ভগৱান বিষ্ণু এদিন গৰুড় পক্ষীত বহি কৈলাশ পৰ্বতত গৈছিল ।
কৈলাশৰ গুহাৰ ভিতৰত বিষ্ণুক এৰি থৈ গৰুড় বাহিৰত আহিল । বাহিৰত এটা সুন্দৰ মৰমিয়াল চৰাই দেখা পাই চাব ধৰিলে । সেই সময়তে যম দেৱতা কৈলাশলৈ আহিল । যম দেৱতাইও সেই সৰু চৰাইটোক ঘূৰি ঘূৰি চাই কৈলাশৰ ভিতৰলৈ গুচি গল ।
তেতিয়া গৰুড় পক্ষীয়ে বুজি পালে যে এই চৰাইটোৰ মৃত্যু নিকট আহিছে আৰু সেইবাবেই যমে এইদৰে বাৰে বাৰে ঘূৰি চাইছে ।
ইমান সুন্দৰ চৰাইটোক ইমান সহজতে আৰু মৰিব দিব পাৰিনে।
এইবুলি ভাবি গৰুড় পক্ষীয়ে এটা বুদ্ধি কৰিলে । চৰাইটোক ধৰি লৈ বহুত দূৰলৈ লৈ গৈ এখন পাহাৰৰ গুহাত লুকাই থৈ আহিল ।
যমে যেতিয়া বাহিৰত ওলাই আহি চৰাইটো চাব ধৰিলে তেতিয়া গৰুড় পক্ষীয়ে কলে যে ইমান ধুনীয়া চৰাইটোক ইমান সোনকালে মৰিব দিব নোৱাৰি । সেইবাবে মই তাক ইয়াৰ পৰা লাখ কিলোমিটাৰ দূৰত লুকাই থৈছোঁ ।
তাৰ পিছত যমে কলে যে :
হে গৰুড় ,
মইও তাকেই ভাবি আছিলোঁ ভিতৰত যোৱাৰ সময়ত যে এই চৰাইটোৰ মৃত্যু লেখা আছে ইয়াৰ পৰা লাখ কিলোমিটাৰ দূৰত এই সময়তে সৰ্পৰ মুখত । এতিয়া ইমান কম সময়তে এই চৰাইটোৱে ইমান দূৰত কিদৰে যাব পাৰিব ।
এতিয়া মই নিশ্চিত হৈছোঁ যে চৰাইটো নিশ্চয় মৃত্যু মুখত পৰিছে ।
তেতিয়া গৰুড় পক্ষীয়ে বুজি পালে যে মৃত্যুক কোনেও ৰখাব নোৱাৰে ।