কিডনীৰ যতন আৰু স্বাস্থ্যৱান জীৱন

1 min read

কিডনী বা বৃক্ক মানৱ শৰীৰৰ অতি গুৰুত্বপূর্ণ অংগ৷ মানুহৰ প্রধান ৰেচন অংগ এই কিডনী উদৰ গহ্বৰৰ ওপৰত তথা ৰাজহাডৰ দুয়ো কাষে অৱস্থিত৷ সোঁ কিডনীতকৈ ও কিডনী অলপ ওপৰত অৱস্থিত৷ উৰহী গুটি আকৃতিৰ এই অমূল্য অংগই আমাৰ দেহৰ জনীয় দ্র্ব্য াহিৰ কৰি দিয়ে৷ আমি মুখৰ সৌন্দর্য বা চুলিৰ সৌন্দর্যত যিমান গুৰুত্ব দিওঁ, দুর্ভাগ্যজনকভাৱে কিডনীৰ যতনৰ ওপৰত সিমানখিনি গুৰুত্ব নিদিওঁ৷ আমাৰ অৱহেলাৰ বাবে দেহৰ অপৰিহার্য অংগটি ৰোগাক্রান্ত হয়৷ আমি বিজ্ঞাপনত ভোল গৈ প্রসাধনৰ সামগ্রী ক্রয় কৰোঁ, কিন্তু কিডনীৰ সুৰক্ষাৰ বাবে পালনীয় নীতি–নিয়মক অৱজ্ঞা কৰোঁ৷ মাথোঁ কিডনীৰ সুৰক্ষা লিয়েই নহয়, এটি সু–স্বাস্থ্যসম্পন্ন জীৱনৰ বাবে সংযত, অনুশাসনপূর্ণ জীৱনচর্যাৰ খুবেই আৱশ্যক৷ ‘ৰাষ্ট্রীয় প্রাকৃতিক চিকিৎসা সংস্থান’এ প্রকাশ কৰা এটি প্রতিবেদনত উল্লেখ কৰিছে যে নগৰত বাস কৰা ১০০জন ভাৰতীয়ৰ ১৮জনেই কিডনী ৰোগত আক্রান্ত৷ এই ১৮জনৰ ভিতৰত ৬জনৰ অৱস্থা মাৰাত্মক৷ প্রতিবেদনত প্রকাশ যে অধিকাংশ কিডনী ৰোগীয়ে জীৱনত এবাৰো কিডনী পৰীক্ষা নকৰে৷ অত্যন্ত পীডা পালেহে অধিকাংশ ৰোগীয়ে চিকিৎসকৰ ওচৰ চাপে৷ ঘাইকৈ ভাৰতীয়সকলৰ এইটো এটা দ অভ্যাস৷ বেমাৰ হোৱাৰ পিছত লাগিলে চিকিৎসাৰ নামত স্বস্বান্ত হ’ব, কিন্তু সুস্থ হৈ থাকিলে সংযত জীৱন যাপন নকৰে তথা স্বাস্থ্যৰ নিয়মীয়া পৰীক্ষা নকৰায়৷ নতুন দিল্লীৰ ৰাম মনোহৰ লোহিয়া হাস্পতালৰ বৃক্ক ৰোগ বিশেষজ্ঞ ডাঃ শ্যাম সুন্দৰ ডাঙৰীয়াই কৈছে যে ‘অধিকাংশ কিডনী ৰোগী আমাৰ ওচৰলৈ তেতিয়া আহে, যেতিয়া তেওঁলোকৰ কিডনীয়ে ৫০ শতাংশ কার্যক্ষমতা হেৰুৱাই পেলায়৷’ নিয়মিত স্বাস্থ্য পৰীক্ষণৰ অভ্যাস নথকাৰ াবেই এনে হয়৷ এটি সু–স্বাস্থ্য সম্পন্ন জীৱনৰ বাবে নিয়মিত স্বাস্থ্য পৰীক্ষণ, আহাৰ–বিহাৰত সংযম, নিয়মিত যোগাভ্যাস, প্রফুল্লিত মনৰ খুবেই প্রয়োজন৷
কিডনী বিভিন্ন কাৰণত ৰোগাক্রান্ত হয়৷ আমাৰ জীৱনশৈলীজনিত বিভিন্ন দভ্যাসে কিডনীৰ আয়ুস হ্রাস কৰে৷ এনে দভ্যাসসমূহে আমাৰ প্রাণলৈ সংকট কঢ়িয়াই আনে৷ এযোৰ সুস্থ কিডনী অবিহনে আমাৰ জীৱন নাৰকীয় হৈ পৰে৷ কিডনী দুবল তথা ৰোগাক্রান্ত কৰা কেইটিমান দভ্যাস তলত উল্লেখ কৰা হ’ল–
