ছাইনাছাইটিচ: অতি কষ্টদায়ক আৰু পীডাদায়ক বেমাৰঅতি কষ্টদায়ক আৰু পীডাদায়ক বেমাৰ!

0 min read

ছাইনাছাইটিচ বুলি কোৱাৰ লগে লগে মনলৈ আহে এক অতি কষ্টদায়ক আৰু পীডাদায়ক বেমাৰৰ কথা৷ সঘনাই মূৰৰ বিষ, নাকেদি পানী ওলোৱা, সঘনাই চর্দি লাগি থকা, বাৰে বাৰে হাঁচি আহি থকা, চকুৰ ওপৰৰ পতাত অসহ্য বিষ হৈ থকা, ৰ ৰ ভাব থকা আদি লক্ষণবোৰৰ কথা মনলৈ আহিলেই এক অসহ্য যন্ত্রণাৰ কথা সোঁৱৰাই দিয়ে৷ সৰু লৰা–ছোৱালীৰ পৰা আৰম্ভ কৰি ডেকা–বুুা উভয়ে এই পীডাদায়ক বেমাৰৰ দ্বাৰা আক্রান্ত হয়৷ কোনেও শীতকালত এইবোৰ সমস্যাৰ পৰা সাৰি যাব নোৱাৰে৷ অকল শীতকালতে নহয় আন আন ঋতুতো এই ধৰণৰ সমস্যাৰ দ্বাৰা আক্রান্ত নোহোৱাকৈ থাকিব নোৱাৰে৷ সেয়ে এই বেমাৰ প্রায় সকলোৰে পৰিচিত৷ ছাইনাছাইটিচ কোনো প্রাণঘাতক বেমাৰ নহয় যদিও ইয়াৰ দ্বাৰা পোৱা অসহ্য কষ্টই মানুহক বিভিন্ন ধৰণে পীডা দি থাকে৷ বাট–পথৰ দুৰৱস্থা, অসংখ্য গাডী–মটৰ, কল–কাৰখানা–উদ্যোগ আদিৰ পৰা পোৱা ধূলি, মাকতি আৰু ধোঁৱাই পৰিৱেশ অত্যন্ত প্রদূষিত কৰি পেলাইছে৷ পৰিষ্কাৰ বতাহ, মুকলি পথাৰৰ নির্মল জলবায়ু প্রায় পাবলৈ নোহোৱা হৈ গৈছে৷ প্রদূষিত পৰিৱেশে প্রায় সকলো অঞ্চল গ্রাস কৰি পেলাইছে৷ অকল অসমতে নহয়, ভাৰতবর্ষত মেড্রপলিটান চহৰবোৰো কল–কাৰখানা–উদ্যোগ, মটৰগাডীৰ ধোঁৱাই মানুহৰ জীৱন যাত্রা দুর্বিষহ কৰি পেলাইছে৷ তদুপৰি ভাৰতবর্ষৰ দৰে উন্নয়নশীল দেশবোৰত সাধাৰণ খাটিখোৱা মানুহখিনি বজাৰ কৰা, অফিচ আদালত আদিত চাকৰি কৰা, ব্যৱসায় কৰাৰ লগতে দৈনন্দিন কামবোৰ সমাপন কৰোঁতে প্রদূষিত জলবায়ুৰ ধূলি–বালি, ধোঁৱা আদিৰ সন্মুখীন হব লগা হয় আৰু তাৰেই ফলত উন্নয়নশীল দেশবোৰত এই ৰোগৰ প্রাদুর্ভাৱ খুব বেছি পৰিমাণে হোৱা দেখা যায়৷

মানুহৰ শৰীৰত তিনিযোৰ ছাইনাচ থাকে, ছাইনাচ অর্থাৎ সাধাৰণ ভাষাত ফুটা বুলি কোৱা হয়৷ আমাৰ দুচকুৰ ওপৰত এযোৰ, চকু আৰু নাকৰ সংযোগস্থালত এযোৰ আৰু নাকৰ দুয়োকাষে এযোৰ ছাইনাচ থাকে৷ তিনিযোৰ ছাইনাচে উশাহত বায়ু গৰম কৰি ইয়াক চলাচল কৰাত সহায় কৰে৷ মূৰৰ ভিতৰৰ ভাৰসাম্য ৰক্ষা কৰাৰ ক্ষেত্রতো সহায় কৰে আৰু লগতে আমাৰ মাত কথাৰ কম্পনাংকও নিয়মিত কৰি ৰাখে৷ এইখিনি কার্য পেৰানেজেল ছাইনাচৰ দ্বাৰা সম্পন্ন হয় যদিও আজিলৈকে পেৰানেজেল ছাইনাচৰ কর্মৰ বিষয়ে সঠিক ধাৰণা কৰিব পৰা হোৱা নাই৷ এই তিনিযোৰ ছাইনাচৰ পাতল, মিউকাছবোৰ যদি কিবা কাৰণত বীজাণুৰ দ্বাৰা সংক্রমিত হয় আৰু ফুলি উঠে, তেতিয়া তাক ছাইনাছাইটিচ বুলি কোৱা হয়৷

