গুৱাহাটীবাসীৰ বাবে ভাল খবৰ! প্ৰতিটো পৰিয়ালক সোনকালে পানী যোগান সংযোগ প্ৰদান কৰা হ’ব !

1 min read

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি খাৰঘুলিস্থিত জল পৰিশোধন প্লাণ্টৰ চৌহদত আয়োজিত এক অনুষ্ঠানত জাইকাৰ সাহায্যপ্ৰাপ্ত গুৱাহাটী পানী যোগান প্রকল্পৰ জৰিয়তে আংশিক পানী যোগান সেৱা ৰাইজৰ বাবে উৎসৰ্গা কৰে। গুৱাহাটী মহানগৰীৰ জনসাধাৰণক বিশুদ্ধ খোৱাপানী যোগান ধৰাৰ লক্ষ্যৰে ২০০৯ চনত আৰম্ভ হোৱা এই প্ৰকল্পটো ২০২৪ চনত সম্পূৰ্ণভাৱে কাৰ্যক্ষম হৈ উঠিব। এই প্রকল্পটো সম্পূৰ্ণ ৰূপে কাৰ্যক্ষম হৈ উঠিলে ১.২৫ লাখ গৃহলৈ ২৪ ঘণ্টাই বিশুদ্ধ খোৱা পানী যোগান ধৰিব পৰা যাব। উল্লেখ্য যে আজি আংশিকভাৱে মুকলি হোৱা এই প্রকল্পটোৰ জৰিয়তে প্রায় ১৩ হাজাৰ গৃহলৈ পানী যোগান ধৰাৰ ব্যৱস্থা কৰা হৈছে।

এই উপলক্ষে আয়োজিত সভাত ভাষণ প্রদান কৰি মুখ্যমন্ত্ৰীয়ে এই আংশিক পানী যোগানে মহানগৰবাসীৰ আশা-আকাংক্ষা ৰূপায়ণৰ দিশত এক মাইলৰ খুঁটি স্বৰূপ হৈ ৰ’ব বুলি অভিহিত কৰে। মুখ্যমন্ত্ৰীয়ে আশা প্রকাশ কৰে যে এই প্রকল্পৰ আংশিক কাম-কাজে চহৰখনৰ বহুসংখ্যক পৰিয়ালৰ পানীৰ অভাৱ দূৰ কৰিব পাৰিব। তেওঁ লগতে কয় যে ১ লাখৰো অধিক পৰিয়াললৈ পানী যোগান ধৰাটো সুনিশ্চিত কৰাৰ বাবে ২০২৪ চনৰ মাৰ্চ মাহৰ ভিতৰত ইয়াক সম্পূৰ্ণ কৰাৰ বাবে প্রয়োজনীয় পদক্ষেপ গ্ৰহণ কৰা হৈছে। মুখ্যমন্ত্ৰীয়ে কয় যে এই আংশিক পানী যোগান ব্যৱস্থাৰ জৰিয়তে পূৱ গুৱাহাটী সমষ্টিৰ জনসাধাৰণলৈ বিশুদ্ধ খোৱাপানী যোগান ধৰিব পৰা যাব। তেওঁ লগতে কয় যে এয়া অঞ্চলবাসীৰ এক দীৰ্ঘদিনীয়া দাবী আছিল। ২০০৯ চনত আৰম্ভ হোৱাৰে পৰা আজি ইয়াৰ আংশিক কাম-কাজলৈ ১৩ বছৰ পলম হোৱাৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে জাপান আন্তঃৰাষ্ট্ৰীয় সহযোগী সংস্থা (জাইকাই) এক দশকৰো অধিক সময় প্ৰদৰ্শন কৰা নমনীয়তা আৰু ধৈৰ্যৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰে। মুখ্যমন্ত্ৰীয়ে এই প্রকল্প আৰম্ভণিৰ পিছৰ সময়ছোৱাত ইয়াৰ গতি লেহেমীয়া হোৱাৰ বাবে দুখ প্রকাশ কৰাৰ লগতে ৰাজ্যখনৰ বিভিন্ন পৰ্যায়ত ৰূপায়িত হৈ থকা জাইকাৰ সাহায্যপ্ৰাপ্ত সকলো প্রকল্প ৰূপায়িত কৰাৰ দিশত ৰাজ্য চৰকাৰে উচ্চ অগ্ৰাধিকাৰ প্রদান কৰিব বুলি কয়। মুখ্যমন্ত্ৰীয়ে লগতে কয় যে আজি আংশিকভাৱে শুভাৰম্ভ হোৱা এই প্রকল্পৰ জৰিয়তে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ বহনক্ষম বিকাশ আৰু উন্নয়নৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ লক্ষ্যক বাস্তৱায়িত কৰিলে।

