জিভাৰ যতন!

0 min read

• হাতৰ আঙুলিৰে অথবা বজাৰত কিনিবলৈ পোৱা ভাল ব্রেণ্ডৰ ‘টাং ক্লিনাৰ’ ব্যৱহাৰ কৰিব পাৰে৷
• আঙুলিৰে চাফা কৰোঁতে সামান্য পৰিমাণৰ নিমখ ব্যৱহাৰ কৰিব পাৰে৷
• জিভা চাফা কৰাৰ আন এবিধ উপাদান হ’ল মৌ৷ সৰু–ডাঙৰ সকলোৱে মৌৰে জিভা চাফা কৰিব পাৰে৷
• মাউথ ৱাশ্ব বা কুহুমীয়া গৰম পানীৰেও চাফা কৰিব পাৰে৷
• জিভাখন ভালে ৰাখিবলৈ দৈনিক এটা সাধাৰণ ব্যায়াম কৰিব পাৰে৷ জিভাৰ আগটো উৰাই–ঘূৰাই দুই গালত লগাওক৷ এতিয়া জিভাৰে তালু স্পর্শ কৰক৷ তাৰ পিছত জিভাখন বাহিৰলৈ উলিয়াই দিয়ক অথবা মুখত বায়ু ভৰাই বাহিৰলৈ উলিয়াই দিয়ক৷
• আপোনাক সোৱাদৰ অনুভূতি দিয়া জিভাৰ স্বাদ কণিকাবোৰ অক্ষত ৰখাৰ স্বার্থত তামোল–পাণৰ লগতে ৰাগিয়াল দ্রব্য বর্জন কৰক৷
• স্বাদ কণিকা সজীৱ ৰাখিবলৈ টেঙা–তিতা–মিঠা–কেহা বস্তু খাওক৷
• প্রয়োজনীয় পৰিমাণৰ পানী খাওক আৰু ফলমূল খাওক৷ ফলমূলত ভিটামিন–বি কমপ্লেক্স থাকে, যিয়ে জিভাৰ প্রদাহৰ পৰা আমাক নিৰাপদ ৰাখিব৷
• ভঙা দাঁত থাকিলে চিকিৎসকৰ সহায়ত গুচাই দিয়ক৷
• শুদ্ধভাৱে যিকোনো ভাষাৰ বর্ণমালা উচ্চাৰণ কৰক, ই জিভাৰ উত্তম ব্যায়াম ৷
• চামনি পৰা জিভাত সৰু–সুৰা ঘা হ’লে দেখা নাযায়৷ এনে ঘাই কেতিয়াবা কেঞ্চাৰৰ দৰে বিপদ বহন কৰে৷ জিভা ভালে ৰাখক আৰু প্রকৃতিজাত খাদ্যৰ অতুলনীয় সোৱাদ লওক৷

You May Also Like

More From Author