সাধাৰণতে এটা বস্তুৰ ফালে দৃষ্টি নিক্ষেপ কৰিলে মানুহৰ দুই চকুৱে একে সমানে কাম কৰে আৰু দুই চকুৰ ভিতৰত পর্দা বা ৰেটিনা দুটাত একে প্রতিবিম্বৰ সৃষ্টি হয়, মাত্র সামান্য কোণৰ পার্থক্য থাকে৷ চকুৰ প্রধান স্নায়ু অপ্ঢিক নার্ভে এই প্রতিবিম্বৰ সংকেত মগজুলৈ প্রেৰণ কৰে৷ মানুহৰ দৃষ্টিকেন্দ্র দুয়োটা প্রতিবিম্বই এটাৰ ওপৰত আনটো সমভাৱে মিলাই বাবে এটা বুলি অনুভৱ কৰে, যিটো প্রতিবিম্বৰ ত্রিমাত্রিক বা থ্রী ডাইমেনছনেল আকৃতি, ডেফ্থ পাৰছেপচন আদি থাকে৷ অর্থাৎ কোনো এটা বস্তুৰ ডাঠ, দীঘল, বহল, শকত, লগতে ইটোৰ পৰা আনটোৰ পার্থক্য উপলব্ধি কৰিবলৈ মগজুৱে দুই চকুৰ দুটা প্রতিবিম্ব এটাকৈ অনুভৱ কৰিব পৰা প্রক্রিয়াটোক â) বুলি কোৱা হয়৷ এই বাইন’কুলাৰ দৃষ্টি বা ছিংগল ভিজন প্রক্রিয়াটোত দুই চকু একেলগে কাম কৰাৰ অভ্যাস গঢ়ি উঠে৷ যেনেকৈ শিশুবোৰে দুই হাত, দুই ভৰি একেলগে ব্যৱহাৰ কৰিবলৈ লাহে লাহে শিকে৷ দুই চকুৱে যেতিয়া একেটা দিশত, একে সময়তে, একে পৰিমাণে কাম নকৰে, তেতিয়া দুই চকুৰ লৰচৰ কৰাৰ এই অসামঞ্জস্যকে আমি কেঁৰা চকু বুলি কওঁ৷ শিশুবিলাকৰ এই অসমতা কেতিয়াবা দিনটোৰ কোনো এক বিশেষ সময়তহে, যেনে বেছি হাঁহিলে, কান্দিলে, খং উঠিলে গম পোৱা যায়, দিনটোৰ বাকী সময়ত ঠিকে থাকে৷ বেছি পৰিমাণে কেঁৰা হ’লে এই অসমতা অনবৰতে গম পোৱা যায় আৰু কম বয়সতে অধিকভাৱে চিকিৎসা নকৰিলে তেনেকৈয়ে থাকি যায়৷
বহুক্ষেত্রত চকু কেঁৰা বা কেঁৰা হোৱাৰ আচল কাৰণ উলিয়াব পৰা নাযায়৷ প্রত্যেকটো চকুৰে ইফালে–সিফালে ঘূৰাবলৈ ছটা মাংসপেশী থাকে৷ ইয়াৰে প্রত্যেকটো মাংসপেশীয়ে বাকী চকুটোৰ মাংসপেশীৰ লগত সামঞ্জস্য ৰাখি একেলগে কাম কৰে, যাতে দুই চকুৱে চাৰিওফালে বিভিন্ন দিশত একেলগে ঘূৰাব বা লৰচৰ কৰিব পাৰে৷ এই মাংসপেশীবিলাকৰ কার্যক্ষমতা কম–বেছি হ’লে চকু দুটিয়ে একে দিশত সমানে লৰচৰ কৰাৰ ক্ষমতা হেৰুৱায়৷ যিটো মাংসপেশী দুর্বল হয়, তাৰ বিপৰীতে মাংসপেশীৰ বেছি কার্যক্ষমতা বাঢ়ে বাবে চকুটো সেইফালে টানি বা ঠেলি দিয়ে৷ ফলত বাহিৰৰ পৰা চকু এটা বেঁকা বা কেঁৰা হৈ যোৱা যেন লাগে৷ কেতিয়াবা আকৌ কিছুমান মাংসপেশী সাধাৰণতকৈ বেছি কার্যক্ষম হয় বাবে চকুটোৱে সেই বিশেষ দিশত কেঁৰা হৈ যায় যদিও বাকী মাংসপেশীৰ কার্যক্ষমতা ঠিকে থাকে৷ সেয়েহে ইয়াৰ চিকিৎসা হিচাপে অস্ত্রোপচাৰ কৰি দুর্বল মাংসপেশীক সবল কৰা যায় আৰু সবল মাংসপেশীক কিছু দুর্বল কৰি গোটেইবিলাক মাংসপেশীৰ কার্যক্ষমতা সমতুল কৰা হয়৷
