পি চি অ’ ডি! কেনকৈ নিজৰ যত্ন লব?

1 min read

পলিছিষ্টিক অৱেৰিয়ান ডিজিজ বা ছিনড্র’ম বর্তমান কিশোৰী বা কম বয়সীয়া মহিলাসকলৰ দেখা দিয়া এক মেটাব’লিক সমস্যা৷ সাধাৰণতে শকত–আৱত মহিলাসকল এনে সমস্যাত ভোগে৷ এনে মহিলাৰ মাহেকীয়া ঋতুস্রাৱ কম পৰিমাণৰ বা অনিয়মীয়া বা বন্ধ হোৱা দেখা যায়৷ বিয়াৰ পাছত এনে মহিলা সন্তানহীনতাৰ সমস্যাতো ভোগে৷ সেয়েহে ইয়াৰ বিষয়ে সবিশেষ জনাটো দৰকাৰ৷
প্রায় ২০–৩০ শতাংশ কমবয়সীয়া মহিলাৰ আলট্রাচাউণ্ড কৰিলে, পি চি অ’ এছ থকাটো ধৰা পৰে৷ এনে মহিলাৰ লক্ষণসমূহ ধৰা নপৰিব পাৰে৷ সাধাৰণতে ২০–৩০ বছৰত ইয়াক দেখা যায়৷
মহিলাসকলৰ দেহত দুটা ডিম্বাশয় (অভেৰি) থাকে৷ এই ডিম্বাশয়ৰ পৰা এষ্ট্র’জেন, প্রজেষ্টেৰ’ন, এনড্র’জেন নামৰ হৰম’ন উৎপন্ন হয়৷ এই হৰম’ন তিনিবিধ, ৰাসায়নিকভাৱে ইটোৰ পৰা সিটোলৈ পৰিৱর্তন ঘটি সলনি হ’ব পাৰে৷ ডিম্বাশয়ত এই হৰম’নসমূহৰ উৎপাদন প্রক্রিয়াৰ তাৰতম্য ঘটিলেই মাহেকীয়া ঋতুস্রাৱৰ পৰিৱর্তন হয় নতুবা বন্ধ হয়৷ ডিম্বাশয়ৰ বাহিৰৰ আৱৰণখন ডাঠ হৈ পৰাৰ ফলত এনড্র’জেন হৰম’নৰ উৎপাদন বাঢ়ি যায়৷ অতিৰিক্তভাৱে উৎপন্ন হোৱা এনড্র’জেন হৰম’ন এষ্ট্র’জেনলৈ ৰূপান্তৰ ঘটি শৰীৰত এষ্ট্র’জেন হৰম’নো বৃদ্ধি কৰে৷ ইয়াৰ ফলত এল এইচ হৰম’নৰ উৎপাদন বাঢ়ে আৰু এফ এছ এইচ হৰম’ন কমে৷ এই এল এইচ হৰম’নৰ প্রভাৱৰ ফলত ডিম্বাশয়ৰ বাহিৰৰ আৱৰণ ডাঠ হৈ পৰে আৰু এনড্র’জেন হৰম’নৰ উৎপাদন বাঢ়ি যায়৷ ইয়াৰ ফলত দেহত অৱাঞ্চিত নোম গজিবলৈ ধৰে৷ মাহেকীয়া ঋতুস্রাৱ বন্ধ হয়, দেহত ইনচুলিনৰ পৰিমাণ বাঢ়ে৷ শৰীৰত চর্বি জমা হ’বলৈ ধৰে৷ জৰায়ুৰ ভিতৰভাগ ডাঠ হ’বলৈ ধৰে৷ ইয়াৰ ফলত জৰায়ুৰ দেহ ভাগৰ কর্কট ৰোগৰ সম্ভাৱনীয়তা বৃদ্ধি পায়৷
পি চি অ’ এছৰ কাৰণসমূহ ঃ
১৯৩৫ চন মানতে প্রথমতে ‘ষ্টিল আৰু লিভেণ্ডাল নামৰ বৈজ্ঞানিক দুজনে পি চি অ’ ডি/পি চি অ’ এছ বর্ণনা কৰিছিল৷ সেয়েহে তেওঁলোকৰ নামেৰেই মহিলাৰ এনে সমস্যাক ‘ষ্টিল লিভেণ্ডাল ছিনড্র’ম’ হিচাপে জনাজাত আছিল৷ পাছলৈ ইয়াক পি চি অ’ ডি/পি চি অ’ এছ হিচাপে নামকৰণ কৰা হয়৷ যদিও প্রকৃত কাৰণ এতিয়ালৈকে জনা হোৱা নাই কেতবোৰ কাৰকে ইয়াৰ আৱির্ভাৱৰ উমান দিয়ে৷

