নগাঁও উকীল সন্থাৰ কামপুৰ আৰু ৰহাত বান সাহায্য প্ৰদান

1 min read

নিউজ ব্যুৰ’,নগাঁও,৩জুলাই :–বান বিধ্বস্ত নগাঁও জিলাৰ কামপুৰ ৰাজহ চক্ৰ আৰু ৰহা ৰাজহ চক্ৰৰ অন্তৰ্গত কেইবাখনো ৰাজহ গাঁৱৰ বানাক্ৰান্তসকলৰ মাজত নগাঁও উকীল সন্থাৰ এটি দলে ৰবিবাৰে বান সাহায্য প্ৰদান কৰে। নগাঁও উকিল সন্থাৰ সভাপতি আবুল হাচিম খণ্ডকাৰ আৰু সাধাৰণ সম্পাদক অজিত কুমাৰ বৰাৰ নেতৃত্বত যোৱা অধিবক্তাৰ দলটিয়ে আজি পুৱাৰ ভাগত ৰহা তিনিখুটি, টুবুকি বৰডুবি,দক্ষিণ জাগীয়াল গাওঁ পঞ্চায়ত আৰু কামপুৰ এলেকাৰ তেতেলীসৰা, কলাইখোৱা আৰু কেঁকুৰিবাৰী, নিজ কামপুৰ গাঁও পঞ্চায়তত বিতৰণ কৰে । সামগ্ৰী তথা সাহাৰ্য বিতৰণ কাৰ্যসূচীত সন্থাৰ সভাপতি আবুল হাছেম খন্দকাৰ,সম্পাদক অজিত কুমাৰ বৰা,জ্যেষ্ঠ সদস্য তথা অধিবক্তা মহেশ চন্দ্ৰ দাস,সহঃ সম্পাদক আবু বক্কৰ ছিদ্দিক আৰু সদস্য পংকজ হাজৰিকা,কংকণ বৰুৱা,অনুপম গোস্বামী,পংকজ কলিতাকে আদিকে ধৰি কেইবাজনো সদস্যই ভাগ লয় ।

ঋতু পৰ্ণ শৰ্মা,নগাঁও

You May Also Like

More From Author