সচৰাচৰ গৰমৰ দিনত উপলব্ধ খেজুৰ এবিধ স্বাস্থ্যৰ পক্ষে উপকাৰী শুকান ফল৷ খেজুৰ খালে শৰীৰৰ শাৰীৰিক উৎকর্ষ সাধনৰ উপৰি সৌন্দর্য বৃদ্ধি হয়৷ আমি খাই ভাল পোৱা খেজুৰত বিভিন্ন ধৰণৰ উপাদান পোৱা যায়৷ তাৰ ভিতৰত ভিটামিনA,B কমপ্লেক্স,K, কেলচিয়াম, আইৰন আদি অন্যতম৷ দেখাত ক্ষুদ্রাকৃতিৰ হ’লেও ই আমাৰ দেহৰ বাবে বিশেষ উপকাৰী গুণ তথা পৰিপক্বসম্পন্ন৷ এতিয়া জানো আহক খেজুৰৰ উপকাৰী গুণসমূহ–
খেজুৰত যথেষ্ট পৰিমাণৰ পোষক দ্রব্য থকাৰ বাবে হাড় আৰু মাংসপেশী মজবুত কৰি ৰাখে৷ তদুপৰি ইয়াত থকা কেলচিয়ামে দদাত আৰু শৰীৰৰ হাড়বোৰ শক্তিশালী কৰি ৰখাৰ বাবে বিভিন্ন ক্ষয়জনিত ৰোগ, যেনে– অষ্টি’আর্থাইটি বা অষ্টি’পৰ’ছিছৰ পৰা হাত সাৰি থাকিব পাৰি৷
খেজুৰত কোনোধৰণৰ কলেষ্টৰেল নাথাকে, সেয়ে খেজুৰ খালে তেজত কলেষ্টৰেল বঢ়াৰ কোনো আকাংক্ষা নাথাকে৷
তাৰ লগতে খেজুৰত গ্লুকজ, চুক্রজ, ফুরক্টজ আৰু কার্ব’হাইড্রেট যথেষ্ট পৰিমাণে থাকে৷ যাৰ বাবে খেজুৰ খালে প্রচুৰ শক্তি আহৰণ কৰিব পৰা যায়৷ তাৰ বাহিৰেও মধুমেহ ৰোগীৰ বাবে কুঁহিয়াৰৰ পৰা উৎপাদিত কার্ব’হাইড্রেট বা চেনি খোৱাত বাধা থকাৰ হেতুকে শক্তি আহৰণৰ বাবে দিনে ৩/৪টা খেজুৰ খোৱা উচিত৷
প্রতি ১০০ গ্রাম শুকান খেজুৰত ০.০৯ গ্রাম আইৰন থাকে আৰু এই ১০০ গ্রাম খেজুৰ দৈনিক খালে শৰীৰৰ বাবে প্রয়োজনীয় প্রায় ১১ শতাংশ আইৰন লাভ কৰিব পৰা যায়৷
যিহেতু খেজুৰ ভিটামিনA থাকে৷ গতিকে খেজুৰ খালে কুকুৰীকণা, অন্ধতা আঁতৰ হোৱাৰ লগতে দৃষ্টিশক্তি বৃদ্ধি পায়৷ তদুপৰি খেজুৰত থকাZeaxanthin নামৰ পদার্থই চকুৰ ৰেটিনা সুস্থ আৰু সবল হৈ থকাত সহায় কৰে৷
গ্রীষ্মৰ ফল হিচাপে খেজুৰে পুৰণি চর্দি, কাহ, পানীলগা, শ্বাস–প্রশ্বাসৰ ৰোগতো ৰসায়নৰ দৰে কাম কৰে৷
গর্ভৱতী মহিলাই খেজুৰ খোৱাটো প্রয়োজনীয়৷ কিয়নো তাত থকা আইৰন আৰু ভিটামিনKয়ে প্রসৱৰ সময়ত ৰক্তক্ষৰণ কমকৈ হোৱা তথা প্রসৱৰ বেদনা কম কৰাত বহুখিনি লাভান্বিত কৰে৷
শৰীৰৰ ৰোগ প্রতিৰোধ ক্ষমতা বৃদ্ধি আৰু যিকোনো বেমাৰ–আজাৰৰ পৰা বাচি থাকিবলৈ দৈনিক ২/৩টা খেজুৰ খালেও এণ্টিক্সিডেণ্ট হিচাপে কাম কৰে৷