এইটো ধাৰণা কৰা হৈছে যে যৌৱনৰ (পিউবাৰটি) আগৰ বা যৌৱনৰ পাছৰ ‘এড্রিনেল গ্রন্থি’ৰ অস্বাভাৱিক হৰম’নৰ তাৰতম্যই পাছলৈ ডিম্বাশয়ত প্রভাৱ কৰি হৰম’নৰ তাৰতম্যৰ সৃষ্টি কৰে৷
কিছুমানে ভাবে যে পৰিয়ালকেন্দ্রিক বা (জেনেটিক) বংশানুগত কাৰকৰ বাবেও এনে হ’ব পাৰে৷ প্রায় ৫০ শতাংশ এনে মহিলাৰ ভনী বা ‘মা’ বা ‘জী’ পি চি অ’ এছত আক্রান্ত হোৱাৰ ইতিহাস থাকে৷
মেদবহুলতা আন এক কাৰক৷ সাধাৰণতে শকত–আৱত মহিলা পি চি অ’ এছত বেছিকৈ ভোগা দেখা যায়৷
পি চি অ’ ডিৰ লক্ষণসমূহ তথা কাৰকসমূহৰ ইমান ভিন্নতা আছে যে ইয়াক ‘ডিজিজ বা বেমাৰ নুবুলি এক চিকিৎসা বিষয়ক সত্ত্বা (ছিনড্র’ম) বুলিলেহে বেছি শুৱায়৷
লক্ষণসমূহ ঃ
পি চি অ’ এছত ভোগা বুলিলে বা হোৱা বুলি জানিবৰ বাবে তিনিটা প্রধান নিয়মৰ যিকোনো দুটা থাকিব লাগে৷
ক) মাহেকীয়া ঋতুস্রাৱ অনিয়মীয়া হোৱা বা কমকৈ হোৱা নতুবা বন্ধ হোৱা৷
খ) তেজত এনড্র’জেন হৰম’নৰ পৰিমাণ বাঢ়ি যোৱা৷
গ) আল্ট্রাচাউণ্ড কৰিলে ডিম্বাশয়ত বহুতো সৰু সৰু ছিষ্ট পোৱা বা দেখা৷
তেজত এনড্র’জেন হৰম’নৰ পৰিমাণ বাঢ়ি যোৱাৰ ফলত এনে মহিলাৰ দেহত মতা মানুহৰ দৰে নোম গজে, শালমইনা ওলায়৷ চুলি সৰাৰ ফলত মতা মানুহৰ দৰে টপা হ’বলৈ ধৰে৷
মেদবহুলতা আন এক লক্ষণ৷ ৪০–৫০ শতাংশ পি চি অ’ এছত আক্রান্ত মহিলা শকত হোৱা দেখা যায়৷ ক্ষীণ দেহৰ মহিলাও পি চি অ’ এছত আক্রান্ত হ’ব পাৰে৷
সন্তানহীনতা আন এক সমস্যা৷ প্রায় ৩০ শতাংশ মহিলাই সন্তানহীনতাৰ বাবে চিকিৎসা ল’ব লগা হয়৷
পি চি অ’ এছ আৰু স্বাস্থ্যৰ ওপৰত পৰা ইয়াৰ প্রভাৱ ঃ
ক) মেদবহুলতা আৰু হৰম’নৰ কু –প্রভাৱৰ ফলত এনে মহিলা হূদযন্ত্রৰ বিভিন্ন ৰোগত আক্রান্ত হ’ব পাৰে৷ তেজত অদ্রৱণীয় চর্বিজাতীয় পদার্থসমূহ যেনে ‘ট্রাই গ্লিছাৰাইড, এল ডি এল (লো ডেন্ছিটি লাইপ’প্র’টিন) বাঢ়ি তেজৰ নলীকাবোৰৰ আয়তন কমোৱাৰ ফলত উচ্চ ৰক্তচাপ, ‘ষ্ট্রোক’ আদিত আক্রান্ত হ’ব পাৰে৷ এনড্র’জেন হৰম’নৰ কু–প্রভাৱৰ ফলত দেহত থকা, হূদযন্ত্রৰ উপকাৰী এইচ্ ডি এল (হাই ডেনচিটি লাইপ’প্র’টিন) কমে, ফলত হূদৰোগত আক্রান্ত হোৱাৰ সম্ভাৱনীয়তা বৃদ্ধি পায়৷
খ) মধুমেহ ৰোগ (ডায়েবেটিছ) ঃ এনড্র’জেন হৰম’নৰ প্রভাৱত শৰীৰত ইনচুলিনৰ সক্রিয়তা কমে৷ ফলত মহিলাগৰাকী মধুমেহ বা বহুমূত্র ৰোগত আক্রান্ত হয়৷ ২০ শতাংশ ক্ষীণ আৰু ৪০ শতাংশ শকত মহিলা যি পি চি অ’ এছত ভুগিছে, গ্লু’কজৰ সহনক্ষমতা বিচ্যুতি ঘটি ডায়েবেটিছৰ চিকাৰ হয়৷
গ) ‘হম’ছিষ্টিন’ নামৰ এবিধ ৰাসায়নিক দ্রব্যৰ, এনে মহিলাৰ তেজত যথেষ্ট পৰিমাণে বাঢ়ি যায়৷ ইয়ে ৰক্তপৰিবাহী নলীৰ ভিতৰভাগত গেদজাতীয় পদার্থ জমা হোৱাত সহায় কৰে৷ ফলত ৰক্তপৰিবাহী নলীৰ ভিতৰৰ আয়তন কমে৷ আৰু সুচল ৰক্ত প্রবাহত বাধাৰ সৃষ্টি কৰে৷ ইয়ে উচ্চ ৰক্তচাপৰ লগতে ষ্ট্রোক তথা সঘন গর্ভপাতৰ কাৰক হয়৷ ৰক্ত পৰিবাহী নলীৰ ভিতৰভাগত জমা হোৱা গেদজাতীয় পদার্থৰ প্রক্রিয়াটোক ‘এথেৰ’স্কেৰ’ছিছ’ বুলি জনা যায়৷
ঘ) জৰায়ুৰ কর্কট ৰোগ–জৰায়ুৰ ভিতৰভাগত থকা ‘এন্ড্র’মেট্রিয়াম’ নামৰ ‘মিউকাচৰ’ আৱৰণখন অধিক বৃদ্ধি হোৱাৰ ফলত ইয়াৰ পৰা হোৱা কর্কট ৰোগৰ আশংকা বাঢ়ি যায়৷ শৰীৰত এষ্ট্র’জেন হৰম’নৰ অস্বাভাৱিক বৃদ্ধিয়ে ইয়াৰ কাৰণ৷
ঙ) স্তনৰ কর্কট ৰোগ – পি চি অ’ এছত ভোগা মহিলাৰ স্তনৰ কর্কটৰোগ হোৱাৰ প্রৱণতা বাঢ়ি যায়৷
চ) ডিম্বাশয়ৰ কর্কটৰোগ– সন্তানহীনতাত ভোগা পি চি অ’ এছত আক্রান্ত এনে মহিলাৰ ‘অভিউলেশ্বনৰ’ বাবে ব্যৱহাৰ কৰা বিভিন্ন ধৰণৰ ঔষধৰ বাবে ডিম্বাশয়ৰ (অবেৰিয়ান কেঞ্চাৰ) কর্কট ৰোগ বাঢ়ে বুলি ধৰা হয়৷

