বৃক্কৰ পাথৰ: প্রতিৰোধৰ খাদ্যাভ্যাস

0 min read

এতিয়া গ্রীষ্মকাল৷ মাজতে কেইদিনমান গৰম খুব বৃদ্ধি পাইছিল৷ চৰকাৰে ক’ৰোনাৰ সংক্রমণ প্রতিহত কৰিবলৈ সক্ষম হোৱাৰ লগে লগে আনলক প্রক্রিয়া আৰম্ভ হৈছে৷ কল–কাৰখানা খুলিবলৈ লৈছে৷ যান–বাহন চলিবলৈ আৰম্ভ কৰিছে৷ এনে অৱস্থাত আউটড’ৰত কাম কৰা লোকসকলৰ যথেষ্ট ডি–হাইড্রেচন হ’ব পাৰে৷ যিয়ে কিডনী ষ্ট’ন গঠনত উদ্গনি যোগায়৷ ‘প্রতিৰোধেই প্রতিকাৰৰ মূল’ বুলি এষাৰ কথা আছে৷ খাদ্যাভ্যাসৰ জৰিয়তে পাথৰ উৎপত্তিৰ হাৰ নিয়ন্ত্রণ কৰিব পৰা যায়৷ কিডনী পাথৰৰ হাৰ নিয়ন্ত্রণৰ ক্ষেত্রত খাদ্যাভ্যাসৰ গুৰুত্ব অপৰিসীম৷
কিডনী পাথৰৰ ৰোগীৰ বাবে অপকাৰী খাদ্য– যিবিলাক খাদ্যত অক্সালেট বেছি পৰিমাণে থাকে, তেনেবোৰ খাদ্যৰ অধিক ব্যৱহাৰৰ ফলত কেলছিয়াম অক্সালেট পাথৰ হোৱাৰ সম্ভাৱনা বৃদ্ধি পায়৷ তদুপৰি পিউৰিন বা ইউৰিক এচিড বেছি থকা খাদ্য বেছিকৈ গ্রহণ কৰিলে প্রস্রাৱত ইউৰিক এচিডৰ পৰিমাণ বৃদ্ধি পায়, ফলত ইউৰিক এচিড পাথৰৰ সৃষ্টি হ’ব পাৰে৷
কিডনী পাথৰৰ ৰোগীয়ে পৰাপক্ষত এৰাই চলিব লগা অক্সালেট বেছি থকা খাদ্য– পালেং শাক, বিলাহী, আমলখি, কাজু বাদাম, তিঁয়হ, কচু, ভেন্দি৷
কেলচিয়াম ফছফেট পাথৰ গঠনৰ সম্ভাৱনা হ্রাস কৰিবৰ কাৰণে ফচফৰাছ বেছি থকা খাদ্যৰ পৰিমাণ সীমিত কৰিব লাগে৷ ফচফৰাছ বেছি পৰিমাণে থকা খাদ্য হ’ল– মাংস, মাছ, হাঁহ, কুকুৰা, গাখীৰৰ পৰা উৎপাদিত সামগ্রী, বিন, দাইল, বাদাম, শীতল পানীয়, পেকেট খাদ্য৷
কিডনী পাথৰৰ ৰোগীয়ে পৰাপক্ষত এৰাই চলিব লগা পিউৰিন, ইউৰিক এচিড বেছি থকা খাদ্য– ফুলকবি, ৰঙালাউ, বেঙেনা, আমিষ াহাৰ৷ সাধাৰণতে কমাই খাব লাগে শীতল পানীয়, আমিষ আহাৰ, অত্যধিক চেনি, নিমখ আদি৷
কিডনী পাথৰৰ ৰোগীৰ বাবে বিশেষভাৱে উপকাৰী কিছুমান খাদ্য যেনে– নাৰিকলৰ পানী, মাকৈ, বার্লি, মাটিকঁঠালৰ ৰস, কল, আলমণ্ড, নেমু, গাজৰ, তিতাকেৰেলা, পানী আৰু অত্যধিক জুলীয়া পদার্থ, তৰমুজ আদি৷

You May Also Like

More From Author