নগাঁৱৰ বঢ়মপুৰ প্ৰেছ ক্লাৱৰ পঞ্চদশ বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উদযাপন

1 min read

নিউজ ব্যুৰ’,নগাঁও,৮জুলাই- নগাঁও জিলাৰ বঢ়মপুৰ প্ৰেছ ক্লাৱৰ পঞ্চদশ বাৰ্ষিক প্ৰতিষ্ঠা দিৱসটি আজি দিনজোৰা কাৰ্যসূচীৰে উদযাপন কৰা হয় । এই উপলক্ষে বঢ়মপুৰ শ্বহীদ স্মৃতি আদৰ্শ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আয়োজিত প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচী অনুসৰি পুৱা ক্লাৱৰ পতাকা উত্তোলনেৰে শুভাৰম্ভ কৰে সভাপতি যতীন্দ্ৰ কুমাৰ শইকীয়াই আৰু বন্তি প্ৰজ্বলন কৰে প্ৰাক্তন সভাপতি ৰাণা প্ৰতাপ ভূঞাই। ইয়াৰ পিছতে বিদ্যালয়খনৰ চৌহদত নগাঁও বন সংমণ্ডল বিষয়া ভাস্কৰ ডেকা, লোক নিৰ্মাণ বিভাগৰ নগাঁও চক্ৰৰ অধীক্ষক অভিযন্তা প্ৰণৱ কুমাৰ ৰাভা,ইটাচালি নগৰ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া অনুপ কটকীয়ে গছপুলি ৰোপন কৰে ।

অতিথিসকলক ফুলাম গামোচা, চেলেং আৰু প্ৰতীকেৰে সম্ভাষণ জনোৱা হয়। দুপৰীয়া ক্লাৱৰ সভাপতি যতীন্দ্ৰ কুমাৰ শইকীয়াৰ সভাপতিত্বত অনুষ্ঠিত সম্বৰ্ধনা অনুষ্ঠানত নগাঁও মহাবিদ্যালয়ৰ সংস্কৃত বিভাগৰ অৱসৰপ্রাপ্ত মুৰব্বী অধ্যাপক,বিশিষ্ট নাট্যশিল্পী, গীতিকাৰ গুণ শইকীয়া,খ্যাতনামা ভাস্কৰ্য শিল্পী,চিত্ৰকৰ তথা বঢ়মপুৰ নৱম অসম আৰক্ষী বাহিনীৰ উপ পৰিদৰ্শক পংকজ মহন্ত,নগাঁৱৰ অন্যতম আগশাৰীৰ শিক্ষানুষ্ঠান ”কলং-কপিলী বিদ্যাপীঠ”ৰ ৰেক্টৰ তথা সম্পাদক বিধান বৰুৱা আৰু মঞ্চ-চলচ্চিত্ৰৰ খ্যাতনামা অভিনেতা,”বেহাৰবাৰী আউট প’ষ্ট”ৰ কে কে খ্যাত সিদ্ধাৰ্থ শৰ্মাক ফুলাম গামোচা,চেলেং আৰু সম্বৰ্ধনা পত্ৰৰে বিশেষভাৱে সম্বৰ্ধনা জনোৱা হয়। বিশেষভাৱে সম্বৰ্ধিত বিশিষ্ট ব্যক্তিসকলৰ লগতে বঢ়মপুৰ শ্বহীদ স্মৃতি আদৰ্শ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ নলিনী কুমাৰ বৰা, পুৰণিগুদাম ডঃবিৰিঞ্চি কুমাৰ বৰুৱা মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ নৃপেন চন্দ্ৰ দাস,অৱসৰপ্ৰাপ্ত অধ্যাপক তথা জ্যেষ্ঠ সাংবাদিক নৱ কুমাৰ মহন্তৰ উপৰি অৱসৰপ্ৰাপ্ত শিক্ষক নৰেন্দ্ৰ নাথ শৰ্মা আৰু সমাজকৰ্মী বিৰিঞ্চি বৰাই বিভিন্ন বিষয় সম্পৰ্কত আলোকপাত কৰা অনুষ্ঠানতে সদ্যঘোষিত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত বাণিজ্য শাখাত ৰাজ্যৰ ভিতৰতে নৱম স্থানপ্ৰাপ্ত তথা বঢ়মপুৰৰ মাজ পোটনি নিবাসী চন্দন বৰাক ফুলাম গামোচা,চেলেং আৰু অভিনন্দন পত্ৰৰে উষ্ম অভিনন্দন জনোৱা হয়। ক্লাৱৰ সম্পাদক নিপুল বৰাই আঁত ধৰা অনুষ্ঠানতে প্ৰাক্তন অধ্যক্ষ দেবানন্দ গোস্বামী, শৈলেন্দ্ৰ গোস্বামী,বঢ়মপুৰ পশুধন পামৰ পৰিচালক ডাঃ বিদ্যা বৰুৱা, লেখক-শিল্পী গোলাপ বৰা, অৱসৰপ্রাপ্ত শিক্ষক,”কলংপাৰ” কাকতৰ সম্পাদক ভবেন বৰা, শিল্পী পেঞ্চনপ্ৰাপ্ত বিশিষ্ট নাট আৰু চলচ্চিত্ৰ অভিনেতা-পৰিচালক পুণ্যদা বৰা,অৱসৰপ্ৰাপ্ত বিষয় শিক্ষক মনো কলিতা,বিষয় শিক্ষয়িত্ৰী দীপিকা বৰা,বঢ়মপুৰ শ্ৰীমন্ত শংকৰ মিছন অন্ধ বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী গুণ বৰা,মৌজাদাৰ মাধৱ শইকীয়া, অৱসৰপ্রাপ্ত শিক্ষক থুলেশ্বৰ বৰা, শিক্ষক শৰৎ শইকীয়া,পদুম বৰুৱা,সত্ৰীয়া সংস্কৃতিৰ সাধক বিষ্ণুৰাম মেধি,সংগীত শিল্পী প্ৰদীপ বৰা,শিল্পী খগেন গগৈ,সমাজকৰ্মী হৰ বৰা,গোলাপ কলিতা,চিত্ৰশিল্পী নিৰঞ্জন বৰুৱা প্ৰমুখ্যে শতাধিক আমন্ত্ৰিত ব্যক্তিক ফুলাম গামোচাৰে আদৰণি জনোৱা হয়। বিদ্যালয়খনৰ শিক্ষক-শিক্ষয়িত্ৰী, ছাত্র-ছাত্ৰীসকলেও অংশগ্ৰহণ কৰা অনুষ্ঠানৰ অন্তত শলাগৰ শৰাই আগবঢ়ায় ক্লাৱৰ পত্ৰিকা সম্পাদক জয়ন্ত বৰাই । সম্বৰ্ধিতসকলক আদৰণি পৰ্বত সহযোগিতা আগবঢ়ায় ক্লাৱৰ কাৰ্যকৰী সভাপতি বৰুণজ্যোতি নেওগ,সহ সম্পাদক ৰিতু নেওগ, প্ৰচাৰ সম্পাদক হিমাংশু বৰা, কাৰ্যকৰী সদস্য পদ্মকান্ত হাজৰিকা প্ৰমুখ্যে বিদ্যালয়খনৰ ছাত্ৰীসকলে ।

ঋতু পৰ্ণ শৰ্মা,নগাঁও

You May Also Like

More From Author