গোৰোহা ফটা সমস্যাটো শীতৰ প্রভাৱ৷ অৱশ্যে এই সমস্যাটো বংশগত হোৱাও দেখা যায়৷ গোৰোহা ফটা সমস্যাটো সমাধান কৰিবলৈ নিয়মীয়াকৈ যতন ল’ব লাগে৷ কুহুমীয়া গৰম পানীত নিমখ দি ছেম্পু দি ধুব লাগে৷ ভৰি ধুওঁতে পিউমিচ ষ্টোনেৰে ঘঁহিব লাগে, পিছত তিনি মিনিটৰ ভিতৰত মইশ্বাৰাইজাৰ লগাব লাগে৷ হিলমেট আদি লগাব পাৰে৷ ইয়াৰ বাবে লিকুইড, হোৱাইল পেট্রোলিয়াম, লেকটিক এচিড, ইউৰিয়া, গ্লাইক’লিক এচিড, চেলিচাইলিক এচিড আদিযুক্ত ক্রীম ব্যৱহাৰ কৰিব পাৰে৷ কেতিয়াবা ভৰি ফটা সমস্যাটোৰ লগত ড্রাই একজিমা, প্লেণ্টাৰকেৰাট ড্রার্মা, ছৰিয়াছিছ আদি ছালৰ বেমাৰ জড়িত হৈ থাকে বাবে চিকিৎসকৰ পৰামর্শ গ্রহণ কৰিব লাগে৷