 

পৰীক্ষাসমূহঃ
ক) তেজ পৰীক্ষাঃ তেজৰ পৰীক্ষাসমূহ মাহেকীয়াৰ ভিতৰত কৰোৱাব লাগে৷ মাহেকীয়াৰ দ্বিতীয় বা তৃতীয় দিনা উত্তম সময়৷ তেজত এফ এছ এইচ (ফলিকুল ষ্টিমুলেটিং হৰম’ন) কমে, এল এইচ (লিউটিনাইজিং হৰম’ন) বাঢ়ে প্রায় তিনিগুণ, এনড্র’জেন বাঢ়ে, টেষ্টোষ্টেৰ’ন, এনড্র’ষ্টিনে ডিয়ন হৰম’ন বাঢ়ে৷ তেজত থকা ‘চেক্স হৰম’ন বাইণ্ডিং গ্ল’বিউলিন’ৰ পৰিমাণ কমে৷ ইয়াৰ উপৰি থাইৰয়ড হৰম’ন, প্রলেকটিন, ইনচুলিনৰ পৰিমাণ তেজত জোখা হয়৷

খ) আল্ট্রাছাউণ্ডঃ তলপেটৰ আল্ট্রাছাউণ্ড কৰি জৰায়ু আৰু ডিম্বাশয়ৰ লগতে কিবা ‘টিউমাৰ আছে নেকি পৰীক্ষা কৰা হয়৷ ডিম্বাশয়ৰ আকাৰ ডাঙৰ হোৱা, আৱৰণ ডাঠ হোৱাৰ লগতে ডিম্বাশয়ৰ পৰিধিৰ ফালে সৰু সৰু বহুতো ‘ছিষ্ট’ থকাটো পি চি অ’ এছৰ লক্ষণ৷ এনে ডিম্বাশয় দেখাত ‘নেকলেছ’ গলপাতাৰ দৰে দেখি– যি পি চি অ’ এছৰ মূল লক্ষণ৷

