হেলচী – হেলচীৰ স্বাস্থ্যজনিত উপকাৰিতা আৰু ব্যৱহাৰ

1 min read

হেলচীৰ উপকাৰিতা আৰু ব্যৱহাৰ (Benefits and uses of Buffalo spinach)

১. ছালৰ ৰোগ নিৰাময় কৰে (Cures Skin Disease):

ছালৰ ৰোগ প্ৰতিৰোধ কৰিবলৈ হেলচী উপকাৰিতা আছে। হেলচীত বহুতো এণ্টি – মাইক্ৰবিয়েল (Antimicrobial) উপাদান থাকে যিয়ে ছালৰ ৰোগ সৃষ্টি কৰা বেক্টেৰিয়া বা ভেঁকুৰৰ সৈতে যুঁজ দিয়াত সহায় কৰে আৰু সকলো বিষাক্ত পদাৰ্থ তেজৰ পৰা বাহিৰ কৰে । ই Eczema, ছালৰ এলাৰ্জি হ্ৰাস কৰাত সহায় কৰে। Helencha উদ্ভিদে তেজ বিশুদ্ধ কৰে আৰু শাল মইনা (Pimple), ফোঁহা, আঁতৰ কৰে । ছালৰ দাগ সমূহ আঁতৰ কৰে আৰু ছালৰ উজ্জ্বলতা বঢ়ায়।

২. এচিডিতি আৰু যকৃতৰ সমস্যা চিকিৎসা কৰে (Treats Acidity and liver Problems):

হেলচী উদ্ভিদে এচিডিতি আৰু যকৃতৰ ৰোগ নিৰাময় কৰাত সহায় কৰে। হেলচী উদ্ভিদৰ চুপ খালে পেটৰ সমস্যা যেনে – এচিডিতিগেষ্ট্ৰটাইটিছহৃদযন্ত্ৰৰ পোৰাবদহজম আদি নিৰাময় কৰে । ই যকৃতৰ স্বাস্থ্য আৰু সামগ্ৰিক অন্ত্ৰৰ স্বাস্থ্যত সহায় কৰে ।

৩. নিদ্ৰহিনতাৰ চিকিৎসা কৰে (Treat Insomnia):

নিদ্ৰহিনতাৰ চিকিৎসাৰ বাবে Helencha উদ্ভিদ উপকাৰী। হেলচী উদ্ভিদে চাপ হৰমনৰ (Stress hormones) উৎপাদন নিয়ন্ত্ৰণ কৰে আৰু পেশী  শিথিল কৰে। ই এক উন্নত টোপনি আৰু শিথিল মন প্ৰদান কৰে।

৪. স্নায়বিক বিকাৰৰ চিকিৎসা কৰে (Treats Neurological Disorders):

স্নায়বিক বিকাৰৰ চিকিৎসাৰ বাবে হেলচী উদ্ভিদ উপকাৰী। আলঝেইমাৰ (Alzheimer) ৰোগৰ দৰে স্নায়বিক বিকাৰৰ চিকিৎসাৰ বাবে Helechi উদ্ভিদৰ নিষ্কাশন ব্যৱহাৰ কৰা হয় ।

৫. ওজন হ্ৰাসৰ বাবে (For Weight loss):

হেলচী (Buffalo spinach)   উদ্ভিদে শৰীৰৰ ওজন হ্ৰাস কৰাত সহায় কৰে। ওজনৰ বাবে আহাৰ অনুসৰণ কৰা লোকসকলে Helechi শাক হিচাপে বা চুপ হিচাপে সেৱন কৰিব পাৰে। হেলচী উদ্ভিদত প্ৰ’টিন আৰু এণ্টি – অক্সিডেণ্টৰ (Anti – oxidant) উপাদান থাকে যি শৰীৰৰ বাবে এক উন্নত পুষ্টিগত পৰিপূৰক প্ৰস্তুত কৰে।

৬. অৰুচি চিকিৎসা কৰে (Treats Anorexia):

অৰুচি হৈছে এক পৃথক স্নায়বিক ৰোগ য’ত মানুহে সঠিক খাদ্য গ্ৰহণ নকৰে আৰু এই ক্ষেত্ৰত তেওঁলোকৰ ওজন তেওঁলোকৰ উচ্চতা অনুসৰি অত্যধিক কম হয় তথাপিও তেওঁলোকে একো খাবলৈ অনুভৱ নকৰে। হেলচী উদ্ভিদত থকা উপাদানে শৰীৰক পুনৰুজ্জীৱিত কৰাত  সহায় কৰে আৰু খাদ্যৰ বাবে ভোকৰ আগ্ৰহ সৃষ্টি কৰে।