কাৰণসমূহ ঃ

ক৷ নাকত কোনো বীজাণুৰ দ্বাৰা সংক্রমণ ঘটিলে৷

খ৷ ফেৰিংচত বীজাণু সংক্রমণ হলে বা টনচিলাইটিচ হলে৷

গ৷ বহুদিনীয়া লেতেৰা পানীৰ খাল, ডোং আদিত গা ধুলে৷

ঘ৷ দাঁতৰ বীজাণু সংক্রমণ হলে৷

ঙ৷ নাকত আঘাত পালে৷

চ৷ সাধাৰণ কিছু বেমাৰ৷ যেনে ইনফ্লুৱেঞ্জা, হুপিংকাহ ইত্যাদি কাৰণত ছাইনাছাইটিচ হব পাৰে৷

ছ৷ দেহৰ ৰোগ প্রতিৰোধ ক্ষমতা কমি গলে৷

জ৷ অত্যধিক ঠাণ্ডা লাগিলে৷

ঝ৷ বুকুৰ কিছুমান বেমাৰ৷ যেনে ব্রংকাইটিছ, হাপানি ইত্যাদি ৰোগৰ বাবে ছাইনাছাইটিচ হব পাৰে৷

ঞ৷ নাকৰ ছেপটামৰ হাড বেঁকা হৈ বন্ধ হৈ থাকিলে এই ৰোগ হব পাৰে৷

ট৷ অত্যধিক ধূলি–মাকতি, ধোঁৱা থকা এলেকাত থাকিলে সেয়া সেৱন কৰিলে এই ৰোগৰ প্রাদুর্ভাৱ হোৱা দেখা যায়৷

উত্তেজক কাৰক ঃ সাধাৰণতে যিবোৰ বীজাণুৰ দ্বাৰা সংক্রমণ হয়, তাৰ ভিতৰত নিউমো কক্কাই, ষ্টেপটক্কাচ আদি বেক্টেৰিয়াৰ আক্রমণৰ কাৰণে ছাইনাছাইটিচ ৰোগ হয়৷

লক্ষণসমূহ ঃ সাধাৰণ লক্ষণবোৰৰ ভিতৰত অত্যধিক মূৰৰ বিষ, চকুৰ বিষ, উশাহ লোৱাত কষ্ট, নাকেদি অনবৰত পানী ওলাই থকা, নাকৰ আগফাল আৰু ভিতৰফালে লন হৈ থকা, বাৰে বাৰে হাঁচি আহি থকা ইত্যাদি৷ স্থানীয় লক্ষণবোৰৰ ভিতৰত নাকত সদায় অস্বস্তি অনুভৱ হয়৷ দুচকুৰ ওপৰত থকা ছাইনাছ সংক্রমণ হলে মূৰৰ বিষ, চকুৰ বিষ, কপালৰ বিষ আদি অনুভৱ হয়৷ চকু আৰু নাকৰ সংযোগস্থলত থকা ছাইনাচযোৰ সংক্রমণ হলে কাণ, কান্ধ, ডিঙি আদিৰ বিষ হোৱাৰ উপৰি মূৰৰ ওপৰৰ অংশত বিষ হব পাৰে৷ নাকৰ দুয়োকাষত থকা ছাইনাচযোৰত হোৱা সংক্রমণৰ ফলত দাঁতৰ বিষ হব পাৰে৷ নাক বন্ধ হৈ থাকিব, নাকেদি পানী আৰু সেঙুন ওলাই থাকিব৷ নাকৰ পৰা তেজ ওলাব৷ নাকৰ ছাইনাচৰ অৱস্থানত বিষ অনুভৱ হব আৰু এই বিষ দাঁতৰ মূল, কাণ আৰু চকুৰ ওপৰলৈ সম্প্রসাৰিত হব৷ গাল ফুলি উঠিব আৰু ৰঙা পৰিব পাৰে৷

পৰীক্ষা–নিৰীক্ষাসমূহ্ ঃ এই ৰোগ ধৰা পেলাবলৈ কিছু পৰীক্ষাৰ ব্যৱস্থা আছে৷ যেনে ড্রেনছইলোমিনেচন টেষ্ট৷ তদুপৰি এক্সৰেৰ দ্বাৰাও ছাইনাছৰ অৱস্থানৰ বিষয়ে গম পোৱা যায়৷ নাকৰ পৰা ওলোৱা বিজলুৱা পদার্থখিনিৰ কালচাৰ আৰু সংবেদনশীল পৰীক্ষাৰ দ্বাৰা ছাইনাছাইটিচ ৰোগ ধৰা পেলাব পাৰি৷ এইবোৰ হল পৰীক্ষাগাৰত হোৱা পৰীক্ষা৷ কিন্তু এইবোৰ পৰীক্ষা নকৰাকৈয়ে মাত্র স্থানীয় লক্ষণবোৰৰ দ্বাৰাই এই বেমাৰ ধৰা পেলাব পাৰি৷