যদিও বস্তু এটা চোৱাৰ ক্ষেত্রত দুই চকুৱে সমানে কাম কৰিব লাগে, কেতিয়াবা এটা চকুৰে ভালদৰে দেখা নাপালেও আনটো চকুৰে দেখা পায় বাবে শিশুটোৱে গম নাপায় যে এটা চকুৰে দেখা নাপায়৷ এনেকৈ বহু দিন ধৰি চলি থাকিলে কম দেখা চকুটো লাহে লাহে কেঁৰা হ’বলৈ আৰম্ভ কৰে৷ অকল এটা চকুৰে কাম দেখা পোৱাৰ প্রধান কাৰণ হ’ল দৃষ্টিশক্তিৰ অসুবিধা৷ খুব বেছি প্লাছ বা মাইনাছ পাৱাৰৰ অসুবিধা থাকিলে যদিহে সঠিক সময়ত চছমা বা কণ্টেক্ট লেন্সৰ দ্বাৰা শুধৰণি কৰা নাযায়, তেতিয়া কম দেখা চকুটো অকামিলা হৈ কেঁৰা হৈ যায়৷ যাক পাছত শুধৰাবলৈ অসুবিধা হয়৷ চকুৰ মণি বগা হৈ গ’লে তেতিয়া চকুটো দৃষ্টিহীন হয় বাবে অকামিলা হৈ কেঁৰা হৈ যায়৷
সৰু ল’ৰা–ছোৱালীৰ চকু কেঁৰা হোৱা প্রক্রিয়া প্রাপ্তবয়স্কসকলত্ অতি সোনকালে আৰম্ভ হয়, কাৰণ বাইন’কুলাৰ ছিংগল ভিজনৰ ক্রমবিকাশত ব্যাঘাত হয়৷ যদি জন্মতে এটা চকু দৃষ্টিহীন হয়, তেতিয়া সেই চকুটোত বাহিৰৰ ফালে কেঁৰা হৈ যায়৷ শিশু অৱস্থাত যদি এটা চকু দৃষ্টিহীন হয়, তেতিয়া ভিতৰৰ ফালে কেঁৰা হৈ যায়৷ প্রাপ্তবয়স্ক দৃষ্টিহীন হ’লে প্রথমতে চকুটোৰ একো তাৰতম্য নঘটে, পাছলৈ বছৰ বছৰ পিছতহে চকুটো বাহিৰৰ ফালে কেঁৰা হৈ যায়৷
সৰু ল’ৰা–ছোৱালীৰ চকু কেঁৰা হোৱা প্রক্রিয়া প্রাপ্তবয়স্কসকলত্ অতি সোনকালে আৰম্ভ হয়৷ কাৰণ বাইন’কুলাৰ ছিংগল ভিজনৰ ক্রমবিকাশত ব্যাঘাত হয়৷ যদি জন্মতে এটা চকু দৃষ্টিহীন হয়, তেতিয়া সেই চকুটোত বাহিৰৰ ফালে কেঁৰা হৈ যায়৷ শিশু অৱস্থাত যদি এটা চকু দৃষ্টিহীন হয়, তেতিয়া ভিতৰৰ ফালে কেঁৰা হৈ যায়৷ প্রাপ্তবয়স্ক দৃষ্টিহীন হ’লে প্রথমতে চকুটোৰ একো তাৰতম্য নঘটে৷ পাছলৈ বছৰ বছৰ পিছতহে চকুটো বাহিৰৰ ফালে কেঁৰা হৈ যায়৷ আন এটা কেঁৰা চকুৰ প্রধান কাৰণ হ’ল স্নায়ৱিক দুর্বলতা৷ চকুৰ মাংসপেশীবিলাকৰ লগত মগজুৰ যি স্নায়ৱিক সংযোগ থাকে, সেই সংযোগৰ পথছোৱাত যেনে– চেৰিব্রেল কর্টেক্স, মিডব্রেইন, বিভিন্ন মটৰ নার্ভৰ চেণ্টাৰ আদিৰ অসুখ হ’লে চকুৰ লৰচৰ কৰা ক্ষমতাৰ ব্যাঘাত ঘটিব পাৰে৷ এই ব্যাঘাত কিছুমান ব্যক্তিৰ জন্মগতভাৱে থাকিব পাৰে৷ কিছুমান ব্যক্তিৰ মেনিঞ্জাইটিছ, মগজুৰ ৰক্তক্ষৰণ, বিভিন্ন টিউমাৰ আদিৰ বাবেও হ’ব পাৰে৷
চকুৰ ভিতৰত যদি টিউমাৰ হয় আৰু চকুটো এটা দিশলৈ ঠেলি দিয়ে, তেতিয়াও চকু কেঁৰা হয়, যেনে– ইণ্ড্রা অৰবিটেল ডাৰময়ড চিষ্ট, থাইৰয়ড এক্সোফথেলমছ, ইণ্ড্রা অৰবিটেল হেমোৰেজ ইত্যাদি৷
