নখ কামোৰাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

0 min read

অভ্যাসবশতঃ বহুলোকে নখ কামুৰি থাকে৷ এই নখ কামোৰাৰ ফলত পেটৰ লগতে শৰীৰৰ বিভিন্ন ঠাইত ৰোগ সৃষ্টি হ’ব পাৰে৷ নখ কামোৰাৰ অভ্যাসৰ কাৰণে মাৰাত্মক ৰোগত আপুনি আক্ৰান্ত হ’ব পাৰে–

১৷ চৰ্ম ৰোগঃ নখ কামোৰাৰ ফলত মুখমণ্ডলত চৰ্ম ৰোগে দেখা দিব পাৰে৷ আনহাতে নখৰ তলত বেক্টৰিয়াজনিত সংক্ৰমণৰ বাবে পুঁজ জমা হ’ব পাৰে৷

২৷ পক্ষাঘাতঃ নখ কামোৰাৰ অভ্যাস দীঘলীয়া হ’লে আঙুলিত ঘাঁ হৈ ছেপ্তিক পৰ্যন্ত হ’ব পাৰে৷ যাৰ ফলত পেৰেলাইছিচ পৰ্যন্ত হ’ব পাৰে৷

৩৷ দাঁত ক্ষয়ঃ দাঁত কামোৰাৰ অভ্যাসৰ ফলত দাঁত ক্ষয় যাব পাৰে৷ ইয়াৰ ফলত অকালতে দাঁত সৰাৰ উপৰি প্ৰচণ্ড বিষ সৃষ্টি হ’ব পাৰে৷

৪৷ অপৰিষ্কাৰ দাঁতঃ দাঁত কামোৰাৰ অভ্যাসৰ ফলত যি ঠাইত ক্ষয় সৃষ্টি হয় সেই ঠাইত চামনি পৰি দাঁতৰ সৌন্দৰ্য নষ্ট কৰাৰ উপৰি তাৰ পৰা গৈ মাৰাত্মক ৰোগ সৃষ্টি হ’ব পাৰে৷ ইয়াৰ ফলত মুখৰ পৰা বেয়া গোন্ধ ওলোৱাৰ আশংকা থাকে৷

৫৷ নখৰ ক্ষতিঃ দাঁত কামোৰাৰ অভ্যাসৰ ফলত একেলগে দাঁত আৰু নখৰ ক্ষতি হয়৷ নখত ঘাঁ সৃষ্টি হোৱাৰ ফলত নখ বিভিন্ন ৰোগত আক্ৰান্ত হ’ব পাৰে৷

৬৷ বদহজমঃ দাঁত কামোৰাৰ অভ্যাসৰ ফলত হজম শক্তি হ্ৰাস পায়৷ যিহেতু দাঁত কামুৰি থকাৰ ফলত ক’ব নোৱাৰাকৈয়ে শৰীৰত বীজাণুয়ে প্ৰৱেশ কৰে৷ এই বীজাণুৱে কেতিয়াবা পাকস্থলীৰ লগতে খাদ্য নলীটো গুৰুতৰ সমস্যাৰ সৃষ্টি কৰে৷ ফলত খোৱাৰ প্ৰতি অনিহা বৃদ্ধি পোৱাৰ লগতে হজম শক্তি ক্ৰমাৎ হ্ৰাস পাই আহে৷ সেয়েহে এনেধৰণৰ বদ অভ্যাস ত্যাগ কৰাৰ বাবে সকলো সচেতন হ’ব লাগে৷

You May Also Like

More From Author