প্রস্রাৱৰ বেগ দমন কৰা ঃ প্রস্রাৱৰ বেগ আমাৰ দেহৰ এটি স্বাভাৱিক অধাৰণীয় বেগ৷ প্রস্রাৱৰ বেগ আহিলেই আমি প্রস্রাৱ বিসর্জন কৰা উচিত৷ প্রস্রাৱৰ বেগ দমন কৰি ৰাখিলে কিডনী ভয়ানক ক্ষতিগ্রস্ত হয়৷
কমকৈ পানী পান কৰা ঃ আমাৰ সমাজৰ হু লোকে পর্যাপ্ত পানী পান নকৰে৷ অৱশ্যে ভাৰতৰ লাখ লাখ ক্তি বিশুদ্ধ খোৱাপানীৰ পৰা ঞ্চিত৷ কিন্তু যিসকলৰ বিশুদ্ধ পানীৰ উপলব্ধতা আছে, সেইসকলৰো হুতে নিতৌ পর্যাপ্ত পানী পান নকৰে৷ বিশ্ব স্বাস্থ্য সংস্থাৰ ৰিপ’ট অনুযায়ী এগৰাকী প্রাপ্ত্বয়স্ক পুৰুষ ক্তিয়ে নিতৌ ৩.৭ লিটাৰ আৰু এগৰাকী মহিলাই নিতৌ প্রায় ২.৭ লিটাৰ পানী পান কৰ্বি লাগে৷ কমকৈ পানী পান কৰিলে কোষ্ঠকাঠিন্য, চর্মৰোগ, ডিহাইড্রেচন আদিও আন এটি ভয়ানক সমস্যা হয়৷ সেয়া হৈছে কিডনীৰ সমস্যা৷ পর্যাপ্ত পানী পান নকৰিলে কিডনীত কু–প্রভাৱ পৰে৷ সেয়ে আমি নিয়মীয়াকৈ পর্যাপ্ত পানী পান কৰা উচিত৷ পানী পানৰ পৰিমাণ অত্যধিক বেছি হ’লেও কিন্তু কিডনীত কু–প্রভাৱ পৰে৷ গতিকে পানী পানৰ ক্ষেত্রত হীন মাত্রা তথা অতিমাত্রা জন কৰা উচিত৷
অতিৰিক্ত নিমখ সেৱন ঃ খাদ্যত সোৱাদ সৃষ্টি তথা দেহৰ বিভিন্ন ইত্বিাচক প্রভাৱৰ াবে নিমখ এটি প্রয়োজনীয় উপাদান৷ কিন্তু বেছিকৈ নিমখ সেৱন কৰিলে উচ্চ ৰক্তচাপ, হার্টৰ সমস্যা, ষ্ট্র’ক আদি হোৱাৰ সম্ভাৱনা প্র্বল হয়৷ উচ্চ ৰক্তচাপে স্বাভাৱিকভাৱে কিডনীত অতিৰিক্ত চাপৰ সৃষ্টি কৰে৷ ফলত নানা বিসংগতিয়ে দেখা দিয়ে৷
উচ্চ ৰক্তচাপৰ চিকিৎসাত গুৰুত্ব নিদিয়া ঃ উচ্চ ৰক্তচাপে কিডনীত ভয়ানক প্রভাৱ পেলায়৷ উচ্চ ৰক্তচাপক কেতিয়াও সহজভাৱে ল’ব নালাগে৷ আচলতে উচ্চ ৰক্তচাপ লিয়েই নহয়, কোনো বেমাৰক সহজভাৱে ল’ব নালাগে৷ উচ্চ ৰক্তচাপৰ ঔষধো খাই থাকে আৰু অপথ্যও খাই থাকে৷ এনে অভ্যাসে তেনে লোকৰ জীৱনী শক্তি হ্রাস কৰে৷ ঔষধনির্ভৰ হোৱাতকৈ যোগ আয়ুর্বেদ আধাৰিত আহাৰ–বিহাৰ মানি আমি উচ্চ ৰক্তচাপ নিয়ন্ত্রণ কৰ্বি পাৰোঁ৷
