জানুৱাৰীৰ পৰা গুৱাহাটীত চলিব ১০০ খন গেছ চালিত বাছ

1 min read

ড৹ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনে নতুন বছৰৰ বাবে আনিছে আন এক নতুন চমক । নতুন বছৰটোৰ আৰম্ভনিতে মহানগৰবাসীক নতুন চমকেৰে উপহাৰ দিবলৈ সাজু হৈছে চৰকাৰখনে । মহানগৰীৰ ৰাজপথত চলিব ১০০ খনকৈ CNG বাছ । ইতিমধ্যে গুৱাহাটী পালেহি এই ১০০ খন CNG বাছ ।

স্মাৰ্ট চিটিৰ টকাৰে ASTC য়ে ক্ৰয় কৰিলে গেছ চালিত ১০০ খন বাছ । জানুৱাৰীৰ প্ৰথম সপ্তাহৰ পৰাই গুৱাহাটীত চলিব ২০ খন CNG বাছ । এই CNG বাছ সেৱাৰ শুভাৰম্ভ কৰিব মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই । পৰৱৰ্তী সময়ত সম্পূৰ্ণ ১০০ খন বাছ চলিব গুৱাহাটীৰ ৰাজপথত ।

You May Also Like

More From Author