টীয়কৰ প্ৰতিবেদক ২৯ ডিচেম্বৰ /২২
টীয়ক পৌৰসভাৰ অন্তৰ্গত সাঁত নং ৱাৰ্ডৰ টেটুকাহাৰ পথটি পৌৰসভাৰ পঞ্চদশ বিত্তীয় আয়োগৰ ২০২০-২১-২২ বৰ্ষৰ অনুমোদিত টকা প্ৰায় এঘাৰ লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ’বলগীয়া পথটিৰ কালি আধাৰশিলা কৰা হয়।
টীয়ক পৌৰসভাৰ পৌৰপতি লাকী বৰবৰা গগৈয়ে ফিটা কাটি শুভাৰম্ভ কৰা উক্ত অনুস্থানত উপ পৌৰপতি মাধৱী হাজৰিকা,পৌৰসভাৰ ৱাৰ্ড আয়ুক্ত ক্ৰমে তুলতুল হাজৰিকা,মৃনাল বৰদলৈ,চিম্পী বৰুৱা,শিখাজ্যোতি দত্ত স্থানীয় জেষ্ঠ ব্যক্তি বিদ্যাধৰ হাজৰিকা,বলো চাহু,ৰাজেশ ৰবিদাসকে প্ৰমুখ্য কৰি ভালেসংখ্যক গণ্য মান্য ব্যক্তি উপস্থিত থাকি পৌৰসভাই লোৱা এই পদক্ষেপক আদৰণি জনাই আৰু পৰ্যায়ক্ৰমে আন আন সমস্যাসমূহৰো এইদৰে সমাধান কৰি যাব বুলি আশা প্ৰকাশ কৰে।