নগাঁও চহৰলৈ কলঙৰ পানীৰ তীব্ৰ ভাবুকি,চৰকাৰী-বেচৰকাৰী শিক্ষানুষ্ঠান বন্ধ

1 min read

নিউজ ব্যুৰ’,নগাঁও,২২জুন:–নগাঁও জিলাৰ বান পৰিস্থিতি আজিও ভয়াৱহ হৈয়ে আছে । জিলাখনৰ কলং,কপিলী,বৰপানী নৈৰ লগতে কাষেৰে বৈ যোৱা ব্ৰহ্মপুত্ৰৰ পানী বিপদসীমাৰ ওপৰেৰে বৈ থকাত জিলাখনৰ বান পৰিস্থিতি অধিক ভয়াৱহ হৈ পৰিছে ।

বিশেষকৈ বিগত তিনিদিন ধৰি কলং নৈৰ জলপৃষ্ঠ বৃদ্ধি পাই থকাত কলংপৰীয়া অঞ্চলৰ বান পৰিস্থিতি বিপদজনক হৈ পৰিছে । নগাঁও চহৰৰ মাজেৰে বৈ যোৱা কলং নৈয়ে নগাঁও চহৰৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰিছে ।

ইতিমধ্যে কলং নৈৰ বাঢ়নী পানীয়ে চহৰখনৰ শিৱনগৰ কলংপাৰ পথ,লাওখোৱা পথৰ একাংশ,চকীটুপ,বৈদ্যটুপ,আমিনপট্টি,ফৌজদাৰীপট্টি,মিলনপুৰ,ভূঞাপট্টি,দক্ষিণ হয়বৰগাঁও,মধুপুৰ, আমোলাপট্টিৰ লগতে চহৰখনৰ দাঁতিকাষৰীয়া শিয়ালমাৰী,টাউন তেলিয়াগাঁও,বেঙেনাআটি,ননৈ,বৰঘাট,পানীখাতী,জলাহ আৰু খুটিকটীয়াৰ একাংশকে ধৰি বহু এলেকা প্লাৱিত কৰিছে । চহৰখনৰ আমোলাপট্টি শ্মশান ঘাটৰ ওচৰৰ কলং নৈৰ মথাউৰিৰ ওপৰৰে পানী বাগৰিছে ।

জলসম্পদ বিভাগে জনোৱা তথ্য অনুসৰি আজি বিয়লি কলং নৈ বিপদসীমাৰ ১.৯১ মিটাৰ ওপৰৰে বৈ আছে । একেদৰে ৰহাত কলং নৈ বিপদসীমাৰ ২.১৩ মিটাৰ ওপৰৰে বৈ আছে । কামপুৰত কপিলী নৈৰ বিপদসীমাৰ ১.৪৮ মিটাৰ ওপৰৰে বৈ আছে । শিলঘাটত ব্ৰহ্মপুত্ৰ বিপদসীমাৰ ৪মিটাৰ ওপৰৰে বৈ আছে । অৱশ্যে শিলঘাট,ৰহা, কামপুৰত নদীৰ জলস্তৰ কিছু পৰিমাণে হ্ৰাস পাইছে । কলঙৰ জলপৃষ্ঠ প্ৰতিদিনে নগাঁও চহৰত বৃদ্ধি হৈ থকাত নগাঁও চহৰবাসী শংকিত হৈ পৰিছে ।

কপিলী, হাৰিয়া,নিশাৰী,বৰপানী নৈৰ বানপানীয়ে নগাঁও সদৰ, কামপুৰ আৰু ৰহা ৰাজহ চক্ৰৰ বান অধিক জটিল কৰি তুলিছে । নগাঁও জিলা দুৰ্যোগ প্ৰশমন বিভাগে জনোৱা তথ্য অনুসৰি জিলাখনত ৩০৬খন গাঁও বানপানীৰ কৱলত পৰিছে । ইপিনে বান পৰিস্থিতিৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি জিলা প্ৰশাসনে নগাঁও,ৰহা আৰু কামপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত সকলো চৰকাৰী আৰু বেচৰকাৰী শিক্ষানুষ্ঠানসমূহ বন্ধ ঘোষণা কৰিছে ।

ঋতু পৰ্ণ শৰ্মা,নগাঁও

You May Also Like

More From Author