।শিল সাঁকো বিলত পৰিল প্ৰশাসনৰ উচ্ছেদ অভিযানকিয়নো উচ্ছেদিত পৰিয়ালৰ অভিযোগ অনুসৰি কোনো ধৰণৰ আগতীয়া জাননী নিদিয়াকৈ এনেদৰে প্ৰশাসনে আৰম্ভ কৰিছে উচ্ছেদ অভিযান । কিন্তু ইয়াৰ বিপৰীতে প্ৰশাসনৰ ভাষ্য অনুসৰি, প্ৰশাসনে আগতীয়াকৈ এইসকল পৰিয়ালক উচ্ছেদৰ জাননী প্ৰেৰণ কৰিছিল ।

প্ৰশাসনৰ মতে, পূৰ্বতেও এই ঠাইত উচ্ছেদ চলিছিল ৷ কিন্তু উচ্ছেদ কৰাৰ পাচতেই পুনৰ একাংশ লোকে এনেদৰে অবৈধভাৱে বেদখল কৰি আহিছে । ফলত পুনৰ শুকুৰবাৰে উচ্ছেদ অভিযান আৰম্ভ কৰে প্ৰশাসনে ।

You May Also Like

More From Author