গ) লেপাৰ’স্কপিঃ লেপাৰ’স্কপি কৰিলে এনে মহিলাৰ মুকুতাৰ দৰে বগা নোদোকা ডিম্বাশয়ৰ লগতে ইয়াৰ ডাঠ আৱৰণ (কেপচুল) ধৰিব পাৰি৷

চিকিৎসাঃ পি চি অ’ এছৰ চিকিৎসাৰ মূল লক্ষ্য হ’ল শৰীৰৰ ওজন কমোৱা৷ ঋতুস্রাৱ নিয়মীয়া কৰা আৰু হৰম’নৰ (এনড্র’জেন) পৰিমাণ কমোৱা৷ পি চি অ’ এছত ভোগা কিশোৰী বা মহিলাসকল বিভিন্ন কাৰণত মানসিকভাৱে ভাগি পৰে৷ সেয়েহে মানসিকভাৱে সবল কৰাটোও চিকিৎসাৰ লক্ষ্য৷ তলত ইয়াক বিশদভাৱে আলোচনা কৰা হ’ল৷

ক) মনস্তাত্ত্বিক সমর্থন (ছাইক’ল’জিকেল ছাপ’ট) ঃ মানসিক, সামাজিক তথা দৈহিক সকলো ফালৰ পৰাই তেওঁলোকৰ ওপৰত চাপ পৰে৷ শৰীৰত গজা অৱাঞ্চিত নোমৰ বাবে মুকলিকৈ মানুহৰ লগত মিলিবলৈ অসুবিধা পায়৷ ওজন কমাব নোৱাৰে বাবে মানসিক অশান্তিত ভোগে৷ সন্তানহীনতাৰ বাবে গৃহ কন্দলৰ সন্মুখীন হয়৷ এনে পৰিস্থিতিত বন্ধু–বান্ধৱ তথা পৰিয়ালৰ সকলোৰে পৰা মানসিক উৎসাহ তথা সদ্ভাৱ অতি দৰকাৰী৷ মনোবৈজ্ঞানিক সহায় বা সমর্থন সেয়েহে অতি দৰকাৰী৷

খ) শৰীৰৰ ওজন হ্রাসঃ ওজন কমোৱাটো শকত পি চি অ’ এছ মহিলাৰ প্রধান উদ্দেশ্য৷ মেদবহুলতাই পি চি অ’ এছৰ লক্ষণসমূহ বঢ়াই তোলে৷ যিবোৰ মহিলাৰ বি এম আই ৩০ৰ অধিক, তেনে মহিলাক দেহৰ ওজন কমাবলৈ উৎসাহিত কৰিব লাগে৷ ইয়াৰ ভিতৰত খোৱাৰ পৰিমাণ কমোৱা, শাৰীৰিক শ্রম আৰু ব্যায়াম প্রধান৷ মিঠাই খোৱা কমাব লাগে৷ ভাতৰ সলনি ৰুটি খোৱা দৰকাৰ৷ চর্বিযুক্ত আহাৰ কমাই খাদ্য তালিকাত শাক–পাচলি তথা মাহজাতীয় খাদ্যৰ সংযোজন কৰিব লাগে৷ সেয়েহে কম কেল’ৰিযুক্ত আহাৰ এনে মহিলাৰ বাবে উত্তম৷ বজাৰত উপলব্ধ শীতল পানীয়, আইচক্রীম, পথৰ দাঁতিত পোৱা সহজলভ্য খাদ্য (ফাষ্ট ফুড) বর্জনীয়৷ দৈনিক ৩০ মিনিট সময় বেগাই খোজ কাঢ়িলে নতুবা ব্যায়াম কৰিলে সুস্বাস্থ্য ৰক্ষা কৰাত সহায়ক হয়৷ কিন্তু শকত মানুহ এজনে ওজন কমাবলৈ দৈনিক ৬০–৯০ মিনিট সময় বেগাই খোজ কঢ়া বা ব্যায়াম কৰা দৰকাৰ৷

