পানীদিহিং পক্ষী অভয়াৰণ্যত গছপুলি ৰোপণ জিলা ট্যুৰিষ্ট গাইডৰ

0 min read

আজি বিশ্ব পৰিবেশ দিৱস। সেয়ে উজনি অসমৰ একমাত্ৰ পক্ষী অভয়াৰণ্য পানিদিহিংত শিৱসাগৰ জিলা ট্যুৰিষ্ট গাইড, সামাজিক সংস্থা অৰণ্যমৰ উদ্যোগত তথা শিৱসাগৰ জিলা পৰ্যটন বিভাগৰ সহযোগত এক বৃক্ষ ৰূপণ কাৰ্যসূচী হাতত লোৱা হয়। লগতে বৃক্ষ ৰোপণ কাৰ্যসূচীৰ অন্তত প্ৰকৃতিৰ জমাদাৰ স্বৰূপ শগুণক সংৰক্ষণ কৰাৰ উপৰি খাদ্য যোগানৰ ক্ষেত্ৰত নিৰলস ভাৱে বছৰ বছৰ ধৰি কাম কৰি অহা ৰাজেন্দ্ৰ মিলিক সম্বৰ্ধনা জনোৱা হয়।

উক্ত বৃক্ষ ৰোপণ কাৰ্যসূচীত উপস্থিত থাকে মৰাণ মহিলা বিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপক অজয় কুমাৰ গগৈ, শিৱসাগৰ জিলা পৰ্য্যটক তথ্য বিষয়া মাধৱ দাস, তিনিচুকীয়া জিলা পৰ্যটক তথ্য বিষয়া নয়নমণি পামেগাম, ডিমৌ প্ৰেছ ক্লাৱৰ সকলো সদস্যকে ধৰি শিৱসাগৰ ট্যুৰিষ্ট গাইডৰ সমূহ বিষয়ববীয়া। আজি পানীদিহিং পক্ষী অভয়াৰণ্যত ৰূপন কৰা গছপূলি সমূহ প্ৰতিপালনৰ দায়িত্ব ডিমৌ প্ৰেছ ক্লাৱে গ্ৰহণ কৰাৰ কথা ঘোষণা কৰে।

You May Also Like

More From Author