স্তনৰ অঁহীয়া গ্রন্থি নাৰেঙা

0 min read

স্তনৰ ৰোগসমূহৰ ভিতৰত কর্কট ৰোগৰ পিছতে অঁহীয়া গ্রন্থি নাৰেঙাই ভয়াৱহ৷ সাধাৰণতে এই ৰোগ ১৫ বছৰৰ পৰা ৩০ বছৰীয়া মহিলাৰ স্তনত দেখা যায়৷ অর্থাৎ সন্তান জন্ম দিব পৰা ক্ষমতা অর্জন কৰা সময়ছোৱাৰ আদি ভাগত৷ ৪০ বছৰ বয়সৰ পিছত এই ৰোগ সাধাৰণতে হোৱা দেখা নাযায় ৷
ৰোগীৰ স্তনৰ ভিতৰত এটা বা ততোধিক গুটিৰ দৰে টেমুনাৰ উদ্ভৱ হয়৷ এইবোৰ আয়তনত বগৰী গুটি এটাৰ পৰা অমৰা গুটিৰ সমানো হ’ব পাৰে৷ কাচিৎহে বহুত বেছি ডাঙৰ হোৱা দেখা যায়৷ টেমুনাটো পিটিকি চালে পিছলি যায় আৰু টেমুনাটোৰ বাহিৰখন সাধাৰণতে মিহি হয়৷ কেতিয়াবাহে ই খহটা হ’ব পাৰে৷ স্তনৰ ভিতৰৰ একোটা গোটৰ কোষবোৰ অজান কাৰণত বেছিকৈ বাঢ়িবলৈ ল’লে ইয়াৰ উৎপত্তি হয় ৷
এই ৰোগ হ’লে কোনোধৰণৰ কষ্ট পোৱা নাযায়৷ টেমুনাটো খুব বেছি ডাঙৰ নহ’লে ইয়াৰ কোনো চিকিৎসাৰ প্রয়োজন নহয়৷ কিয়নো গ্রন্থি নাৰেঙাৰ পৰা সাধাৰণতে কর্কট ৰোগ নহয় ৷
স্তনৰ আলট্রাছ’নগ্রাফী, স্তনৰ এক্স–ৰে অথবা মিহি বেজীৰ জৰিয়তে টেমুনাৰ ভিতৰৰ কোষ উলিয়াই অণুবীক্ষণ যন্ত্রত পৰীক্ষা কৰি চালে বেমাৰটোৰ সম্পর্কে নিশ্চিত হ’ব পাৰি৷ ৰোগীৰ সন্দেহ থাকিলে বা চিকিৎসকৰ সন্দেহ থাকিলে এই টেমুনাটো অস্ত্রোপচাৰ কৰি বাহিৰ কৰি দিব পাৰি৷
কেতিয়াবা ১৫ বছৰৰ ওপৰৰ ছোৱালীৰ স্তনত সৰু সৰু গুটি পোৱা বুলি ৰোগীয়ে অসুবিধা পোৱাৰ কথা চিকিৎসকক জানিবলৈ দিয়ে৷ মাজে মাজে অলপ বিষায়৷ নিজৰ হাতেৰে কৰা পৰীক্ষাত ৰোগীয়ে একো অনুভৱ নকৰে৷ এই সমস্যা সাধাৰণতে অন্তঃক্ষৰণ ৰসৰ প্রভাৱত এনে হয়৷ খাদ্যপ্রাণ ‘ই’ খালে ইয়াৰ উপশম হয়৷ এনে সমস্যাত ৰোগীয়ে ভয় খাবলগীয়া একো নাথাকে৷

ডাঃ নিৰ্মল বৰা

You May Also Like

More From Author