ওজন কমাবলৈ কেতবোৰ ঔষধো ব্যৱহাৰ কৰা হয়৷ এনে ঔষধবোৰৰ ভিতৰত অৰলিষ্টেট আৰু চিবুট্রেমাইন প্রধান৷ এনেবোৰ ঔষধে খাদ্যত থকা চর্বিজাতীয় পদার্থ শৰীৰে আহৰণ কৰাত বাধা দিয়ে৷ ভোক কমায়৷ ফলত শৰীৰৰ ওজন হ্রাস পায়৷
অস্ত্রোপচাৰৰ সহায়তো (বেৰিয়েট্রিক ছার্জাৰি) শৰীৰৰ পৰা অলাগতিয়াল চর্বিসমূহ কমাব পাৰি৷ যিবোৰ মহিলাৰ বি এম আই ৩৫ৰ অধিক৷ তেনে মহিলাৰ ক্ষেত্রত এনে অস্ত্রোপচাৰ কৰাব পাৰি৷ ‘পাকস্থলীৰ আয়তন’ কমোৱা আন এক অস্ত্রোপচাৰ৷

গ) অনিয়মীয়া ঋতুস্রাৱঃ ঋতুস্রাৱ নিয়মীয়া কৰিবলৈ উন্নত প্রযুক্তিৰ গর্ভনিৰোধক ঔষধ ব্যৱহাৰ কৰা হয়৷ কম পৰিমাণৰ এষ্ট্র’জেন আৰু প্রজেষ্টেৰ’নযুক্ত এনে ঔষধে ঋতুস্রাৱ নিয়মীয়া কৰে৷ এনে ঔষধৰ ব্যৱহাৰৰ লগতে ওজন কমোৱাটোও দৰকাৰী৷ ‘প্রজেষ্টেৰ’ন’ টেবলেট, প্রজেষ্টেৰ’ন থকা ‘মিৰেনা’ জৰায়ুৰ ভিতৰত সংস্থাপন কৰি ঋতুস্রাৱ নিয়মীয়া কৰোৱা হয়৷

ঘ) শৰীৰত গজা অৱাঞ্চিত নোমবোৰ নাইকীয়া কৰিবলৈ নানা ধৰণৰ ব্যৱস্থা লোৱা হয়৷
ইলেক্ট্র’লাইছিছ ইয়াৰ সহায়ত দেহত গজা অতিৰিক্ত নোমবোৰ আঁতৰোৱা হয়৷ ইয়াৰ উপৰি ৱেক্সিং, ব্লিচিং কৰিও এনে নোম আঁতৰাব পাৰি৷ ‘লেজাৰ আৰু ফট’থার্ম’লাইছিছ আন কেতবোৰ পদ্ধতি৷ শ্বেভিং (খুৰোৱা) কৰি বা ৰাসায়নিক পদার্থ ব্যৱহাৰ কৰি এনে নোমবোৰ আঁতৰাব পাৰি৷ এনে চিকিৎসা দীঘলীয়া, ৬–৯ মাহ পর্যন্ত আৰু খৰচী হয়৷
‘ভেনিকা’ আন এবিধ ঔষধ, যি গাত লগালে এনে নোমবোৰ সৰে৷
ড্র’ছ পেৰিনন, স্পাইৰ’ন’লেকটন, চি প্র’টেৰ’ন এচিটেট দৰৱ ব্যৱহাৰ কৰিলে এনে নোমবোৰ নাইকীয়া হয়৷
ঙ) পি চি অ’ এছত আক্রান্ত মহিলা এগৰাকীয়ে যদি সন্তান বিচাৰে, তেতিয়াহ’লে ডিম্বাশয়ৰ পৰা ডিম্বানু নিঃসৰণ প্রক্রিয়াৰ (অভিউলেশ্বন) বাবে ক্ল’মিফেন ছাইট্রেট, লেট্র’জ’ল, ব্যৱহাৰ কৰা হয়৷ ইন’চিটল গ্রুপৰ ঔষধ যেনে মাই’ইন’চিটল, ডি–কাইৰা ইন’চিটল নতুনকৈ আৱিষৃকত ঔষধ৷

চ) ধুমপান বর্জন কৰিব লাগে৷ ধুমপান কৰা মহিলাৰ শৰীৰত এনড্র’জেন হৰম’নৰ পৰিমাণ আৰু মতা মানুহৰ দৰে গাত নোম গজে৷
শেষত ইয়াকে ক’ব পাৰি যে শৰীৰৰ ওজন কমোৱাই পি চি অ’ এছৰ মূল চিকিৎসা৷ বর্তমানৰ ওজনতকৈ ৫ শতাংশ ওজন কমাব পাৰিলেই হৰম’নৰ পৰিমাণ কমে, অভিউলেশ্বন হয় আৰু ঋতুস্রাৱ নিয়মীয়া হয়৷

ডাঃ ৰাজীৱ লোচন শৰ্মা

You May Also Like

More From Author