কিছুমান সৰু ল’ৰা–ছোৱালীয়ে নিজৰ অসন্তুষ্টি প্রকাশৰ বাবে পৰিয়ালৰ বাকীবোৰৰ সন্মুখত ইচ্ছা কৰি চকু পকাই কেঁৰা চকু দেখুৱায়৷ পাছলৈ নিয়মিত অভ্যাস হ’লে ভাল চকুও কেঁৰা হৈ যায়৷ কিছুমান পৰিয়ালত বংশগতভাৱেও চকু কেঁৰা হোৱা দেখা যায়৷ ইয়াৰ প্রধান কাৰণ হ’ল দুই চকুৰ পাৱাৰৰ তাৰতম্য, দুর্বল মাংসপেশী, স্নায়ৱিক দুর্বলতা ইত্যাদি৷
চকু কেঁৰা হ’লে বিভিন্ন অসুবিধা আহি পৰে৷ প্রথমতে দুয়োটা চকুৱে একেটা বস্তুৰে বেলেগ বেলেগ ধৰণৰ দুটা প্রতিবিম্বৰ সংকেত মগজুলৈ প্রেৰণ কৰে আৰু তেনেকৈ ফিউজন প্রক্রিয়াত ব্যাঘাত জন্মি এটা বস্তুৱেই দুটা দুটা দেখা যায়৷ ফলত প্রাপ্তবয়স্ক এজনৰ কার্যক্ষেত্রত বিভিন্ন অসুবিধা আহি পৰে৷ সৰু ল’ৰা–ছোৱালীৰ কেঁৰা চকুৰ পৰা অহা প্রতিবিম্বটো মগজুৱে অৱজ্ঞা কৰিব ধৰে, যাক ইমেজ ছাপ্রেচন বুলি কয় আৰু চকুটো অকামিলা হয়৷ ইয়াক এমব্লাইয়োপিয়া বুলি কয়৷ এই প্রক্রিয়াটোত শিশুটোৰ ডেফ্থ পাৰচেপন নোহোৱা হৈ যায়৷
খুব কম সময়তে কেঁৰা চকুৰ চিকিৎসা আৰম্ভ কৰিব লাগে৷ তেতিয়াহে ইয়াৰ সুফল পোৱা যায়৷ চিকিৎসাৰ প্রধান উদ্দেশ্য হ’ল কেঁৰা চকুটোৰ দৃষ্টিশক্তি অটুট ৰখা৷ চছমা বা কণ্টেক্ট লেন্স আদি ব্যৱহাৰ কৰি পাৱাৰৰ সমস্যা দূৰ কৰিব পাৰি৷ অস্ত্রোপচাৰ কৰি ঠিক কৰিব পৰা চকুৰ ভিতৰৰ অসুখ, যেনে– ছানি পৰা ৰোগ, চকুৰ মণি বগা পৰা আদি ৰোগৰ সোনকালে চিকিৎসা কৰিব লাগে৷ চকুৰ মাংসপেশীবিলাক সমতুল কৰি চকুযুুৰি চিধা কৰিবৰ বাবে Squint Surgery কৰিব লাগে৷ যিটো চকু অকামিলা বুলি চিনাক্ত কৰা হয়, মেচিনৰ সহায়তে সেই চকুযুৰিৰ বিভিন্ন ধৰণৰ ব্যায়াম কৰিব পাৰি৷
শিশুটি লাহে লাহে ডাঙৰ–দীঘল হৈ আহিলে চকুযুৰিলৈ পূৰামাত্রাই নজৰ ৰাখিব লাগে৷ দূৰৰ বস্তু ঠিকমতে দেখা পায় নে জোৰকৈ চাবলৈ চেষ্টা কৰে? কিতাপ পঢ়াৰ সময়ত বেছি ওচৰৰ পৰা জুমি জুমি চাব চেষ্টা কৰিছে নেকি? কোনো বস্তুৰ ফালে এফলীয়াকৈ চোৱাৰ অভ্যাস কৰিছে নেকি? ডিঙি বেঁকা কৰি চায় নেকি? যদি কৰিছে চকু দুটা কেঁৰা হোৱাৰ এক প্রধান হ’ব পাৰে৷ কিছুমান ব্যক্তিৰ অন্ধবিশ্বাস কেঁৰা চকুৱা হোৱাটো সৌভাগ্যৰ লক্ষণ৷ অভিভাৱকৰ সূক্ষ্ম অসুবিধাবিলাক চকুত পৰাৰ লগে লগে চকু চিকিৎসকৰ পৰামর্শ ল’ব লাগে৷ কাৰণ সঠিক সময়ত চিকিৎসা কৰিলে দৃষ্টিশক্তিৰ লগতে কেঁৰা চকু পোন কৰি মুখমণ্ডলৰ সৌন্দর্য অটুট ৰাখিব পাৰি৷