মুখ্যমন্ত্ৰীয়ে কয় যে এইটো এক প্ৰকল্পই নহয়, ভাৰত আৰু জাপানৰ মাজত পাৰস্পৰিক সহযোগিতা আৰু বিশ্বাসৰো এক প্রতীক। দুয়োখন ৰাষ্ট্ৰৰ মাজত পাৰস্পৰিক বিশ্বাস আৰু সহযোগিতাৰ ৭০ বছৰ সম্পূৰ্ণ হোৱাৰ বিষয়টো উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে আগন্তুক বছৰবোৰত এই সম্পৰ্ক পূৰ্বতকৈ অধিক শক্তিশালী হৈ উঠিব। অনুষ্ঠানত ভাষণ প্রদান কৰি গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ বিভাগৰ মন্ত্ৰী অশোক সিংহলে কয় যে জাইকা সাহায্যপ্ৰাপ্ত গুৱাহাটী পানী যোগান আঁচনিৰ কাম-কাজ বিগত ১৩টা বছৰে বিভিন্ন কাৰণত অতিশয় লেহেমীয়া গতিত আগবাঢ়িছিল। কিন্তু ২০২১ চনত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কাৰ্যভাৰ গ্ৰহণ কৰাৰ পাছতেই এই প্রকল্পক পুনৰুজ্জ্বীৱিতকৰণৰ বাবে মুখ্যমন্ত্ৰীয়ে তেওঁক দায়িত্ব অৰ্পণ কৰিছিল।

সেই অনুসৰি মুখ্যমন্ত্ৰী ড০ শৰ্মাৰ সবল নেতৃত্ব আৰু নিৰন্তৰ মাৰ্গদৰ্শনক সাৰথি কৰি, দায়িত্বত নিয়োজিত প্রতিগৰাকী বিষয়া-কৰ্মচাৰীৰ কর্তব্যনিষ্ঠা তথা অশেষ কষ্টৰ বিনিময়ত নতুন চৰকাৰে দায়িত্ব গ্ৰহণ কৰাৰ ১৮ মাহৰ পিছতেই আজি এই প্রকল্প কৰ্মক্ষম হৈ উঠিল। গুৱাহাটী পানী যোগান আঁচনিৰ বাকীকেইটা প্রকল্পৰ কাম-কাজো পূৰ্ণগতিত অব্যাহত থকাৰ কথা উল্লেখ কৰি মন্ত্ৰী সিংহলে কয় যে এই গতি অব্যাহত থাকিলে অহা বছৰটো নাইবা ২০২৪ চনৰ প্রথম তিনি মাহৰ ভিতৰত গুৱাহাটীৰ অধিকাংশ এলেকাৰ ৰাইজক খোৱাপানীৰ সুবিধা প্রদানৰ লক্ষ্যত উপনীত হ’ব পৰা যাব। অনুষ্ঠানত জাপান চৰকাৰৰ ভাৰতস্থ দূতাবাসৰ মিনিষ্টাৰ তথা ডেপুটি চিফ্‌ অৱ মিছন কুনিহিকু কাৱাজু, জাইকা ইণ্ডিয়া কাৰ্যালয়ৰ মুখ্য প্রতিনিধি মিট্‌চুনৰি চাইটু, গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়া, অসম চৰকাৰৰ আয়ুক্ত সচিব কবিতা পদ্মনাভন প্ৰমুখ্যে উচ্চপদস্থ বিষয়াসকল উপস্থিত থাকে।

You May Also Like

More From Author