নগাঁৱত ২৪ জুলাইৰ পৰা “গান্ধাৰ”ৰ উদ্যোগত সোণসেৰীয়া গীতৰ প্ৰশিক্ষণ

1 min read

নিউজ ব্যুৰ’,নগাঁও,১৪জুলাই:–নগাঁও জিলাৰ অন্যতম সাংস্কৃতিক গোষ্ঠী “গান্ধাৰ”ৰ উদ্যোগত অহা ২৪ জুলাইৰ পৰা ৩০ জুলাইলৈ সদৌ অসম অসমীয়া ন-পুৰণি সোণসেৰীয়া গীতৰ (গায়কী) প্ৰশিক্ষণ-২০২২ৰ আয়োজন কৰা হৈছে । নগাঁও চহৰৰ নতুন বজাৰৰ নগাঁও সংগীত শিল্পী মঞ্চগৃহত প্ৰতিদিনে বিয়লি ২বজাৰ পৰা ৬বজালৈ প্ৰশিক্ষণ প্ৰদান কৰা হ’ব বুলি সভাপতি বিষ্ণুৰাম মেধি আৰু সম্পাদক প্ৰদীপ বৰাই জনাইছে ।

১৬সংখ্যক প্ৰশিক্ষণত বিশিষ্ট সংগীত শিল্পী মৃণাল কান্তি মেধি,মুম্বাইৰ প্ৰতিষ্ঠিত কণ্ঠশিল্পী অনিন্দিতা পাল,মধুস্মিতা ভট্টাচাৰ্য আৰু খ্যাতনামা কণ্ঠশিল্পী নাহিদ আফ্ৰিনে প্ৰশিক্ষণ প্ৰদান কৰিব । ৩০জুলাইৰ সামৰণি অনুষ্ঠানত কৃতী ছাত্ৰ-ছাত্ৰীক অভিনন্দন জনোৱা হ’ব । অনুষ্ঠানত জনপ্ৰিয় কণ্ঠশিল্পী কৃষ্ণমণি নাথ আৰু তৰালী শৰ্মাকে প্ৰমুখ্য কৰি বহু কেইজন গণ্যমাণ্য উপস্থিত থাকিব । প্ৰশিক্ষণত যোগদান কৰিব বিচৰাসকলক ৮৮২২০৮০৯২২, ৮৬৩৮১৩৩১৪৪,৯৩৬৫১০৫২৮৬ অথবা ৯১০১২৮২৬২৩১ নম্বৰত যোগাযোগ কৰিবলৈ উদ্যোক্তাসকলে জনাইছে ।

ঋতু পৰ্ণ শৰ্মা,নগাঁও

You May Also Like

More From Author