সকলো সময়তে কাজিয়া, শাহু আইক কেনেকৈ নিয়ন্ত্ৰণ কৰিব ! টিপছ্।

1 min read

বিয়াৰ পিছত শহুৰৰ ঘৰত যে এক সুন্দৰ পৰিবেশ আৰু সুন্দৰ সম্পৰ্ক গঢ় লৈ উঠিব সেই ভাগ্য সকলো বোৱাৰীৰ নাথাকে যদিও তাৰ ভিতৰত বহুতৰে আকৌ পৰিয়ালৰ সৈতে এটি সুন্দৰ সম্পৰ্কও গঢ় লৈ উঠে। বিবাহৰ পিছত শহুৰৰ ঘৰত শাহুৰ সৈতে , ননদৰ সৈতে সৰু সুৰা ঠুকাথুকি লাগিব পাৰে কিন্তু সেয়া সাময়িক হোৱাটো গোটেই পৰিয়ালৰ বাবে মংগলজনক। তাকে নহৈ যদি সকলো সময়ত শাহু আৰু বোৱাৰীৰ দণ্ডই বিৰাজ কৰে সেয়া পৰিয়ালৰ বাবে অত্যন্ত অশুভ।

যদি আপুনিও এনে পৰিস্থিতিত দিন পাৰ কৰিছে , আপুনিও যদি ন – বিবাহিত বোৱাৰী আৰু আপোনাৰ সৈতে শাহুয়ে সদায় বেয়া আৰু কৰ্কশ ব্যৱহাৰ কৰি আহিছে তেনেহলে সেই পৰিস্থিতিৰ পৰা কেনেকৈ পৰিত্ৰাণ পাব পাৰি তাৰ কেইটামান টিপছ্ দিবলৈ যত্ন কৰা হৈছে।

১) কাৰোবাৰ কামক সৌজন্যতা প্ৰকাশ কৰক :- যদিহে আপুনি ন – বোৱাৰী আৰু আপুনি স্বামীৰ গৃহত আছে তেন্তে সেই গৃহত আপোনাৰ বাবে কোনোবাই কৰা প্ৰত্যেকটো কামৰ বাবে তেওঁক ক্ৰেডিট দিয়ক বা ধন্যবাদ জনাবলৈ নাপাহৰিব, লাগিলে পৰিস্থিতি যিয়ে নহওঁক সেইফালে মন নকৰিব। আপোনাৰ শাহু আই আপোনাৰ কাৰণে কিবা কৰিছে নেকি তাক মনোযোগ দিয়ক আৰু যদি কৰিছে তাৰ বিনিময়ত তেওঁক ক্ৰেডিট দিবলৈ নাপাহৰিব। আৰু এই কাম প্ৰত্যেক অৱস্থিতিত প্ৰতিটো বাৰে কৰক। যদিহে আপোনাৰ শাহু আই আপোনাৰ ওপৰত কিবা কাৰণত খং কৰিছে তেন্তে আপুনি চিধাচিধিকৈ উত্তৰ নকৰি অলপ বেলেগ ধৰণে উত্তৰ দিয়ক। যেনে , ” অ মই জানো আপোনাৰ খং উঠিব পাৰে কিন্তু মা মই — ” তাৰ পিছতহে আপোনাৰ উত্তৰ ব্যক্ত কৰক।

২) আপোনাৰ নিজৰ অনুভৱ অনুভূতি বোৰক আপুনি বেছিকৈ গুৰুত্ব দিয়ক। আপোনাৰ শাহু আইৰ কিবা কাম বা কথা যদিহে আপোনাৰ পছন্দ হৈছে তাক প্ৰশংসা নকৰাকৈ নাথাকিব ; লগতে তেওঁৰ কিবা কাম কাজ আপোনাৰ পছন্দ নহলে বা বেয়া লাগিলে সেই কথা সেই সময়তে প্ৰকাশ কৰক তেওঁৰ আগত । আপুনি যেতিয়া তেওঁৰ ওচৰত স্পষ্টবাদী হ’ব তেওঁ আপোনাৰ সৈতে স্পষ্টবাদী হ’বলৈ যত্ন কৰিব অৰ্থাৎ আপোনাৰ যিখিনি তেওঁ বেয়া পাইছে সেইখিনিও তেওঁ স্পষ্টকৈ প্ৰকাশ কৰিব। আপুনি তেওঁৰ সৈতে মাত্ৰ সমস্যাৰ কথাহে পাতিব লাগিব তেনে নহয় সকলো ক্ষেত্ৰত বিষয় সমূহ ভালদৰে বুজি লৈ তেওঁৰ সৈতে আলোচনা কৰক। আপুনি তেওঁক আপোনাৰ আচৰণ আৰু কৰ্মৰে এইটো দেখুৱাওক যে আপুনি তেওঁক বুজিবলৈ চেষ্টা কৰে , মানিবলৈ প্ৰয়াস কৰে আৰু তেতিয়া শাহু আই বাধ্য হৈ পৰিব আপোনাক বুজিবলৈ।