মাংস আৰু মদ্যপান ঃ জিভাৰ লালসাৰ াবে তথা মাদকতা সৃষ্টিৰ মানুহে মদ–মাংস সেৱন কৰে৷ আচলতে এনে অভক্ষ্য স্তু সেৱনৰ বাবে আমাৰ স্বাস্থ্যৰ হানি–বিঘিনিহে ঘটে৷ মদ–মাংস সেৱনে লিভাৰ আৰু কিডনীত নেত্বিাচক প্রভাৱ পেলায়৷ স্বাস্থ্যৱান জীৱনতকৈ নিচা তথা জিভাৰ লালসা ডাঙৰ হ’ব নোৱাৰে৷ গতিকে সু–স্বাস্থ্যৰ স্বার্থত মদ–মাংস পৰিত্যাগ কৰা উচিত৷
বেছিকৈ পীডানাশক ঔষধ সেৱন ঃ আমি আহাৰ–বিহাৰত সংযত হোৱাতকৈ াধি নাশৰ াবে পীডানাশক ঔষধ খাবলৈ ভাল পাওঁ৷ ইয়াৰ ভয়ানক প্রভাৱ কিডনীয়ে ভোগে৷ পীডানাশক ঔষধ কেতিয়াবা বিশেষ পৰিস্থিতিত খোৱাটো স্বাভাৱিক কথা, কিন্তু এনে ঔষধ খোৱাটো অভ্যাসত পৰিণত কৰ্বি নালাগে৷
জাংক ফুড সেৱন ঃ জাংক ফুড সেৱনে আমাৰ দেহৰ বিভিন্ন ক্ষতি কৰে৷ বিভিন্ন ক্ষতিৰ ভিতৰত এটি ক্ষতি হৈছে কিডনীত কু–প্রভাৱ৷ জাংক ফুডে কিডনীৰ কার্যক্ষমতা হ্রাস কৰে৷ গতিকে আপুনি যদি স্বাস্থ্য সচেতন, তেন্তে জাংক ফুড পৰিহাৰ কৰক৷ চিপচ্, বার্গাৰ, পেষ্টা, কুৰকুৰে আদি খাদ্যসমূহ হৈছে জাংক ফুড৷ এই খাদ্যসমূহত অতিৰিক্ত নিমখ থাকে৷ এনে খাদ্য সেৱনৰ ফলত কিডনীৰ কার্যক্ষমতা কমি যায়৷
আমি কেতিয়াবা দেহ–মনৰ বিসংগতিসমূহক অৱজ্ঞা কৰোঁ৷ কিন্তু সাধাৰণ বিসংগতিয়েও কেতিয়াবা ভয়ানক ৰোগৰ সংকেত হন কৰে৷ গতিকে এইক্ষেত্রত আমি সাৱধান হোৱা উচিত৷ কিডনী সম্পর্কীয় ৰোগৰ ক্ষেত্রতো এনে হু লক্ষণ আছে, যিয়ে নেকি কিডনী ৰোগাক্রান্ত হোৱাৰ বার্তা বহন কৰে৷ নিম্নোল্লিখিত সমস্যা বা লক্ষণসমূহে দেখা দিলে অনতিপলমে কিডনী বিশেষজ্ঞৰ ওচৰ চাপক–
–প্রস্রাৱ কমকৈ ওলোৱা
–চকু ফুলা
–ভৰি ফুলা
–সহজতে ভাগৰ লগা
–ক্ষুধা হ্রাস
–বমি বমি ভাব
–অত্যধিক তৃষ্ণা
–দেহৰ ওজন হ্রাস
–মূৰৰ বিষ
–অস্থি পীডা
–তন্দ্রা অৱস্থা
–মাহেকীয়া ঋতুস্রাৱৰ বিসংগতি
–বাৰে বাৰে প্রস্রাৱ কৰ্বিলৈ যাবলগীয়া হোৱা, কিন্তু প্রত্বিাৰতে প্রস্রাৱ কমকৈ হোৱা৷
–মনোযোগ কমি যোৱা
–খজুৱতি
‘নিৰাময়তকৈ প্রতিৰোধ শ্রেষ্ঠ’৷ গতিকে ৰোগাক্রান্ত হোৱাৰ আগতে ৰোগক প্রতিহত কৰ্বিলৈ আমি যত্নপৰ হোৱা উচিত৷ কিডনী সুস্থতাৰ াবে আমি যত্নপৰ হোৱা উচিত৷ কিডনী সুস্থতাৰ াবে আমি কি কৰা উচিত? এইক্ষেত্রত তলৰ কথাখিনি ধ্যানযোগ্য৷
–যোগ বিজ্ঞানক গুৰুত্ব দিয়ক৷ নিতৌ বাহ্মমুহূর্তত শোৱাপাটী ত্যাগ কৰি মল আদি বিসর্জন কৰি আসন–প্রাণায়মৰ অভ্যাস কৰা উচিত৷ কিডনীৰ বাবে ভুজংগাসন, পশ্চিমোত্তানাসন, সেতু ন্ধাসন, নৌকাসন আদি খুবেই উপযোগী৷ এগৰাকী দক্ষ যোগ প্রশিক্ষকৰ তত্ত্বাৱধানত ভালকৈ শিকি লৈহে যোগাভ্যাস কৰা উচিত৷
