চিৰ যৌৱনা হ’ব বিচাৰে নেকি?

1 min read

চিৰ যৌৱনা হ’বলৈ কোনেনো নিবিচাৰে৷ বয়সৰ চাপ যাতে বুজি পোৱা নাযায় তাৰ বাবে নানা ক্রিম, নানা পেক, বিউটি পার্লাৰত দৌৰ দিওঁ৷ কিন্তু তাৰ পৰা জানো প্ৰকৃত লাভ হয়? তাৰ ফলত কেমিকেলৰ চাপ পৰে, ছালৰ অৱস্থা তথৈবচ হয়৷ কিন্তু জানেনে, এইবোৰ নকৰাকৈয়ে, কেৱল মাত্র কেইটামান বস্তু নিয়মিত খালেই খুব সহজতেই নিজৰ যৌৱনক অটুট ৰাখিব পৰা যায়!

বেদানা :

চিকিৎসকৰ মতে, বেদানা বা ডালিমত থাকে প্রচুৰ পৰিমাণে ভিটামিন চি৷ আৰু ভিটামিন চি ছালৰ ক্ষেত্রত অতি উত্তম৷ চিকিৎসকৰ মতে, বয়স বাঢ়িলে ছালত ভাঁজ পৰে৷ ছাল শুষ্ক হৈ পৰে৷ সেয়ে প্ৰতিদিনে দুপৰীয়া খাদ্য খোৱাৰ পিছত, এটা বেদানা যদি খাব পাৰে, উপকাৰ পাব৷ কিন্তু বেদানা জুচ খালে ইমান এটা লাভ নহ’ব৷ ইয়াৰ বিপৰীতে চিকিৎসকসকলে চোবাই খাবলৈ কয়৷ কাৰণ, বেদানাৰ গুটিতেই আছে প্রচুৰ পৰিমাণৰ ভিটামিন চি৷ বিউটিচিয়ানসকলৰ মতে, ফেচ পেকত বেদানাৰ ৰস মিহলাই ল’ব পাৰে৷ বেদানাৰ ৰস অত্যন্ত ভাল প্ৰাকৃতিক মইশ্বৰাইজাৰ৷

ক’লা আঙুৰ :

ক’লা আঙুৰ ছালৰ পক্ষে খুবেই ভাল৷ ক’লা আঙুৰত আছে প্রচুৰ মাত্রাত ভিটামিন ই৷ এই ফল নিয়মিত খালে শুষ্ক, প্রাণহীন ছালত প্রাণ ঘূৰি আহে৷ কেৱল সেয়াই নহয়, ৰ’দত ছাল ক’লা পৰিছে নেকি? ঘৰৰ পৰা বাহিৰ ওলোৱাৰ পূৰ্বে দুটামান ক’লা আঙুৰ খাওক৷ চিকিৎসকৰ মতে, ক’লা আঙুৰে ৰ’দৰ পৰা ছালক বচোৱাত সহায় কৰে৷ কেৱল সেয়াই নহয়, অৱসাদৰ বাবে ছাল নষ্ট হৈ যায়৷ নিয়মিত ক’লা আঙুৰ খালে, খুব ভাল ফল দিব৷ বিউটিচিয়ানসকলে কয়, ক’লা আঙুৰৰ ৰসত তুলা ভিজাই মুখ পৰিষ্কাৰ কৰিলে ছালৰ পৰা ক’লা দাগ দূৰ হ’ব৷ ছাল হ’ব চিকচিকীয়া৷

পালেং শাক :

ৰান্ধি নহয়, চালাডত পালেং শাক ৰাখক৷ চিকিৎসকৰ মতে, সুস্থ আৰু ছাল চকচকীয়াকৈ ৰাখিবলৈ পালেং শাকে অতি ভাল কাম কৰে৷ পালেং শাকত আছে প্রচুৰ পৰিমাণে ভিটামিন ই৷ যিয়ে ছালক সতেজ কৰি ৰাখিবলৈ সহায় কৰিব৷ ছালৰ বলিৰেখা ৰোধতো সহায় কৰে পালেং শাকে৷ পুৱাৰ আহাৰ বা সন্ধ্যাৰ খাদ্যত পালেং শাক ৰাখিব পাৰে৷ চালাডত অৱশ্যেই ৰাখক পালেং শাক!

তৰমুজ :

তৰমুজ প্ৰাকৃতিক মইশ্বাৰাইজাৰ৷ ছালক আৰ্দ্ৰতা প্রদান কৰে তৰমুজে৷ ৰ’দে পোৰাৰ পৰা বচাব পাৰে তৰমুজে৷ বিউটিচিয়ানসকলে কয়, তৰমুজেৰে গা-হাত- ভৰিত মাখক৷ ইয়াৰ ফলত ক’লা দাগ দূৰ হ’ব৷

You May Also Like

More From Author