৩) নিজৰ মতামত প্ৰকাশ কৰক। আপোনাৰ শাহু আই যি কৈছে সেইটোৱেই মানি চলিব লাগিব যে তেনে কথা নহয়, একেদৰে আপোনাৰ সকলো কথাতে যে শাহু আই সহমত দিব সেয়াও নহয় ; সেই কথা আপুনি বুজি লওঁক আৰু তেওঁকো বুজাই দিয়ক। তেওঁ যদি আপোনাক কিবা পৰামৰ্শ দিছে আৰু সেইটো আপোনাৰ গ্ৰহণযোগ্য হোৱা নাই তেন্তে সেইটো ততাতৈয়াকৈ তেওঁক অৱগত কৰক । লগতে আপুনি ভালদৰে বুজাই দিয়ক কিহৰ বাবে আপোনাৰ গ্রহণযোগ্য হোৱা নাই সেই কথা । এনে কৰাৰ ফলত ভুল বুজাবুজিৰ সম্ভৱনা বহুগুণ কমিব। কিন্তু নিজৰ মতামত প্ৰকাশ কৰিবলৈ গৈ তেওঁক অসন্মান নকৰিব।

৪) সকলো কথা ধৰি নাথাকিব আৰু গাত পাতিও নলব। আপোনাৰ শাহু আইৰ সৈতে আপোনাৰ মানসিকতা নিমিলিব পাৰে সেয়া সঁচা আৰু স্বাভাৱিক কথা। অবশ্যে বহুতৰ ক্ষেত্ৰত ব্যতিক্ৰমো দেখা যায়। কিন্তু আপোনাৰ শাহুৰ কিছু কথাৰ সৈতে যদি আপোনাৰ মতৰ মিল নহয় তেতিয়া আপুনি তেওঁৰ সেই কথা গুৰুত্ব দিয়াৰ কোনো দৰকাৰ নাই । কেতিয়াবা তেওঁ আপোনাৰ অপছন্দৰ কথা কব পাৰে, সেয়ে বুলি সকলো সময়ত তেওঁৰ সৈতে তৰ্ক কৰাৰ প্ৰয়োজনো নাই ; পৰিবৰ্তে মনে মনে থাকক আপুনি , তেওঁৰ সকলো কথা আপুনি গাত পাতি লোৱা দৰকাৰী নহয়। কাৰণ আপুনি আপোনাৰ শাহু আইৰ বয়সৰ লোকৰ স্বভাৱ আৰু অভ্যাস কোনোটো পৰিৱৰ্তন কৰিব নোৱাৰে যিমান চেষ্টা কৰিলেও।

৫) আপুনি আপোনাৰ ব্যক্তিগত জীৱনত সীমা ৰেখা টানি থওঁক। আপোনাৰ শাহু আই যাতে আপোনাৰ ব্যক্তিগত জীৱনত প্ৰৱেশ নকৰে তাতে আপুনি মন দিয়ক। আপোনাৰ ব্যক্তিগত জীৱন আৰু কৰ্মজীৱনত আপুনি কেতিয়াও যে তেওঁৰ মতামত নুশুনে সেই কথা প্ৰথমে তেওঁক স্পষ্টভাৱে শালীনতা ৰাখি মৰমেৰে কৈ দিয়ক । আপুনি যেনেকৈ আপোনাৰ ব্যক্তিগত জীৱনত তেওঁৰ মতামত নিবিচাৰে ঠিক একেদৰে আপুনিও তেওঁৰ ব্যক্তিগত জীৱনত ডিমাগ লগাই থাকিব নালাগে। এনে কৰাৰ ফলত বিসংগতি দূৰ হৈ পৰিব আৰু আপুনি আৰু আপোনাৰ শাহুৰ সম্পৰ্ক উন্নতমানৰ হৈ পৰা আশংকা বেছি।

 

 

2022-06-17

You May Also Like

More From Author