সাৱধানতা ঃ ছাইনাছাইটিচৰ চিকিৎসা কৰি সুফল পোৱাতকৈ সাৱধানতা অৱলম্বন কৰিহে ইয়াৰ পৰা হাত সাৰি থাকিব পাৰি৷ যেনে

ক৷ ধূলি–মাকতি, ধোঁৱা আদিৰ পৰা সদায় নিজকে আঁতৰাই ৰখা৷

খ৷ প্রদূষিত বতাহ আৰু প্রদূষিত পৰিৱেশৰ পৰা আঁতৰত থকা৷

গ৷ ঠাণ্ডাৰ পৰা নিজক বচাই ৰখা৷ ঠাণ্ডা বায়ু সেৱন কৰিলে, ঠাণ্ডা পানীৰে গা ধুলে বহুতৰে এই বেমাৰৰ পীডাবোৰে যন্ত্রণা দিয়া দেখা যায়৷

ঘ৷ ছাইনাছাইটিচ হল এলার্জিজনিত সমস্যা৷ সেয়ে যিবোৰ বস্তুৰ দ্বাৰা গাত এলার্জী হোৱা দেখা যায়, সেইবোৰ দ্রব্য সেৱন কৰাৰ পৰা বিৰত থাকিব লাগিব৷

ঙ৷ মুকলি বতাহ সেৱন কৰা আৰু মুকলি–নির্মল ঠাইৰ নির্মল বায়ু গ্রহণ কৰা৷

চ৷ বতাহত থকা এলার্জেনবোৰ যেনে ধূলি, ধোঁৱা আদি যাতে উশাহত নাকৰ ভিতৰলৈ নাযায়, তাৰ কাৰণে মাস্ক্ আদি ব্যৱহাৰ কৰা দৰকাৰ৷

চিকিৎসা প্রণালী ঃ এই বেমাৰৰ দ্বাৰা আক্রান্ত হোৱা ৰোগীক ভাল ভেণ্টিলেটৰ থকা মুকলি ঘৰত জিৰণি লবলৈ দিয়া হয়৷ এণ্টি এলার্জিক দৰব খাব দিব লাগে৷ তদুপৰি নেজেল ড্রপ ব্যৱহাৰ কৰি থাকিলে বন্ধ হোৱা নাক খোল খায়৷ ছাইনাছাইটিচ পুৰণি হলে নেজেল ছেপটাম বেঁকা হৈ যায়৷ তেতিয়া ইয়াক পোন কৰিবলৈ প্লাষ্টিক ছার্জাৰীৰ ব্যৱস্থা কৰিব লাগে৷ তদুপৰি নাকৰ ছেপটাম বেছি বেঁকা হৈ নাকৰ ফুটা বন্ধ হৈ গলে সেইক্ষেত্রত অস্ত্রোপচাৰেই উত্তম চিকিৎসা পদ্ধতি৷ সাধাৰণতে দুটা প্রথাৰে অস্ত্রোপচাৰ কৰা হয়৷ যেনেক ইণ্ড্রানেজেল এণ্টোছটমী আৰু খ কালডৱেল লাক অপাৰেচন৷

সাধাৰণতে অস্ত্রোপচাৰ চিকিৎসা হল একেবাৰে জটিল অৱস্থাৰ চিকিৎসা৷ কিন্তু অস্ত্রোপচাৰ কৰিবলগীয়া অৱস্থা পোৱাৰ আগতেই কিছু সাৱধানতা অৱলম্বন কৰি চলিলে এই অৱস্থাৰ পৰা ৰেহাই পাই থাকিব পাৰি৷ আৰম্ভণি অৱস্থাৰ পৰা কিছু ছিমটমেটিক চিকিৎসা কৰিও সাময়িক সকাহ পাই থাকিব পাৰি৷ বাহিৰৰ পৰা আহি কুহুমীয়া গৰম পানী নাকেৰে টানিব পাৰিলে নাকৰ নোম আৰু ছেপটামবোৰত লাগি থকা ধূলি–মাকতিবোৰ চাফা হৈ যায় আৰু সংক্রমণ হোৱাৰ পৰা ৰেহাই পাই থাকিব পাৰি৷ সদায় এয়া কৰি থাকিব পাৰিলে ছাইনাছাইটিচৰ পীডাৰ পৰা সকাহ পাই থাকিব পাৰি৷

You May Also Like

More From Author