–নেমুটেঙা, তেঁতেলি আৰু পনৌনৌৱা কিডনীৰ বাবে অতি উপকাৰী৷ এই উপকাৰী খাদ্যকেইবিধ খোৱাত গুৰুত্ব দ্বি৷
–পৰাপক্ষত জৈৱিকভাৱে উৎপাদিত শাক–পাচলি খোৱা উচিত৷ ৰাসায়নিক সাৰ আৰু কীটনিয়ন্ত্রকৰ অতি প্রয়োগ কৰি কৰা উৎপাদনসমূহে লিভাৰ আৰু কিডনীৰ প্রভূত ক্ষতি কৰে৷ ন্ধাকবি আৰু ফুলকবি কিডনী স্বাস্থ্যৰ াবে অনুকূল৷ কিন্তু বিষাক্ত কীটনাশক প্রয়োগ হোৱা কবিয়ে হিতে বিপৰীতহে কৰ্বি৷
–স্বচিকিৎসাৰ কু–প্রভাৱৰ ফলত ফার্মাচীৰ পৰা পীডানাশক ঔষধ খোৱাৰ অভ্যাস থাকিলে সোনকালে ত্যাগ কৰাটো অতিকে জৰুৰী৷ যিকোনো শাৰীৰিক বিসংগতিৰ ক্ষেত্রত চিকিৎসকৰ পৰামর্শ অনুযায়ীহে আগ্বাঢ়্বি লাগে৷
–পর্যাপ্ত পানী পান কৰ্বি লাগে৷
–আহাৰত পিউৰিন, কেলচিয়াম আদিৰ মাত্রা যাতে বেছি নহয়, তাৰ বাবে সচেতন হোৱা উচিত৷
–নিদ্রা সঠিকভাৱে হোৱা উচিত৷ বেছি নিশালৈ উজাগৰে থকা, ৰাতি দেৰিকৈ আহাৰ খোৱা আদি দ অভ্যাস ত্যাগ কৰ্বি লাগে৷ ৰাতি আহাৰত পনীৰ, ৰাজমাহ, কাবুলী বুট আদি খাদ্য অন্তর্ভুক্ত কৰ্বি নালাগে৷
– মূলা পাতৰ ৰস কিডনীৰ বাবে বহু উপকাৰী৷ নিতৌ ৫০ মিঃলিঃ মূলা পাতৰ ৰস খালে কিডনী ভালে থাকে৷ কিন্তু এইক্ষেত্রত সাৱধান হোৱা উচিত যে খাবলৈ অনা মূলা পাতখিনি যাতে কীটনাশকৰ পৰা মুক্ত হয়৷
–নাৰিকলৰ পানী কিডনীৰ বাবে অতি উপকাৰী৷ স্বাস্থ্যৰ বাবে ভয়ানক ছফ্ট ড্রিংকছ পান কৰাৰ পৰিৱর্তে প্রাকৃতিক গুণেৰে ভৰপূৰ নাৰিকলৰ পানী পান কৰাৰ অভ্যাস গঢ় দিয়া উচিত৷
–কিডনীৰ বাবে উপকাৰী আন এবিধ আহাৰ হৈছে তৰমুজৰ ৰস৷ এইক্ষেত্রত সাৱধান হ’বলগীয়া কথাটো হ’ল যে তৰমুজৰ শ্রীবৃদ্ধিৰ বাবে বিষাক্ত কীটনাশক তথা কেতিয়াবা মাৰাত্মক ইনজেকচনো দিয়া হয়৷ গতিকে এইক্ষেত্রত সাৱধানতা অৱলম্বন কৰা উচিত৷
–কিডনীৰ বাবে অতি উপকাৰী আন এবিধ আহাৰ হৈছে কুঁহিয়াৰৰ ৰস৷ কুঁহিয়াৰৰ ৰসে কিডনীৰ কার্যক্ষমতা দ্ধি কৰে৷ স্বাস্থ্য সচেতনতা দ্ধিৰ বাবে এই প্র্বন্ধটি লিখা হৈছে৷ স্বাস্থ্যজনিত যিকোনো সমস্যাৰ ক্ষেত্রত চিকিৎসকৰ পৰামর্শ গ্রহণ কৰে যেন৷

 

You May Also Like

More From Author