অত্যাধিক মাংস ভোজন কৰাটোও লিভাৰ বিকল হোৱাৰ কাৰণ!

1 min read

মানৱ শৰীৰৰ আটাইতকৈ গুৰুত্বপূৰ্ণ অংগ মগজু, হৃদপিণ্ড, কিডনীৰ লগতে লিভাৰ বা যকৃতো এটি। যকৃত হৈছে মানুহৰ দেহৰ আটাইতকৈ ডাঙৰ অংগ। আপোনাৰ গৃহত থকা পানীৰ ফিল্টাৰ টোৱে যেনেকৈ লেতেৰা পানী বিশুদ্ধ কৰে ঠিক একেদৰে মানৱ শৰীৰৰ এই লিভাৰ নামৰ ফিল্টাৰ টোৱে মানৱ শৰীৰত সৃষ্টি হোৱা লেতেৰা আৰু বিষাক্ত পদাৰ্থ সমূহ দেহৰ পৰা ফিল্টাৰ কৰি দেহৰ পৰা মল মূত্ৰৰ সৈতে নিষ্কাষণ কৰে। আকৌ যেনেদৰে আপোনাৰ গৃহৰ পানী ফিল্টাৰটো বিভিন্ন কাৰণত অকাৰ্য্যক্ষম হৈ পানী ফিল্টাৰ কৰিব নোৱাৰা হৈ যায় ঠিক একেদৰে এই যকৃত নামৰ যন্ত্ৰটি অকাৰ্যক্ষম হৈ পৰে বিভিন্ন কাৰণত আৰু তেতিয়াই মানৱ শৰীৰে বহু বিপদৰ সন্মুখীন হ’ব লগীয়া হয়।

 লিভাৰ টোৱে কি কাম কৰে বুলি নকৈ কিনো কাম নকৰে, কিনো উপকাৰ সাধন নকৰে মানৱ দেহত বুলি কোৱাহে সমীচীন হ’ব। শৰীৰত প্ৰয়োজনীয় হৰমনৰ মাত্ৰা সমানুপাতিক কৰি ৰখা, দেহত হোৱা ঘাঁ আৰু কটা চিগা সমূহ শুকুৱা , তেজ পৰিস্কাৰ কৰি ৰখা, খাদ্যত থকা ভিটামিন সমূহ দেহত শোষণ কৰি লোৱা, দেহৰ ওজনৰ ভাৰসাম্যতা ৰক্ষা কৰা , ঔষধৰ সেৱণৰ পৰা হ’ব পৰা পাৰ্শ্বক্ৰিয়া নিয়ন্ত্ৰণ কৰা, মদ্যপান আৰু খাদ্যত থকা বিষাক্ত দ্ৰব্য সমূহক দেহৰ পৰা নিষ্কাষণ কৰা আদিৰ উপৰিও লিভাৰৰ আৰু আছে এশ একুৰি গুৰুত্বপূৰ্ণ কাম।

বিভিন্ন গৱেষণাত প্ৰকাশ যে বহু লিভাৰৰ ৰোগ শিশু অৱস্থাৰ পৰা আৰু কিছু প্ৰাপ্তবয়স্ক লোকৰ হ’ব পাৰে। খোৱা খাদ্যক হিচাপ নিকাচ নকৰাকৈ খোৱা আৰু অত্যাধিক মদ্যপান আৰু দৈনিক শাৰিৰীক পৰিশ্ৰমৰ অভাৱে হৈছে লিভাৰ বেয়া হোৱাৰ প্ৰধান আৰু ঘাই কাৰণ। অত্যাধিক আমিষ ভোজনত লিভাৰে যথেষ্ট কষ্ট পায় আৰু তাৰ ফলত লিভাৰ অসুস্থ হৈ পৰে। অত্যাধিক জীৱ জন্তুৰ মাংস , চৰ্বি আৰু লিভাৰ, মাছ, কনী আদি ভোজন কৰা মানুহৰ যকৃত বা লিভাৰৰ বাবে অত্যন্ত ক্ষতিকাৰক। ইয়াৰ উপৰিও কিছু বেক্টেৰিয়া আৰু ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হৈ হ’ব পাৰে লিভাৰৰ কিছুমান জটিল সমস্যা।

প্ৰথমে লিভাৰৰ সমস্যা সমূহ এটি সাধাৰণ সমস্যা ৰূপে মানুহৰ শৰীৰত দেখা দিয়ে বাবে মানুহে লিভাৰৰ সমস্যা সমূহক বেছি গুৰুত্ব নিদিয়ে। যেনে মুখৰ দুৰ্গন্ধ, জণ্ডিচ অৰ্থাৎ চকু, ছাল , হাত ভৰিৰ নখ হালধীয়া হোৱা, পেচাবৰ ৰং হালধীয়া বা কমলা ৰঙৰ হোৱা, ভোক নলগা, পেটৰ সমস্যা, হজমৰ সমস্যা আদিৰে আৰম্ভণি হয় যদিও পিছলৈ এইবোৰ সমস্যাই গুৰুতৰ ৰূপ ধাৰণ কৰি প্ৰাণনাশী হৈ পৰে যদিহে আৰম্ভণিতে গুৰুত্ব প্ৰদান কৰা নহয়। গেছৰ সমস্যাৰ দৰে সমস্যা সঘনাই হ’ব পাৰে লিভাৰৰ বিকাৰৰ ফলত। দেহৰ পৰা অত্যাধিক ঘাম নিৰ্গত হোৱাও লিভাৰৰ সমস্যাৰ কাৰণ হ’ব পাৰে।

 

 লগতে শৰীৰৰ ওজন বৃদ্ধি হ’বলৈ ধৰে লিভাৰৰ সমস্যাৰ পৰা কিয়নো লিভাৰৰ বিসংগতিৰ বাবে দেহত উৎপাদন হোৱা কিছু বিষাক্ত দ্ৰব্য লিভাৰে নিষ্কাষণ কৰিব সক্ষম নহয়। অনবৰতে ভাগৰ আৰু দুৰ্বল অনুভৱ কৰা, ভৰিৰ পতা ফুলা আদিও লিভাৰৰ সমস্যাৰ ফলতে হ’ব পাৰে। সেয়ে কোৱা হয় কোনো ব্যক্তিৰ শৰীৰৰ ভাগৰৰ অনুভৱ বেছিকৈ হ’ব ধৰিলে এবাৰ লিভাৰৰ পৰীক্ষা কৰাই লোৱা দৰকাৰী। লিভাৰৰ বিকাৰৰ ফলত শৰীৰত এলাৰ্জি , খজুৱতি আদিও হ’ব পাৰে। যদিহে দেহৰ ছালত কোনো কাৰণ নোহোৱাকৈ ৰঙা বা নীলা দাগ পৰে সেয়াও লিভাৰৰ সমস্যাৰ ফলতে হ’ব পাৰে 

2022-07-10

You May Also Like

More From Author