৭. নিম্ন ৰক্তচাপ নিয়ন্ত্ৰণ কৰে (Controls Low Blood Pressure):

নিম্ন ৰক্তচাপ থকা লোকসকলৰ বাবে হেলচীৰ উপকাৰিতা মন কৰা যায়। দুই চাহ চামুচ হেলচী পাতৰ ৰস, দুই চাহ চামুচ কলমৌ পাতৰ ৰসৰ সৈতে দুই চাহ চামুচ মৌ মিহলাই প্ৰতিদিন পুৱা এমাহৰলৈকে সেৱন কৰিলে নিম্ন ৰক্তচাপ স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিব।

হেলচী উদ্ভিদ কিদৰে ব্যৱহাৰ কৰিব? 

  • কণ্টক বা ঘাম এই দুয়োটাৰ পৰা নিৰাময় পাবলৈ হেলচী (Buffalo spinach) উদ্ভিদৰ পাত সামান্য পানীৰ সৈতে পিচি তাৰ ৰস শৰীৰত ঘহিলে উপকাৰ হয় ।
  • জিভাত বগা স্তৰ পৰিলে তাৰ পৰা প্ৰতিকাৰ পাবলৈ হেলচী পাতৰ ৰস দুই চামুচ গৰম কৰি কেইদিনমান সেৱন কৰিব লাগে।
  • বৰ্ষা বা শৰৎ কালত হাত – ভৰিচকুৰ খজুৱতি হ’লে  এনে ক্ষেত্ৰত কেঁচা গাখীৰৰ সৈতে ২ চাহ চামুচ হেলচী পাতৰ ৰস মিহলি কৰি সেৱন কৰিলে এই ৰোগৰ পৰা নিৰাময় পাব পাৰি।
  • হেলচী পাতৰ ৰস ৩০ মিলি লিটাৰ, ৫০ মিলি লিটাৰ গৰু বা ছাগলী গাখীৰৰ সৈতে মিহলাই দৈনিক সেৱন কৰিলে পিত্তৰ পৰিমাণ স্বাভৱিক হয়। গনৰিয়া (Gonorrhea) ৰোগৰ বাবেও এই একে পদ্ধতিত একে পৰিমাণে সেৱন কৰিলে উপকাৰ পোৱা যায়।
  • কঁকালৰ ঠিক তলত বিষ বা যন্ত্ৰণা, নিশা ভৰিৰ পেশী বোৰ টান মাৰি ধৰিলে এনে ক্ষেত্ৰত  হেলচী পাতৰ ৰস ৩ চামুচ পাতলকৈ গৰম কৰি ৰাতিপুৱা খালি পেটত কেইদিনমান নিয়মীয়াকৈ সেৱন কৰিলে উপকাৰ হয়।
  • মূৰৰ বিষ পৰা আৰোগ্য লাভ কৰিবলৈ হেলচী পাতৰ পেষ্ট তৈয়াৰ কৰি কপালত প্ৰলেপ হিচাপে লগালে বিষ নিৰাময় হোৱাত সহায় কৰে ।
  • শৰীৰত দুই এটি গুটি দেখা দিলে প্ৰথম পৰ্য্যায়তে চন্দন কাঠৰ গুৰি ২ গ্ৰাম, অধাকাপ হেলচী পাতৰ ৰসৰ সৈতে মিহলাই সেৱন কৰিলে গুটি সমূহ নিৰাময় হোৱাত সহায় কৰে ।
  • বৃক্কৰ পাথৰ (Kidney Stones) চিকিৎসাৰ বাবে হেলচী পাত চেনীৰ সৈতে সিজোৱাই তাৰ তৰল পান কৰা হয় ।
  • গোটেই হেলচী উদ্ভিদ জোপা কৌষ্ঠকাঠিন্য (Constipation) চিকিৎসাৰ বাবে ব্যৱহাৰ কৰা হয়।

(Disclaimer: এই লেখাটোত উল্লেখিত পদ্ধতিসমূহ কেৱল পৰামৰ্শমূলক। প্ৰয়োজনীয় চিকিৎসা / খাদ্যাভ্যাস মানি চলিবলৈ বিশেষজ্ঞ চিকিৎসকৰ পৰামৰ্শ লওক।)

You May Also Like

More From Author