পঢ়া লৰা-ছোৱালীৰ মগজুৰ শক্তি বৃদ্ধি কৰাৰ দিহা

1 min read

পঢ়া লৰা-ছোৱালীৰ মগজুৰ শক্তি বৃদ্ধি কৰাৰ দিহা:-

খাদ্য-সম্ভাৰ :-

১. এটি বীট কাটি টুকুৰা-টুকুৰ কৰি লওক লগত ১০-১২ টা মান পালেং শাকৰ পাত আৰু ১০-১২ তা কাজু বাদাম লৈ আধা কাপ পানীৰে সৈতে ভালকৈ পিচি লৈ চেকি লওক আৰু ৰাতিপুৱাই প্ৰতিদিনে সেৱন কৰক ।
লগতে এটা বা দুটা পকা কল চেলাই লওক লগত এচামুচ মৌ আৰু কেইটামান বাদাম একেলগে লৈ সদায় গধূলি খাওক।

২. ব্রকলি ৰ তৰকাৰী সপ্তাহত দুই-তিনি সাঁজ গ্ৰহণ কৰক।ব্রকলিত মগজুৰ প্ৰয়োজনীয় কেলচিয়াম, ভিটামিন “C”, ভিটামিন “D ” আৰু ভিটামিন “A” প্ৰচুৰ পৰিমানে থাকে। লগতে আইৰন আৰু প্ৰচুৰ পৰিমাণে কাৰ্বোহাইড্ৰেট থাকে ।

৩. তিয়াই থৈ গঁজালি মেলা বুট-মাহ দৈনিক গ্রহন কৰা।

৪.পদিনা আৰু ব্ৰাহ্মী শাক সপ্তাহত দুই-তিনি সাজ সেৱন কৰা।

৫. লাওৰ গুটি আৰু সূৰ্যমুখী ফুলৰ গুটি বাকলি গুচাই নিয়মিত সেৱন কৰিলে মগজু প্ৰখৰ হয়।

৬. বাদাম মগজুৰ বাবে উত্তম। ইয়াত থকা ভিটামিন “A”, “E” আৰু OMEGA 3 FATTY ACID য়ে মগজুৰ বিষাক্ত দ্রব্য নিষ্কাষণ কৰে।

৭. দৈনিক BLUE BERRY ফল গ্রহণ কৰক।

৮. মগজুৰ বাবে নাৰিকলৰ তেলৰ তৰকাৰী সেৱন কৰক।

মগজু প্ৰখৰ কৰাৰ উপায় :-

১. নিতৌ ৪৫ মিনিট শাৰীৰিক ব্যায়াম কৰক। ব্যায়ামৰ ফলত মগজুত তেজৰ চলাচল বাঢ়িব আৰু মগজুৰ বিষাক্ত দ্ৰৱ্য নিষ্কাষণ হৈ মগজুৰ অৱসাদ দূৰ হব।

২. নিয়মিত ৭-৮ ঘন্টা টোপনি মাৰা।

৩.সদায় কৰি থকা কামবোৰৰ অভ্যাস সলনি কৰি কৰা ,

যেনে:- আপুনি যদিহে সোওহাতেৰে মোবাইল ফোনটো ধৰে বাওঁহাতেৰে ধৰা আৰম্ভ কৰক, দাঁত যদি সোও হাতেৰে মাজে কেতিয়াবা বাওহাতেৰে মাজক । মাজে মাজে দুই-এটা কাম চকু মুদি কৰাৰ আৰম্ভ কৰক (ৰিস্ক নোহোৱা কাম যেনে:- চোলাটো চকু মুদি পিন্ধা, চকু মুদি অংকৰ সূত্ৰ এটা লিখা ) । এনে কৰিলে মনযোগ বৃদ্ধি হয়।

৪.বেছিকৈ সাথৰ ( PUZZLE ) সমাধান কৰক । এনে কৰিলে চিন্তা শক্তি বৃদ্ধি পায়।

৫. যিকোনো বিষয় বস্তু এটা ভালদৰে নিৰীক্ষণ কৰক। এনে কৰিলে স্মৃতি শক্তি বৃদ্ধি হয়।

 

You May Also Like

More From Author